Begin typing your search above and press return to search.

প্ৰসংগঃবান: ক্ষতি পূৰাবলৈ লাগিব এহেজাৰ কোটি টকা

প্ৰসংগঃবান: ক্ষতি পূৰাবলৈ লাগিব এহেজাৰ কোটি টকা

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  25 July 2019 7:53 AM GMT

চলিত বৰ্ষত বান বিভিন্ন বিভাগৰ কৰা ধ্বংসৰ কাৰণে প্ৰয়োজন হ’ব এক বৃহৎ পৰিমাণৰ ধন ৷ এই ধনৰ পৰিমাণ হ’ব পাৰে প্ৰায় ১০০০ কোটি টকা। বুধবাৰে বিত্ত মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই এক উচ্চ স্তৰীয় বৈঠকত প্ৰকাশ কৰে যে ২৪ জুলাইলৈকে ৰাজ্যত হোৱা বানৰ হোৱা ক্ষয় ক্ষতিৰ পৰিমাণ হৈছে ১০০০ কোটি ৷

চৰকাৰে ২৬ জুলাইৰ পৰা হ’ব লগা বিধানসভাৰ সদনত এই প্ৰসংগ উত্থাপন কৰিব। ড° শৰ্মাই পিডব্লিউডীৰ বিভাগত ৩৩৫ কোটি টকাৰ আৱশ্যকতাৰ সম্পৰ্কত মন্তব্য কৰে ৷পিএইচই বিভাগক আৱশ্যক হ’ব ৭০ কোটি টকা,কৃষি বিভাগক আৱশ্যক হ’ব ৩৫ কোটি টকা ৷ইফালে বানত ক্ষতি হোৱা ৩০ টা মথাউৰিৰ মেৰামতিৰ কাৰণে জল সম্পদ বিভাগক অধিক ধনৰ প্ৰয়োজন হ’ব ৷

লগতে কেৱল যে ক্ষতি গ্ৰস্ত হোৱা বান্ধসমূহৰ কিছু পৰিমাণে মেৰামতি কৰিব এনে নহয় ৷এই বান্ধসমূহৰ সম্পূৰ্ণ মেৰামতি কৰিব বিভাগে ৷ এই উচ্চস্তৰীয় বৈঠকত ড° হিমন্ত বিশ্ব শৰ্মা, মন্ত্ৰী কেশৱ মহন্ত,কৃষি মন্ত্ৰী অতুল বৰা,পিএইচই মন্ত্ৰী ৰিহন দৈমাৰী,বন মন্ত্ৰী পৰিমল শুক্লবৈদ্য,ৰাজ্যিক ৰাজহ মন্ত্ৰী ভৱেশ কলিতাকে ধৰি অন্যান্য লোকসকল উপস্থিত আছিল ৷

বানপীড়িতসকলক সহায় কৰিবলৈ উপায়ুক্তসকলক আহ্বান বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ৷ বিত্ত মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই বৃহস্পতিবাৰে উপায়ুক্তসকলক যুদ্ধ সদৃশ পৰিস্থিতিৰে বানত প্ৰভাৱিত লোকসকলক সহায় কৰিবৰ কাৰণে নিৰ্দেশ দিয়ে। বিয়লি উপায়ুক্তসকলৰ লগত হোৱা এখন ভিডিঅ’ কনফাৰেন্স হ’লত এই নিৰ্দেশ প্ৰদান কৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷

ভিডিঅ’ কনফাৰেন্সৰ দিয়া নিৰ্দেশ অনুসৰি উপায়ুক্তসকলক প্ৰতিটো নিৰ্বাচন ক্ষেত্ৰত অতি কমেও ৫ টা চিকিৎসা শিবিৰৰ ওপৰিও আৰু পশু চিকিৎসা শিবিৰৰ আয়োজন কৰাৰ কথা মন্তব্য কৰে ৷ লগতে এনে ধৰণৰ চিকিৎসা শিবিৰ আয়োজন কৰিবলৈ মঞ্জুৰী প্ৰদান কৰাৰ কথা উল্লেখ কৰে। ইফালে প্ৰত্যেক চিকিৎসা শিবিৰক ১ লাখ টকাকৈ প্ৰদান কৰা হোৱাৰ কথা উল্লেখ কৰে ৷ আৰু প্ৰত্যেক পশু চিকিৎসা শিবিৰত ৫০,০০০ টকা প্ৰদান কৰিব।

মানবীয়তা আৰু দায়িত্বৰ ক্ষেত্ৰত আমি বানে প্ৰভাৱিত কৰা লোকসকলৰ সহায়ৰ কাৰণে কেতিয়াও সংকোচ কৰা নাই ৷ বানপানীয়ে যি ক্ষতি কৰিছে সেই ক্ষতিৰ জোৰা মাৰিবলৈ বিত্ত বিভাগৰ লগত পৰ্যাপ্ত পৰিমাণৰ পুঁজি আছে ৷ মন্ত্ৰী ড° শৰ্মাই কয় যে বানাক্ৰান্তৰ মাজত সাহাৰ্য্য বিতৰণ আৰু তেওঁলোকক পুনৰ সংস্থাপন কৰিবলৈ ৰাজ্য চৰকাৰৰ হাতত পুঁজি আছে ৷পূৰ্বে বানাক্ৰান্তই ক্ষয় ক্ষতি পাবলৈ দুবছৰ সময় লাগিছিল ৷

অন্য খবৰৰ বাবে পঢ়ক: বানপীড়িতসকলক সহায় কৰিবলৈ উপায়ুক্তসকলক আহ্বান বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

Next Story
চাকৰি