Begin typing your search above and press return to search.

বানপীড়িতসকলক সহায় কৰিবলৈ উপায়ুক্তসকলক আহ্বান বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

বানপীড়িতসকলক সহায় কৰিবলৈ উপায়ুক্তসকলক আহ্বান বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  19 July 2019 8:44 AM GMT

বানপীড়িতসকলক সহায় কৰিবলৈ উপায়ুক্তসকলক আহ্বান বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ৷ বিত্ত মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই বৃহস্পতিবাৰে উপায়ুক্তসকলক যুদ্ধ সদৃশ পৰিস্থিতিৰে বানত প্ৰভাৱিত লোকসকলক সহায় কৰিবৰ কাৰণে নিৰ্দেশ দিয়ে। বিয়লি উপায়ুক্তসকলৰ লগত হোৱা এখন ভিডিঅ’ কনফাৰেন্স হ’লত এই নিৰ্দেশ প্ৰদান কৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷

ভিডিঅ’ কনফাৰেন্সৰ দিয়া নিৰ্দেশ অনুসৰি উপায়ুক্তসকলক প্ৰতিটো নিৰ্বাচন ক্ষেত্ৰত অতি কমেও ৫ টা চিকিৎসা শিবিৰৰ ওপৰিও আৰু পশু চিকিৎসা শিবিৰৰ আয়োজন কৰাৰ কথা মন্তব্য কৰে ৷ লগতে এনে ধৰণৰ চিকিৎসা শিবিৰ আয়োজন কৰিবলৈ মঞ্জুৰী প্ৰদান কৰাৰ কথা উল্লেখ কৰে। ইফালে প্ৰত্যেক চিকিৎসা শিবিৰক ১ লাখ টকাকৈ প্ৰদান কৰা হোৱাৰ কথা উল্লেখ কৰে ৷ আৰু প্ৰত্যেক পশু চিকিৎসা শিবিৰত ৫০,০০০ টকা প্ৰদান কৰিব।

বানাক্ৰান্তক সাহাৰ্য্য প্ৰদানৰ বাবে সকলো প্ৰকাৰৰ বিত্তীয় সাহাৰ্য্য আগ বঢ়াব বুলিও ভিডিঅ’ কনফাৰেন্সত উপায়ুক্তসকলক কয় মন্ত্ৰী ড° শৰ্মাই । খাদ্য সামগ্ৰী মজুত কৰা,পৰিস্কাৰ খোৱা পানী যোগান ধৰাৰ ব্যৱস্থা কৰাৰ লগতে খাৰিফ শস্য যাতে ২.৪৩ লাখ ক্ষতিগ্ৰস্ত কৃষক ৬৫,৫০০ অঞ্চলত কৰিব পাৰে তাৰ বাবে অতিৰিক্ত পুঁজি যোগান ধৰিব পাৰে বুলি উল্লেখ কৰে । বানত বিদ্যালয়,চিকিৎসালয়,পথ,মথাউৰি কিমান ক্ষতিগ্ৰস্ত হ’ল আৰু আন্তঃগাঁথনি উন্নয়ণৰ বাবে কিমান পুঁজি আৱশ্যক হ’ব সকলো যুগুত কৰি ৰাজহ আৰু দুয়োৰ্গ ব্যৱস্থাপনা বিভাগক নিৰ্দেশ দিয়ে বিত্ত তথা স্বাস্থ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ৷

বুধবাৰে দিছপুৰ জনতা ভৱনত মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই বানৰ সন্দৰ্ভত লোৱা বিভিন্ন আঁচনি সমূহৰ বিষয়ে কয় যে আমি বিভিন্ন বিভাগৰ লগত সাহাৰ্য্য তথা পুঁজিৰ সন্দৰ্ভত বৈঠক অনুষ্ঠিত কৰিছোঁ ৷ আমি বিভাগসমূহৰ ধনৰ পৰিমাণ যাতে কোনো কাৰণতে হ্ৰাস নহয় সেই সম্পৰ্কে জনাইছো ৷এনে ধৰণৰ সাহাৰ্য্যত কোনো ধৰণৰ বুজা বুজি হ’ব নালাগে।

মানবীয়তা আৰু দায়িত্বৰ ক্ষেত্ৰত আমি বানে প্ৰভাৱিত কৰা লোকসকলৰ সহায়ৰ কাৰণে কেতিয়াও সংকোচ কৰা নাই ৷ বানপানীয়ে যি ক্ষতি কৰিছে সেই ক্ষতিৰ জোৰা মাৰিবলৈ বিত্ত বিভাগৰ লগত পৰ্যাপ্ত পৰিমাণৰ পুঁজি আছে ৷ মন্ত্ৰী ড° শৰ্মাই কয় যে বানাক্ৰান্তৰ মাজত সাহাৰ্য্য বিতৰণ আৰু তেওঁলোকক পুনৰ সংস্থাপন কৰিবলৈ ৰাজ্য চৰকাৰৰ হাতত পুঁজি আছে ৷পূৰ্বে বানাক্ৰান্তই ক্ষয় ক্ষতি পাবলৈ দুবছৰ সময় লাগিছিল ৷

অন্য খবৰৰ বাবে পঢ়ক: সাম্প্ৰতিক বান পৰিস্থিতি সন্দৰ্ভত মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিক্ৰিয়া

Next Story
চাকৰি