Begin typing your search above and press return to search.

সাম্প্ৰতিক বান পৰিস্থিতি সন্দৰ্ভত মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিক্ৰিয়া

সাম্প্ৰতিক বান পৰিস্থিতি সন্দৰ্ভত মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিক্ৰিয়া

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  18 July 2019 8:29 AM GMT

সাম্প্ৰতিক বান পৰিস্থিতি সন্দৰ্ভত মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিক্ৰিয়া ৷ বুধবাৰে দিছপুৰ জনতা ভৱনত মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই বানৰ সন্দৰ্ভত লোৱা বিভিন্ন আঁচনি সমূহৰ বিষয়ে কয় যে আমি বিভিন্ন বিভাগৰ লগত সাহাৰ্য্য তথা পুঁজিৰ সন্দৰ্ভত বৈঠক অনুষ্ঠিত কৰিছোঁ ৷ আমি বিভাগসমূহৰ ধনৰ পৰিমাণ যাতে কোনো কাৰণতে হ্ৰাস নহয় সেই সম্পৰ্কে জনাইছো ৷এনে ধৰণৰ সাহাৰ্য্যত কোনো ধৰণৰ বুজা বুজি হ’ব নালাগে।

মানবীয়তা আৰু দায়িত্বৰ ক্ষেত্ৰত আমি বানে প্ৰভাৱিত কৰা লোকসকলৰ সহায়ৰ কাৰণে কেতিয়াও সংকোচ কৰা নাই ৷ বানপানীয়ে যি ক্ষতি কৰিছে সেই ক্ষতিৰ জোৰা মাৰিবলৈ বিত্ত বিভাগৰ লগত পৰ্যাপ্ত পৰিমাণৰ পুঁজি আছে ৷ মন্ত্ৰী ড° শৰ্মাই কয় যে বানাক্ৰান্তৰ মাজত সাহাৰ্য্য বিতৰণ আৰু তেওঁলোকক পুনৰ সংস্থাপন কৰিবলৈ ৰাজ্য চৰকাৰৰ হাতত পুঁজি আছে ৷পূৰ্বে বানাক্ৰান্তই ক্ষয় ক্ষতি পাবলৈ দুবছৰ সময় লাগিছিল ৷

সাহাৰ্য্য প্ৰদানৰ নীতি অনুসৰি বানাক্ৰান্তক শিবিৰৰ পৰা ঘৰলৈ যোৱাৰ সময়ত নগদ ধন দিয়াৰ নিয়ম আছে যদিও আগতে দিয়া হোৱা হোৱা নাছিল ৷ এইবাৰ শিবিৰৰ পৰা ঘৰলৈ ঘূৰি যাওঁতে ৩৮০০ টকাকৈ লাভ কৰিব ৷ সম্পূৰ্ণ ঘৰ ক্ষতি হোৱা সকলে লাভ কৰিব ৯৫০০০ টকা ৷ ড° শৰ্মাই লগতে কয় যে বানত প্ৰায় ১৮ টা বান্ধ চিগি গৈছে। ইয়াৰোপৰি ৩০০ উচ্চতৰ মাধ্যমিক বিদ্যালয়,২০০০ প্ৰাথমিক বিদ্যালয়,এটা পি ডব্লিউ ডি পুল,কিছুমান বাঁহৰ দলং আদি ক্ষতি গ্ৰস্ত হৈছে।

আনহাতে বৈঠকত কৃষি বিভাগে বীজ ক্ৰয়ৰ বাবে ৩৫ কোটি টকা আৰু জলসম্পদ বিভাগে ভগা মথাউৰি মেৰামতিৰ বাবে ২০০ কোটি টকা বিছাৰিছে। তেনেদৰে শেক্ষা বিভাগে ক্ষতি গ্ৰস্ত হোৱা ২০০০ খন বিদ্যালয়ৰ বাবেও পুঁজি বিছাৰিছে ৷ উল্লেখ্য যে অসমৰ বানক কিয় ৰাষ্ট্ৰীয় সমস্যা বুলি ঘোষণা কৰা নাই বুলি সোধা প্ৰশ্নৰ উত্তৰত মন্ত্ৰী ড° শৰ্মাই কয় যে এনেধৰণৰ ঘোষণাই সমস্যা সমাধান নকৰে ৷চীন,ভূটানৰ পৰা অসমলৈ পানী আহে ৷গতিকে আমাৰ ওচৰত দুটা বিকল্প আছে, হয় পানীৰ মাত্ৰাত বন্ধ কৰিব নহয় পানী জমা কৰিব ৷ এই সন্দৰ্ভত কোনো বিজ্ঞানসন্মত ব্যৱস্থা হোৱা নাই বুলি কয় মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই।

ৰাজ্য চৰকাৰে পাঁচটা ৰাজহ চক্ৰক তথা ১৯ খন বানে প্ৰভাৱিত কৰা জিলালৈ সোমবাৰে বানাক্ৰান্ত লোকসকলৰ কাৰণে ২০.১০ কোটি টকাৰ ঘোষণা কৰে। ইয়াৰ পূৰ্বে ৰাজ্য চৰকাৰে তিনিটা পৰ্যায়ত জি আৰ অৰ্থাৎ গ্ৰেচ্যুটী পেকেজ হিছাপে ২৩.৫৩ কোটি টকা প্ৰদান কৰিছিল। বিত্তীয় বৰ্ষ ২০১৯-২০ বৰ্ষত জি.আৰৰ আধাৰত দুৰ্যোগ ব্যৱস্থাপনাৰ আধাৰত ১০০ কোটি টকা আৱন্টিত কৰিছে ।

অন্য খবৰৰ বাবে পঢ়ক: অসম ব্ৰাঞ্চ ইণ্ডিয়ান টী এছোচিয়েশ্যনৰ চাহ বাগিচাসমূহ বানৰ কবলত

Next Story
চাকৰি