অসম ব্ৰাঞ্চ ইণ্ডিয়ান টী এছোচিয়েশ্যনৰ চাহ বাগিচাসমূহ বানৰ কবলত

অসম ব্ৰাঞ্চ ইণ্ডিয়ান টী এছোচিয়েশ্যনৰ চাহ বাগিচাসমূহ বানৰ কবলত

অসম ব্ৰাঞ্চ ইণ্ডিয়ান টী এছোচিয়েশ্যনৰ চাহ বাগিচাসমূহ বানৰ কবলত ৷ অৰুণাচল প্ৰদেশ আৰু অসমত হোৱা ধাৰাষাৰ বৰষুণৰ কাৰণে ব্ৰহ্মপুত্ৰ নদী আৰু অন্যান্য নদীসমূহৰ বানৰ প্ৰকোপ বৃদ্ধি হোৱাত অসমৰ বহু চাহ বাগিচা সম্প্ৰতি পানীৰ তলত ৷এই সময়তে ৰাজ্যৰ চাহ উদ্যোগৰ শ্ৰমিকসকলে কৰ্ম সংস্থাপনৰ কাৰণে আঁচনি তৈয়াৰ কৰিবৰ কাৰণে ৰাজ্য চৰকাৰৰ সমৰ্থন বিচাৰিছে ৷ইফালে ৰাজ্যৰ উদ্যোগসমূহৰ সম্প্ৰতি অৱস্থা শোচনীয় ।

এবিআইটিএৰ সচিব অভিজিৎ শৰ্মাই এক সংবাদ বিজ্ঞপ্তিত কয় যে বৰ্তমান ৰাজ্যত বানৰ বিভীষিকাময় পৰিস্থিতিয়ে উদ্যোগসমূহক সংকটৰ গৰালৈহে ঠেলী দিছে ।যদি সাম্প্ৰতিক পৰিস্থিতিৰ পৰিৱৰ্তন নহয় তেতিয়া অনাগত মাহত চাহ বাগানসমূহৰ চাহ উৎপাদনত প্ৰভাৱ পৰিব ৷উজনি অসমৰ ডিব্ৰুগড় জিলাত বানে প্ৰভাৱিত কৰা চাহ বাগানসমূহৰ ভিতৰত আছে মাইজান গ্ৰীনউড নাগাহ’লী ডিভিজন,হাজিলবেংক,বালিজান আৰু ম’ঠোলা আদি ৷

এই চাহ বাগানসমূহৰ শ্ৰমিকসকলৰ বাসগৃহ আৰু পথসমূহ বানে বিধ্বস্ত কৰে। তিনিচুকীয়া জিলাৰ সকলোতকৈ অধিক বানে প্ৰভাৱিত কৰা চাহ বাগান সমূহৰ ভিতৰত আছে দিনজান,ৰঙাগৰা আৰু ধেলাখাট আদি ৷ ইফালে যোৰহাট জিলাত জুলাই মাহত ১৪০ মিমিটাৰ বৰষূণ হৈছে ৷ লগতে উচ্চ তাপ,বৰষুণৰ পৰিমাণৰ বৃদ্ধি,ৰ’দৰ পৰিমাণ হ্ৰাস আদিয়ে চাহ বাগিচাসমূহত চাহৰ উৎপাদন হ্ৰাস কৰিছে।

গোলাঘাট জিলাৰ পোৱা এক তথ্য অনুসৰি কাগিৰঙা ৰাষ্ট্ৰীয় অভয়াৰণ্যৰ সমীপত থকা হাথিকুলি চাহবাগিচাৰ কাষৰীয়া অঞ্চলৰ লোকসকলে হাথিকুলী চাহ বাগিচাৰ বিদ্যালয়,চাহবাগিচাৰ চিকিৎসালয় আদিত আশ্ৰয় লৈছে ৷ আনহাতে চিকিৎসালয়খনত আশ্ৰয় লোৱা বানপীড়িতসকলৰ কাৰণে বিশুদ্ধ খোৱা পানী ব্যৱস্থা কৰিছে। লগতে বান পীড়িতসকলৰ কাৰণে ২৪ ঘন্টাই বিভিন্ন সা সুবিধাৰ ব্যৱস্থা কৰিছে৷

শোনিত পুৰ জিলাতো এবিআইটিএৰ চাহ বাগানৰ সদস্যসকল বানত প্ৰভাৱিত হৈছে ৷মিজিকাজান চাহ বাগিচাৰ এটা অংশ বানে জলমগ্ন কৰি তোলে ৷নিউ পুৰুপবাৰী,মনমোহিনীপুৰ,নাহৰণি,ৰূপাজুলী আদি অঞ্চলসমূহ জলমগ্ন হৈছে ৷ ইফালে বানপানী চাকমোটাত প্ৰবেশ কৰি সমগ্ৰ অঞ্চলটো জলমগ্ন কৰে। মোনাবেৰীৰ বেহুপুকৰি অঞ্চলটোত গৰাখহনীয়াৰ তথ্য পোৱা গৈছে। বালিজান নদীৰ বৰমহজানত পানী বিপদসীমাৰ ওপৰেৰে বৈ আছে। এক সংবাদ বিবৃত্তি অনুসৰি অঞ্চলটোত যিকোনো সময়তে বানে জলমগ্ন কৰিব পাৰে। দৰং জিলাৰ কপাটি চাহ বাগিচা,উত্তৰ লক্ষীমপুৰৰ চিলনীবাৰী আৰু ডিজু চাহ বাগিচা ইতিমধ্যে বানৰ কবলত পৰিছে ৷

উল্লেখ্য যে বান পৰিস্থিতিয়ে ক্ৰমশঃ জটিল ৰূপ ধাৰন কৰাৰ সময়তে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে কেন্দ্ৰীয় চৰকাৰৰ নিটি আয়োগক স্মাৰন পত্ৰ প্ৰদান কৰি অসমলৈ কেন্দ্ৰীয় প্ৰতিনিধি দল প্ৰেৰণ কৰিবলৈ অনুৰোধ জনাইছিল। ইফালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ২০১৭ চনতে অসমত বান খহনীয়া পৰিস্থিতিৰ ভয়াৱহতা উপলব্ধি কৰি ইয়াৰ স্থায়ী সমাধানৰ বাবে পোষকতা কৰিছিল ৷

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com