শীৰ্ষ বাতৰি

শীঘ্ৰে আৰম্ভ হ'ব অসম-মেঘালয় সংযোগী ধুবুৰী-ফুলবাৰী দলং নিৰ্মাণৰ কাম !  

Sentinel Digital Desk

অসম-মেঘালয়ৰ মাজত যোগাযোগৰ ক্ষেত্ৰত এক নতুন অধ্যায়ৰ সূচনা হোৱাৰ সম্ভাৱনা প্ৰকট হৈছে। ইয়াৰ ইংগিত স্পষ্ট হ'ব পাৰে অহা ২২ আগষ্টত। কালি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ধুবুৰী ভ্ৰমণৰ সময়ত ধুবুৰী-ফুলবাৰী দলং নিৰ্মাণৰ কাম যে অচিৰেই আৰম্ভ হ'ব সেয়া স্পষ্ট কৰিছে।

উল্লেখ্য যে অটল বিহাৰী বাজপেয়ীৰ এন ডি এ চৰকাৰৰ দিনত লোকসভাৰ তদানীন্তন অধ্যক্ষ প্ৰয়াত পি এ চাংমাই প্ৰথমবাৰৰ বাবে ধুবুৰী-ফুলবাৰী দলং নিৰ্মাণৰ দাবী উত্থাপন কৰে। এক সূত্ৰই জনোৱা মতে, চাংমাৰ সপোনৰ দলংখনক বাস্তৱ ৰূপ দিবলৈ আগবাঢ়িছে বৰ্তমানৰ নৰেন্দ্ৰ মোদী নেতৃত্বাধীন চৰকাৰে।ইতিমধ্যে নিবিদা আহ্বান প্ৰক্ৰিয়া আৰম্ভ হৈছে। আন্তৰ্জাতিক পৰ্যায়ত নিবিদা বিচাৰি জাননী প্ৰকাশ কৰা হৈছে। ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মাণ হবলগা এই দলঙৰ দূৰত্ব ১৯.২৮২ কিলোমিটাৰ। সূত্ৰটোৱে জনোৱা মতে, দলংখনৰ নিৰ্মাণৰ দায়িত্ব কোন সংস্থাই পাব সেয়া ২২ আগষ্টৰ দিনৰ ১১ বজাত প্ৰকাশ পাব।

ব্ৰহ্মপুত্ৰৰ ওপৰত সবাতোকৈ দীঘল দলংৰূপে চিহ্নিত হবলগা এই দলঙৰ নিৰ্মাণ ব্যয় ৩,৫৪৮.৫০ কোটি টকা ধাৰ্য কৰা হৈছে। দলংখন নিৰ্মাণৰ বাবে অনলাইনত গ্লোবেল টেণ্ডাৰ প্ৰক্ৰিয়া জুলাই মাহৰ প্ৰথম সপ্তাহৰ পৰাই আৰম্ভ হয়।

এই দলং নিৰ্মাণৰ কাম সম্পূৰ্ণ  হ'লে দেশৰ আন প্ৰান্তৰ পৰা উত্তৰ–পূৰ্বাঞ্চলৰ যোগাযোগৰ এটা নতুন বিকল্প পথ তৈয়াৰ হ'ব।

কাৰণ বৰ্তমানে মেঘালয়ৰ লগতে মিজোৰাম, ত্ৰিপুৰাৰ লগতে অসমৰ বৰাক উপত্যকাকলৈ যাবলৈ গুৱাহাটীৰ বাহিৰে আন পথ নাই। সেয়েহে এই দলংখনৰ সংযোগী ৰাষ্ট্ৰীয় ঘাইপথে পোনে পোনে ধুবুৰীৰ পৰা নংষ্টেইন হৈ শ্বিলং অথবা লাটুইবাইলৈ সংযোগ স্থাপনত সুবিধা দিব।