শীৰ্ষ বাতৰি

তলাবন্ধৰ পূৰ্বে গুৱাহাটীৰ কণ্টেইনমেণ্ট জ'নৰ বাসিন্দাক বয়-বস্তু ক্ৰয়ৰ অনুমতি

Sentinel Digital Desk

অহা দেওবাৰ তথা ২৮ জুনৰ মাজনিশাৰ পৰা গুৱাহাটীত পুনৰ ল'কডাউন বা তলাবন্ধ আৰোপ কৰা হৈছে। এই তলাবন্ধ আৰম্ভ হোৱাৰ পূৰ্বে কণ্টেইমেণ্ট জ'নসমূহৰ বাসিন্দাসকলক অত্যাৱশ্যকীয় সামগ্ৰী ক্ৰয়ৰ অনুমতি দিছে চৰকাৰে।তলাবন্ধ সম্পূৰ্ণ ১৪ দিনৰ বাবে বাহাল থাকিব। ইয়াৰ পৰিপ্ৰেক্ষিতত চৰকাৰে এই ১৪ দিনৰ বাবে প্ৰয়োজনীয় অত্যাৱশ্যকীয় সামগ্ৰী মজুত কৰি ৰখাৰ বাবে অনুমতি প্ৰদান কৰিছে কণ্টেইনমেণ্ট জ'নসমূহৰ বাসিন্দাসকলক।

ৰাজ্যৰ মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণই এক নিৰ্দেশযোগে এই অনুমতি প্ৰদান কৰিছে। এই নিৰ্দেশত মুখ্য সচিবে কয়," মই কামৰূপ মহানগৰৰ উপায়ুক্তক সীমিত সময়ৰ বাবে কণ্টেইনমেণ্ট জ'নসমূহৰ বাসিন্দাসকলক চলন-ফুৰণৰ বাবে অনুমতি দিবলৈ কৰ্তৃত্ব প্ৰদান কৰিছো"। অৱশ্যে বজাৰ-সমাৰ কৰোতে অথবা চলন-ফুৰণ কৰোতে যাতে ৰাজহুৱা স্থানত মানুহে জুম বান্ধিব নোৱাৰে সেয়া নিশ্চিত কৰিবলৈ মুখ্য সচিবে প্ৰশাসনক নিৰ্দেশ দিছে। আনহাতে, এটা টুইটত অসম আৰক্ষীৰ অতিৰিক্ত সঞ্চালকপ্ৰধান(আইন-শৃংখলা)জি পি সিঙে কয়, " অনুগ্ৰহ কৰি জুম নাবান্ধিব। ক'ৱিড-১৯ নিয়ন্ত্ৰণৰ বিধি মানি চলক"।