শীৰ্ষ বাতৰি

ক’ৰ’না মহামাৰীঃ অসমত ৫,৭৮৯ নমুনা পৰীক্ষা, ৩৪জন আক্ৰান্ত চিনাক্ত

Sentinel Digital Desk

প্ৰায় বিশ্বজুৰি মৃত্যুযজ্ঞ আৰম্ভ কৰা ক’ৰ’না মহামাৰীত অসমত বৰ্তমানলৈ ৩৪জন আক্ৰান্ত চিনাক্ত কৰা হৈছে। ইয়াৰে এজনৰ মৃত্যু হৈছে। ৰাজ্যত বৰ্তমানলৈ ৫,৭৮৯ নমুনা পৰীক্ষা কৰা হৈছে। ইয়াৰ সিংহভাগৰ নমুনা পৰীক্ষাত ফলাফল নিগেটিভ ওলাইছে। কিছুসংখ্যক নমুনা পৰীক্ষাৰ প্ৰতিবেদন পৰীক্ষাগাৰৰ পৰা ওলাবলৈ বাকী আছে। আজি এখন সংবাদমেলত এই তথ্য প্ৰকাশ কৰে স্বাস্থ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই। উল্লেখ্য ৰাজ্যৰ ১২ জনৰো অধিক ক’ৰ’না মহামাৰী আক্ৰান্ত সুস্থ হৈছে। আনহাতে, দেশত বৰ্তমানলৈ ২০ হেজাৰ লোক ক’ৰ’না মহামাৰীত আক্ৰান্ত হৈছে বুলি সংবাদমেলত মন্ত্ৰী শৰ্মাই সদৰী কৰে।