শীৰ্ষ বাতৰি

চৌদিশে কান্দোনৰ ৰোলঃ ব্ৰিটেইনত ক’ৰ’নাত মৃতৰ সংখ্যাই স্পৰ্শ কৰিলে ১০হেজাৰৰ ঘৰক

Sentinel Digital Desk

চৌদিশে কান্দোনৰ ৰোলঃ ব্ৰিটেইনত ক’ৰ’নাত মৃতৰ সংখ্যাই স্পৰ্শ কৰিলে ১০হেজাৰৰ ঘৰক

চৌদিশে মাথোঁ কান্দোনৰ ৰোল ! সম্প্ৰতি আমেৰিকা-ব্ৰিটেইনত এনে পৰিৱেশ বিৰাজ কৰিছে ৷ দুয়োখন দেশতে ক’ৰ’না মহামাৰীৰ সংহাৰ বৃদ্ধি পাইছে ৷ শেহতীয়া তথ্য অনুসৰি এই মহামাৰীত ব্ৰিটেইনত প্ৰাণ হেৰুওৱা লোকৰ সংখ্যা ১০হেজাৰ হৈছে ৷ তদুপৰি আক্ৰান্ত হৈছে লক্ষাধিক ৷ আনহাতে, বিশ্বত কমেও এক লাখ লোকৰ মৃত্যু হৈছে ৷ চীনতো বৃদ্ধি পাইছে ক’ৰ’না মহামাৰীত আক্ৰান্তৰ সংখ্যা ৷ ভাৰততো নিতৌ বৃদ্ধি পাইছে ক’ৰ’না মহামাৰীত মৃতৰ সংখ্যা ৷ বৰ্তমানলৈকে কমেও ৩৭০জনে এই ৰোগত প্ৰাণ হেৰুৱাইছে ৷ আক্ৰান্ত হৈছে ১০ সহস্ৰাধিক লোক ৷ এনে জটিল পৰিস্থিতিত আজি প্ৰধানমন্ত্ৰীয়ে চলিত ল’ক-ডাউনৰ ম্যাদ অহা ৩মে’লৈ বৃদ্ধি কৰে ৷

পৰিস্থিতিৰ ভয়াবহতাৰ প্ৰতি লক্ষ্য ৰাখি ভিন্ন ৰাজ্যৰ মুখ্যমন্ত্ৰীসকলেও ল’ক-ডাউন বৃদ্ধিৰ পোষকতা কৰে ৷ এনে অৱস্থাতে আজি, ১৪ এপ্ৰিলৰ পুৱা ১০বজাত প্ৰধানমন্ত্ৰীয়ে পুনৰ দেশবাসীক উদ্দেশি ভাষণ দিয়ে ৷ উল্লেখ্য যে যোৱা শনিবাৰে দেশৰ বিভিন্ন ৰাজ্যৰ মুখ্যমন্ত্ৰীসকলৰ সৈতে এক ভিডিঅ’ কনফাৰেন্সিং বাৰ্তালাপত মিলিত হয় ৷ এই বাৰ্তালাপৰ সময়ত দিল্লীৰ মুখ্যমন্ত্ৰী অৰৱিন্দ কেজৰিৱালসহ ১৩জন মুখ্যমন্ত্ৰীয়ে ল’ক-ডাউন বৃদ্ধিৰ বাবে প্ৰধানমন্ত্ৰীক অনুৰোধ জনায় ৷ তাৰ পাছতে ওড়িছা আৰু পঞ্জাৱ চৰকাৰে অহা ৩০এপ্ৰিললৈকে ল’ক ডাউনৰ ম্যাদ বৃদ্ধি কৰে ৷