Begin typing your search above and press return to search.

দেশৰ যুৱ বিজ্ঞানীসকলক ক’ৰ’নাৰ প্ৰতিষেধক উদ্ভাৱনত নেতৃত্ব দিয়াৰ আহ্বান প্ৰধানমন্ত্ৰী মোদীৰ

দেশৰ যুৱ বিজ্ঞানীসকলক ক’ৰ’নাৰ প্ৰতিষেধক উদ্ভাৱনত নেতৃত্ব দিয়াৰ আহ্বান প্ৰধানমন্ত্ৰী মোদীৰ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  14 April 2020 9:38 AM GMT

দেশৰ যুৱ বিজ্ঞানীসকলক ক’ৰ’নাৰ প্ৰতিষেধক উদ্ভাৱনত নেতৃত্ব দিয়াৰ আহ্বান প্ৰধানমন্ত্ৰী মোদীৰ

প্ৰায় সমগ্ৰ বিশ্বত হাহকাৰ ধ্বনী তোলা ক’ৰ’না মহামাৰীৰ প্ৰতিষেধক উদ্ভাৱনৰ গৱেষণাত দেশৰ যুৱ বিজ্ঞানীসকলক নেতৃত্ব প্ৰদান কৰিবলৈ আহ্বান জনাইছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। আজি পুৱা ১০ বজাত ৰাষ্ট্ৰক উদ্দেশি দিয়া ভাষণত প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে সম্প্ৰতি সমগ্ৰ মানৱ জাতিয়ে এক জটিল পৰিস্থিতিৰ সন্মুখীন হৈছে। ক’ৰ’নাৰ প্ৰতিষেধক উদ্ভাৱনৰ বাবে বিজ্ঞানীসকল অধ্যয়ন-গৱেষণাত ব্ৰতী হৈছে। এনে গৱেষণাত নেতাৰ ভূমিকা লৈ যুৱ বিজ্ঞানীসকল অগ্ৰসৰ হোৱা উচিত। “ বন্ধুসকল।আজি ভাৰতত সম্পদৰ পৰিমাণ সীমিত। আমাৰ দেশৰ যুৱ বিজ্ঞানীসকলক ক’ৰ’নাৰ প্ৰতিষেধক উদ্ভাৱনত নেতৃত্ব প্ৰদান কৰিবলৈ মই বিশেষ অনুৰোধ জনাইছো”।ইপিনে, দেশত ক’ৰ’না মহামাৰীৰ সংহাৰ অব্যাহত আছে। নিতৌ বৃদ্ধি পাইছে মৃতকৰ আৰু আক্ৰান্তৰ সংখ্যা। বৰ্তমানলৈকে সমগ্ৰ দেশত এই মহামাৰীত কমেও ৩৩০জন লোকে প্ৰাণ হেৰুৱাইছে। আক্ৰান্তৰ সংখ্যা প্ৰায় ১০ হেজাৰ হৈছে। এনে অৱস্থাত আজি প্ৰধানমন্ত্ৰী মোদীয়ে অহা তিনি মে’লৈকে তলাবন্ধৰ ম্যাদ বৃদ্ধি কৰে। ইপিনে, ব্ৰিটেইনত মৃতকৰ সংখ্যা ১০ হেজাৰৰ ওচৰা-ওচৰি হৈছে।আমেৰিকা যুক্তৰাষ্ট্ৰতো পৰিস্থিতিৰ শোচনীয় অৱনতি ঘটিছে। মাথোঁ ২৪ ঘণ্টাৰ ভিতৰতে সহস্ৰাধিক লোক মৃত্যুমুখত পৰাৰ লেখীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে।

অন্য খবৰৰ বাবে পঢ়ক: দেশজুৰি তলাবন্ধ: অসমকে ধৰি উত্তৰ-পূবৰ দুখন ৰাজ্যত সুৰাৰ দোকান খোলাৰ অনুমতি

ভিডিঅ প্ৰতক্ষ্য কৰক: SEBA will declare Results of HSLC-High Madrasa within 30 days from repeal of lockdown

Next Story
চাকৰি