Begin typing your search above and press return to search.

দেশজুৰি তলাবন্ধ: অসমকে ধৰি উত্তৰ-পূবৰ দুখন ৰাজ্যত সুৰাৰ দোকান খোলাৰ অনুমতি

দেশজুৰি তলাবন্ধ: অসমকে ধৰি উত্তৰ-পূবৰ দুখন ৰাজ্যত সুৰাৰ দোকান খোলাৰ অনুমতি

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  14 April 2020 7:41 AM GMT

দেশজুৰি তলাবন্ধ: অসমকে ধৰি উত্তৰ-পূবৰ দুখন ৰাজ্যত সুৰাৰ দোকান খোলাৰ অনুমতি । ক’ৰ’না মহামাৰীৰ প্ৰকোপ ৰোধ কৰিবলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰথমে ২১ দিনৰ বাবে দেশজোৰা তলাবন্ধ ঘোষণা কৰে। এই মহামৰীয়ে সৃষ্টি কৰা পৰিস্থিতি সম্প্ৰতি অধিক জটিল হৈ পৰাৰ পৰিপ্ৰেক্ষিতত এই লক-ডাউনৰ সময়সীমা অহা ৩ মে'লৈ বৃদ্ধি কৰা হৈছে। এই সময়চোৱাত দেশৰ শিক্ষানুষ্ঠানকে ধৰি দোকান ব্যৱসায় সকলো বন্ধ আছে । কিন্তু ইয়াৰ বিপৰীতে সোমবাৰৰ পৰা উত্তৰ পূৰ্বাঞ্চলৰ দুই ৰাজ্য মেঘালয় আৰু অসমত সুৰাৰ দোকান খোলাৰ অনুমতি প্ৰদান কৰা হয়। ইয়াৰ পিছত দিল্লী, পশ্চিমবংগ আৰু কৰ্ণাটকেও সুৰাৰ বিপণী খোলাৰ বিশয়ে চিন্তা-চৰ্চা কৰিছে।

ইতিমধ্যে দ্দিল্লী চৰকাৰে তলাবন্ধৰ সময়ত সুৰাৰ বিপণী খোলা সম্পৰ্কে এক প্ৰতিবেদন প্ৰস্তুত কৰিবলৈ নিৰ্দেশনা জাৰি কৰিছে। দিল্লীত ৮৬০ খনতকৈ অধিক সুৰাৰ দোকান আছে তাৰ পৰা বাৰ্ষিক ৫০০০ কোটি টকাৰ আয় হয় । সূত্ৰ অনুসৰি জানিব পৰা মতে, এমাহৰ বাবে লক-ডাউনত সুৰাৰ পৰা ৫০০কোটি টকাৰ ঘাটি হৈছে ।‌

লক্ষ্যণীয় যে মেঘালয়ত সুৰাৰ বিপণী পুনৰ খোলাৰ দিনাই কালি এজন কৱিড-১৯ পজিটিভ ৰোগী চিনাক্ত হয়। এই ৰোগীজনেই হৈছে ৰাজ্যখনৰ প্ৰথমজন কৱিড-১৯ আক্ৰান্ত। আনহাতে, পশ্চিমবংগৰ চৰকাৰে জিলা উপায়ুক্তসকলক সুৰাপায়ীক ঘৰতে সুৰা যোগানৰ ব্যৱস্থা কৰিবলৈ নিৰ্দেশ জাৰি কৰিছে।

উত্তৰ প্ৰদেশ আৰু গোৱাক এই সপ্তাহৰ অন্তত ভাট্টিৰ কাম আৰম্ভ কৰিবলৈ অনুমতি প্ৰদান কৰা হয়। কৰ্ণাটকত কিছু সপ্তাহৰ পৰা সুৰাৰ দোকানত চুৰি কাৰ্য সংঘটিত হৈছে।

অন্য খবৰৰ বাবে পঢ়ক: ক’ৱিড-১৯বিৰোধী যুঁজত দেশবাসীৰ মাজত ‘আমি ভাৰতৰ জনতা’ৰ ছবি ফুটি উঠিছেঃ মোদী

ভিডিঅ প্ৰতক্ষ্য কৰক: SEBA will declare Results of HSLC-High Madrasa within 30 days from repeal of lockdown

Next Story
চাকৰি