শীৰ্ষ বাতৰি

১০ আগষ্টৰ পৰা আৰম্ভ হ'ব কটন বিশ্ববিদ্যালয়ৰ নামভৰ্তি

Sentinel Digital Desk

অৱশেষত উত্কণ্ঠা-আশংকাৰ অৱসান ঘটিল। অহা ১০ আগষ্টৰ পৰা আৰম্ভ হ'ব কটন বিশ্ববিদ্যালয়ৰ নামভৰ্তি। প্ৰাপ্ত তথ্য অনুসৰি অহা ১০ আৰু ১১ আগষ্টত বিশ্ববিদ্যালয়খনৰ কলা আৰু বিজ্ঞান দুয়োটা শাখাতে উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষত ছাত্ৰ-ছাত্ৰীৰ নামভৰ্তি হ'ব। উক্ত দুদিনত পুৱা ৯-৩০বজাৰ পৰা দুপৰীয়া ১-৩০ বজালৈকে অনলাইনত ছাত্ৰ-ছাত্ৰীসকলৰ নামভৰ্তি কৰা হ'ব। অৱশ্যে মূল প্ৰমাণপত্ৰৰ কায়িক পৰীক্ষা সম্পন্ন কৰাৰ পাছতহে ছাত্ৰ-ছাত্ৰীসকলৰ নামভৰ্তি চূড়ান্ত হব।