শীৰ্ষ বাতৰি

ৰাজ্যত চলিত বৰ্ষৰ বানত এহেজাৰ কোটিৰ শস্য নষ্টঃ বৰা

Sentinel Digital Desk

অসমত চলিত বৰ্ষৰ বানত এহেজাৰ কোটি টকাৰ শস্য নষ্ট হয়। অসম বিধানসভাৰ অধিৱেশন কালত এই তথ্য প্ৰকাশ কৰে কৃষি মন্ত্ৰী অতুল বৰাই ৷ অগপ বিধায়ক পবিন্দ্ৰ ডেকাৰ এটা প্ৰশ্নৰ উত্তৰ দি কৃষি মন্ত্ৰী বৰাই কয় যে চলিত বৰ্ষৰ এপ্ৰিলৰ পৰা হোৱা বানত ২.৮লাখ হেক্টৰ কৃষিভূমি বুৰ যায় ৷ ফলত এহেজাৰ কোটি টকাৰ শস্য নষ্ট হয়। এই অভাৱনীয় ক্ষয়-ক্ষতিৰ তথ্য দাঙি ধৰাৰ সময়ত মন্ত্ৰী বৰাই আৰু কয় যে অৱশ্যে বানত কৃষি খণ্ডৰ ক্ষয়-ক্ষতিৰ প্ৰকৃত তথ্য দুৰ্যোগ্য ব্যৱস্থাপনাই মূল্যায়ন সম্পূৰ্ণ কৰাৰ পাছতহে জানিব পৰা যাব ৷

আনহাতে, ক্ষতিগ্ৰস্ত কৃষকক সকাহ দিয়াৰ উদ্দেশ্যে তিনিটা আৰ্থিক প্ৰস্তাৱ উত্থাপন কৰা হৈছে বুলি বৰাই সদৰী কৰে ৷ ইয়াৰে এটা প্ৰস্তাৱ ১৩৯.৬৪ কোটি টকাৰ ৷ আন দুটা প্ৰস্তাৱৰ এটা ৪৫.৩৯ কোটি টকাৰ আৰু আনটো ৩৮.৪৩কোটি টকাৰ ৷ অৱশ্যে চৰকাৰে কৃষকসকলক কৃষি ঋণ ৰেহাই দিয়াৰ কোনো সিদ্ধান্ত গ্ৰহণ কৰা নাই ৷