শীৰ্ষ বাতৰি

দেশী গাৰ্ল প্ৰিয়ংকা চোপ্ৰাৰ জন্মদিনত ৩.৫ লাখ টকাৰ কেক উপহাৰ নিক জোনাছৰ

Sentinel Digital Desk

"দেশী গাৰ্ল" প্ৰিয়ংকা চোপ্ৰায়ে ভৰি দিলে ৩৭ বছৰত । প্ৰিয়ংকা চোপ্ৰাৰ জন্মদিনত এটাৰ পিছত এটা চাৰপ্ৰাইজ স্বামীৰ নিক জোনাছে । নিকে প্ৰিয়ংকাৰ জন্মদিনত পাঁচ তৰপীয়া কেক উপহাৰ দিছে । এই কেকটোৰ দাম কিমান জানেনে? ৩.৫ লাখৰ টকাৰ কেক উপহাৰ দিয়ে প্ৰিয়ংকা চোপ্ৰায়ে ।

কেকটো ৰঙা আৰু সোনালী ৰঙৰ । জন্মদিনৰ দিনৰ দিনা প্ৰিয়ংকা চোপ্ৰায়ে পৰিধান কৰা ৰঙা আৰু সোনালী ৰঙৰ পোছাকৰ লগত মিহলাই এই কেকটো অৰ্ডাৰ দিছিল নিক জোনাছে । কেক তৈয়াৰ কৰা ডিভাইন ডেলিকেচি কেকৰ পৰা চকলেট আৰু ভানিলাৰ ফ্লেভাৰৰ (৫০০০ ডলাৰ ) ৩.৪৫ লাখৰ কেক উপহাৰ দিয়ে।

প্ৰিয়ংকা চোপ্ৰায়ে তেওঁৰ জন্মদিন বন্ধু আৰু পৰিয়ালৰ সৈতে মিয়ামিত জন্মদিন উৎযাপন কৰে । কেক কটাৰ সময়ত প্ৰিয়ংকা চোপ্ৰাক স্বামী নিক জোনাছ, মাতৃ মধু চোপ্ৰা আৰু ভগ্নী পৰিনিতিক দেখিবলৈ পোৱা গৈছে । ফটোত কেকৰ সদৃশ ৰঙৰ ৰঙা আৰু সোনালী ৰঙৰ পোছাক পৰিধান কৰা পৰিলক্ষিত হয় প্ৰিয়ংকা চোপ্ৰাক ।

প্ৰিয়ংকা চোপ্ৰাৰ পোছাক জোৰ ৰঙা গ্লিটাৰ আৰু ডিজাইন কৰা আৰু মুৰত বাৰ্থদে গাৰ্ল লিখা থকা বেন পৰিধান কৰা পৰিলক্ষিত হয় । নিক জোনাছে এটা ভিডিঅ শ্বেয়াৰ কৰে । ভিডিঅটোৰ ওপৰত লিখিছিল " Light of my world. My whole heart . I love you baby. Happy birthday "

পৰিনিতি চোপ্ৰায়েও ইঞ্চটগ্ৰামত প্ৰকাশ কৰে যে, " In Miami with the birthday gurll! Happy bday Mimi didi. There is never gonna be another one like you. "

প্ৰিয়ংকা চোপ্ৰা আৰু নিক জোনাছৰ অবসৰ সময়ৰ বিভিন্ন ফটো ইতিমধ্যে চেয়াৰ কৰিছে ।

কিছুদিনৰ পুৰ্বে প্ৰিয়াংকা চোপ্ৰায়ে ধুম্ৰপান কৰি ফটো দিয়াৰ পিছত চৰ্চা লাভ কৰিছিল |ধুম্ৰপান কৰাত এগৰাকী চেলিব্ৰেট্ৰীৰ কাৰণে ডাঙৰ কথা নহয় যদিও প্ৰিয়াংকা কাৰণে কিন্তু নহয়৷ এইবাৰ হলীউড আৰু বলীউডৰ অভিনেত্ৰী প্ৰিয়াংকা চোপাক মাতৃ মধু চোপ্ৰা আৰু পতি নিক জ’নাছৰ লগত মিয়ামীত ধুম্ৰপান পান কৰি থকা দেখা গ’ল ৷ য’ত প্ৰিয়াংকাই বাৰ্থডে উদযাপন কৰিবলৈ গৈছিল ৷ আৰু এই ফটোখন দেখাৰ পিছত সম্প্ৰতি প্ৰিয়াংকা চোপ্ৰা সমালোচনাৰ সন্মুখীন হৈছে ৷

ফ’টো সমূহত প্ৰিয়াংকাত বিভিন্ন ধৰণৰ মন্তব্যৰে সমালোচিত কৰিছে৷ কাৰণ কেৱল দেৱালীৰ সময়তহে প্ৰিয়াংকাৰ আস্থামা বাঢ়ি যায় ৷কিন্তু বাকী সময়ত ধুম্ৰপান কৰাত প্ৰিয়াংকাৰ কোনো অসুবিধা নহয় । দৰাচলতে বিগত দেৱালীত প্ৰিয়াংকা চোপ্ৰাই এটি ভিডিঅ’ আহিছিল৷ সেই ভিডিঅ’টিত প্ৰিয়াংকা চোপ্ৰাই কয় যে অভিনেত্ৰী গৰাকী হৈছে অস্থামাৰ ৰোগী। গতিকে দীৱালীত ফটকা যাতে নুফুটাই ৷ কাৰণ প্ৰিয়াংকাৰ দৰে আন বহু আস্থামাৰ ৰোগীৰ অসুবিধা হয়।