Begin typing your search above and press return to search.

বিষয়: আস্থামা: ধুম্ৰপান কৰি বিপদত হলীউড আৰু বলীউডৰ অভিনেত্ৰী প্ৰিয়াংকা চোপ্ৰা

বিষয়: আস্থামা: ধুম্ৰপান  কৰি বিপদত হলীউড আৰু বলীউডৰ অভিনেত্ৰী প্ৰিয়াংকা চোপ্ৰা

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  22 July 2019 1:22 PM GMT

ছচিয়েল মিডিয়াত সম্প্ৰতি প্ৰিয়াংকা চোপ্ৰাই সৰ্বত্ৰে চৰ্চা লাভ কৰিছে৷ কাৰণ এটাই, এইবাৰ প্ৰিয়াংকা চোপ্ৰাক দেখা গ’ল ধুম্ৰপান কৰা ৷ ৰ’ব ধুম্ৰপান কৰাত এগৰাকী চেলিব্ৰেট্ৰীৰ কাৰণে ডাঙৰ কথা নহয় যদিও প্ৰিয়াংকা কাৰণে কিন্তু নহয়৷ এইবাৰ হলীউড আৰু বলীউডৰ অভিনেত্ৰী প্ৰিয়াংকা চোপাক মাতৃ মধু চোপ্ৰা আৰু পতি নিক জ’নাছৰ লগত মিয়ামীত ধুম্ৰপান পান কৰি থকা দেখা গ’ল ৷ য’ত প্ৰিয়াংকাই বাৰ্থডে উদযাপন কৰিবলৈ গৈছিল ৷ আৰু এই ফটোখন দেখাৰ পিছত সম্প্ৰতি প্ৰিয়াংকা চোপ্ৰা সমালোচনাৰ সন্মুখীন হৈছে ৷

ফ’টো সমূহত প্ৰিয়াংকাত বিভিন্ন ধৰণৰ মন্তব্যৰে সমালোচিত কৰিছে৷ কাৰণ কেৱল দেৱালীৰ সময়তহে প্ৰিয়াংকাৰ আস্থামা বাঢ়ি যায় ৷কিন্তু বাকী সময়ত ধুম্ৰপান কৰাত প্ৰিয়াংকাৰ কোনো অসুবিধা নহয় । দৰাচলতে বিগত দেৱালীত প্ৰিয়াংকা চোপ্ৰাই এটি ভিডিঅ’ আহিছিল৷ সেই ভিডিঅ’টিত প্ৰিয়াংকা চোপ্ৰাই কয় যে অভিনেত্ৰী গৰাকী হৈছে অস্থামাৰ ৰোগী। গতিকে দীৱালীত ফটকা যাতে নুফুটাই ৷ কাৰণ প্ৰিয়াংকাৰ দৰে আন বহু আস্থামাৰ ৰোগীৰ অসুবিধা হয়।

প্ৰিয়াংকা চোপ্ৰাৰ সমালোচনা কৰা ক্ষেত্ৰত নিৰ্মাণ কৰা ভিডিঅ’সমুহৰ লগতে বিগত বৰ্ষৰ দীৱালীত সময়ত প্ৰিয়াংকাই দিয়া ভিডিঅ’সমূহো তীব্ৰ গতিত ভাইৰেল হৈ পৰিছে। লগতে সম্প্ৰতি প্ৰিয়াংকা চোপ্ৰাৰ বিগত বৰ্ষত ডিচেম্বৰত হোৱা বিয়াৰ সময়ত ফুটোৱা অসংখ্য ফটকাৰ সন্দৰ্ভত সমালোচনাৰ সন্মুখীন হৈছে অভিনেত্ৰীগৰাকী ৷ কাৰণ যদি আস্থামাৰ দ্বাৰা প্ৰিয়াংকা চোপ্ৰাৰ অসুবিধাৰ সন্মুখীন হৈছিল৷তেতিয়া হলে কেনেকৈ বিয়াত ফটকা ফুটালে ৷ লগতে বিগত দুদিনমানৰ পূৰ্বতে উদযাপন কৰা প্ৰিয়াংকা বাৰ্থডেত যথেষ্ট পৰিমাণৰ ফটকা ফুটুৱা দেখা গৈছিল।

ইফালে ছ’চিয়েল মিডিয়াত বিভিন্ন লোকে প্ৰিয়াংকাক ট্ৰ’ল কৰিবলৈ এৰা নাই ৷এজন লোকে কৈছে যে অনাগত দিৱালীলৈ প্ৰিয়াংকা চোপ্ৰা ক্ৰমাৎ সুস্থ হৈ পৰিছে ৷এজনে লিখিছে মৰমৰ দেশবাসী দিৱালীত ফটকা ফুটুৱা বন্ধ কৰক কাৰণ প্ৰিয়াংকা চোপ্ৰাৰ আস্থামা আছে। আন এজনে লিখিছে পিছৰ প্ৰজন্মক ধুম্ৰপান কৰাৰ কাৰণে প্ৰেৰিত কৰাৰ বাবে ধন্যবাদ প্ৰিয়াংকা৷ এজনে লিখিছে প্ৰিয়াংকা চোপ্ৰা আস্থামা আছে ৷ প্ৰিয়াংকাই ধুম্ৰপানক ঘৃণা কৰে ৷ ধুম্ৰপানৰ বিৰুদ্ধে প্ৰিয়াংকা চোপ্ৰা৷কিন্তু প্ৰিয়াংকা চোপ্ৰাই ধুম্ৰপান কৰে ৷ এনেকে কেনেকে হ’ব বউজি।

আনহাতে বলীউড তথা হলীউডৰ অভিনেত্ৰী প্ৰিয়াংকা চোপ্ৰা অসমৰ পৰ্যতন বিভাগৰ বেণ্ড এম্বেচাদৰ আছিল ৷ কিন্তু দুৰ্ভাগ্যজনক ভাৱে অসমৰ কাৰণে এটি টুইট কৰি প্ৰিয়াংকা চোপ্ৰাই নিজৰ দায়িত্ব সামৰণি মাৰিলে ৷ অসমৰ বেণ্ড এম্বেচাডৰ হৈ থকা সময়ত অসমলৈ আহি সময় অতিবাহিত কৰা প্ৰিয়াংকাই অসমৰ কাৰণে কেৱল প্ৰাৰ্থনা কৰিলে৷

ইয়াৰ বিপৰীতে মিয়ামীত প্ৰিয়াংকাই পৰিয়ালৰ লগত নিজৰ জন্ম দিন উদযাপন কৰি আছে । অৱশ্যে নিজৰ জন্মদিন উদযাপন কৰাটো প্ৰিয়াংকা চোপ্ৰাৰ কাৰণে ব্যক্তিগত কথা , কিন্তু এসময়ত অসমৰ বেণ্ড এম্বেচাদৰ হিছাপে থকা প্ৰিয়াংকাই বানাকান্তক অলপ হলেও সাহাৰ্য দিব পাৰিলে হয় ৷ সদ্যহতে প্ৰিয়াংকা চোপ্ৰাৰ ধুম্ৰপানৰ ফ’টোৱে সম্প্ৰতি চৰ্চা লাভ কৰিছে ।

অন্য খবৰৰ বাবে পঢ়ক: ৰাজ্যৰ বানপীড়িতক সহায়ৰ কাৰণে আহ্বান পৰ্যটন বিভাগৰ বেণ্ড এম্বেচাদৰ তথা অভিনেত্ৰী প্ৰিয়াংকা চোপ্ৰাৰ

Next Story
চাকৰি