শীৰ্ষ বাতৰি

গোলাঘাটৰ দলাগুৰি চাহ বাগিচাত হাতী প্ৰতিৰোধৰ বিশেষ ব্যৱস্থা

Sentinel Digital Desk

গোলাঘাটৰ দলাগুৰি চাহ বাগিচাত হাতী প্ৰতিৰোধৰ বিশেষ ব্যৱস্থা জিলাৰ দৈগ্ৰোঙৰ দলাগুৰি চাহ বাগিচাৰ পৰিচালনা সমিতি বিভাগে বন্য হস্তীৰ পৰা পৰিত্ৰাণ পাবৰ কাৰণে কংক্ৰিটৰ জিৰাফৰ মূৰ্তি স্থাপনৰ ব্যৱস্থা কৰিছে ৷ হাতী মানুহৰ মাজত দিনে দিনে বৃদ্ধি হোৱা সংঘাত প্ৰতিৰোধৰ পৰীক্ষামূলক কাৰ্য হিচাপে এই ব্যৱস্থা গ্ৰহণ কৰিছে বাগিচা কৰ্তৃপক্ষই। ইফালে গোলাঘাটৰ বেছিভাগ চাহ বাগিচা নামবৰ দৈগ্ৰোঙ বন্য প্ৰাণী অভয়াৰণ্যৰ পৰিধিৰ অন্তৰ্গতত অৱস্থিত।

ইয়াত উজনি দৈগ্ৰোঙ বন্য প্ৰাণী অভয়াৰণ্য আৰু নামনি দৈগ্ৰোঙ অভয়াৰণ্যও সন্নিবিষ্ট হৈ আছে । নুমলীগড় মৰঙিৰ বেছিভাগ চাহ বাগিচা বন্যহস্তীয়ে সততে উপদ্ৰৱ কৰা অঞ্চলত অৱস্থিত ৷ অন্যহাতে বন্য হস্তীয়ে সততে খাদ্যৰ কাৰণে ধাননি পথাৰত বিচৰণ কৰে ৷যাৰ বাবে অঞ্চলটোৰ জনসাধাৰণৰ মাজত প্ৰায়ে ত্ৰাসৰ সৃষ্টি হয়। দলাগুৰি চাহ বাগিচাৰ পৰিচালনা সমিতিৰ মন্তব্য অনুসৰি বাগিচাখনৰ বন্যাহস্তিৰ অধিক উপদ্ৰৱীত তিনিঠাইত এনেদৰে কংক্ৰিটোৰ জিৰাফৰ মূৰ্তি স্থাপন কৰা হ’ব ৷

চাহ বাগিচাখনৰ কৰ্তৃপক্ষৰ জনোৱা অনুসৰি গুৱাহাটীৰ সোনাপুৰত প্ৰায় ৫০,০০০ টকাৰ কৃত্ৰিম জিৰাফ উপলব্ধ হয়। উল্লেখ্য যে গোলাঘাট জিলাৰ পৰিবেশ সম্পৰ্কীয়া কাম কাজ কৰি অহা বে চৰকাৰী সংগঠন টুস্কৰচ টাস্ক ফৰ্চ (Tuskars Task Force)ৰ সচিব ঋতুৰাজ ফুকনৰ মন্তব্য অনুসৰি চাহ বাগিচাত সংস্থাপিত জিৰাফসমূহক দেখাৰ লগে লগে বন্য হস্তী সমূহৰ মাজত দেখিবলৈ পোৱা গৈছে এক বিশেষ প্ৰতিক্ৰিয়া ৷

ফুকনৰ মতে যোৱা কালি পুৱা বন্য হস্তীৰ এটা জাক ধাননি পথাৰত বিচৰণ কৰিবলৈ আহিছিল ৷কিন্তু আমি প্ৰত্যক্ষ কৰিছিলো যে যেতিয়া প্ৰায় ৫০-৬০ টা বন্য হাতীৰ জাকটোৱে জিৰাফ প্ৰত্যক্ষ কৰাৰ লগে লগে নিজা পথ সলনি কৰি আন পথ লয়। "এই ব্যৱস্থাটো যে বেছিদিন কাম কৰিব আমি তাৰ আশা নকৰো ৷

কাৰণ হাতী বুদ্ধিমান প্ৰাণী৷ এইয়া যে কৃত্ৰিম ভাৱে সংস্থাপন কৰা হৈছে সেয়া কিছু দিনৰ ভিতৰতে হাতীয়ে বুজি উঠিব"- এই মন্তব্য গোলাঘাটৰ বন বিষয়া ভাস্কৰ ডেকাৰ ৷ লগতে ভাস্কৰ ডেকাই ৰাজ্যত সততে বৃদ্ধি পোৱা হাতী মানুহৰ সংঘাত হ্ৰাস কৰিবৰ কাৰণে হাতী সমূহে বিচৰণ কৰিব পৰাকৈ বৃক্ষ ৰোপন আৰু বন্য ভূমি সম্প্ৰসাৰণ কৰিবলৈ জনসাধাৰণ আহ্বান জনায়। গোলাঘাট জিলাৰ অন্য এজন প্ৰকৃতি প্ৰেমী অৰূপ বল্লভ গোস্বামীৰ মতে আফ্ৰিকাৰ হাতীসমূহৰ জিৰাফৰ বৃহৎত্তৰ শৰীৰৰটো দেখি ভয় কৰিব পাৰে ৷কিন্তু আমাৰ হাতী সমূহৰ এছিয়াৰ। এছিয়ান হাতীয়ে নিজৰ জীৱন কালত কেতিয়াও জিৰাফ দেখি পোৱা নাই ৷

গতিকে হাতীয়ে জিৰাফৰ বিৰুদ্ধে প্ৰতিক্ৰিয়া কৰিব পাৰে। বন্য প্ৰাণী বিশেষজ্ঞ ড° ৰাজীৱ বসুমতাৰীৰ মন্তব্য অনুসৰি হাতীসমূহ অতিকৈ বুদ্ধিমান ৷ লগতে হাতীয়ে গোন্ধৰ জৰিয়তে সহজতে চিনাক্ত কৰিব পৰা শক্তি অতি প্ৰখৰ ৷ এটা হাতীয়ে অন্য এটা হাতীৰ উপস্থিতিৰ প্ৰমাণ গোন্ধৰ জৰিয়তে পাব পাৰে । ইয়াৰ বিপৰীতে সংস্থাপিত কৰা কংক্ৰিটোৰ জিৰাফসমূহৰ কোনো গোন্ধ নাই ৷ গতিকে তেওঁলোকে অনতি পলমেই তাৰ বিষয়ে জানিব পাৰিব।

উল্লেখ্য যে বিগত পাঁচ মাহত গোলাঘাট জিলাৰ নুমলীগড় মৰঙি অঞ্চলত জনাঞ্চলত হাতীয়ে প্ৰবেশ কৰি ধন, জন,খাদ্যৰ বিস্তৰ ক্ষতি কৰিছে। কিন্তু সাম্প্ৰতিক সময়লৈকে হাতী মানুহৰ সংঘাত ৰোধৰ বাবে কোনো দীৰ্ঘকালীন সমাধান ওলোৱা নাই। কিন্তু হাতী মানুহৰ সংঘাত প্ৰশমিত কৰিবৰ কাৰণে এটি ৰাষ্ট্ৰীয় নীতিৰো প্ৰয়োজন।বন বিভাগৰ উপৰিও কৃষি বিভাগ,বীমা কম্পেনী,জীৱ বিজ্ঞানী আদি সকলোৰে সহযোগিতা কৰিলেহে ইয়াৰ এটি স্থায়ী সমাধান ওলাব বুলি বিভিন্ন পৰিবেশ কৰ্মীয়ে মন্তব্য কৰিছে।

ভিডিঅ প্ৰতক্ষ্য কৰক : Women organisations staged protest against alleged Drug Addiction in Kampur