Begin typing your search above and press return to search.

ৰাজ্যিক সমন্বয় প্ৰতীক হাজেলাৰ বদলিৰ ক্ষেত্ৰত কেন্দ্ৰই বিছাৰিলে সময়

ৰাজ্যিক সমন্বয় প্ৰতীক হাজেলাৰ বদলিৰ ক্ষেত্ৰত কেন্দ্ৰই বিছাৰিলে সময়

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  25 Oct 2019 8:03 AM GMT

ৰাজ্যিক সমন্বয় প্ৰতীক হাজেলাৰ বদলিৰ ক্ষেত্ৰত কেন্দ্ৰই বিছাৰিলে সময় । ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ ৰাজ্যিক সমন্বয় প্ৰতিক হাজেলাৰ বদলিৰ ক্ষেত্ৰত উচ্চতম ন্যায়ালয়ৰ পৰা কেন্দ্ৰই বিছাৰিছে সময় । ৰাজ্যিক সমন্বয় প্ৰতিক হাজেলাক অসমৰ পৰা মধ্য প্ৰদেশলৈ বদলি কৰা হৈছিল ।

যোৱা ১৮ অক্টোবৰ তাৰিখে দেশৰ সৰ্বোচ্চ আদালতে ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ ৰাজ্যিক সমন্বয় প্ৰতিক হাজেলাক ৭ দিনৰ ভিতৰত বদলিৰ নিৰ্দেশ দিছিল । সেই মৰ্মে ২৫ অক্টোবৰ ভিতৰত হাজেলাৰ বদলিৰ প্ৰক্ৰিয়া সম্পন্ন কৰাৰ কথা আছিল ।

উল্লেখযোগ্য যে এন আৰ চি সম্পৰ্কীয় শুনানিৰ সময়ত উচ্চতম ন্যায়ালয়ে প্ৰতিক হাজেলাক মধ্য প্ৰদেশলৈ ইন্টাৰ কেডাৰ ডেপুটেচন যোগে সৰ্বাধিক সময়ৰ বাবে বদলিৰ নিৰ্দেশ দিছিল ।

আনহাতে মঙ্গলবাৰে কেন্দ্ৰই ৰাজ্যিক সমন্বয় প্ৰতিক হাজেলাৰ বদলি প্ৰক্ৰিয়াৰ‌ বাবে এতিয়াও কিছু আনুষ্ঠানিকতা বাকী আছে বুলি উচ্চতম ন্যায়ালয়ৰ পৰা সময় বিচাৰি আৱেদন জনায় ।

কেন্দ্ৰত প্ৰতিনিধিত্ব কৰা অধিবক্তাই ১৯৯৫ চনৰ অসম মেঘালয় কেডাৰৰ আই এ‌ এচ বিষয়া গৰাকীক বদলিৰ ক্ষেত্ৰত আৰু অধিক সময় লাগিব দেশৰ সৰ্বোচ্চ আদালতক অৱগত কৰে ।

অৱশ্যে প্ৰতিক হাজেলাৰ বদলিৰ বাবে আৰু কিমান সময়ৰ প্ৰয়োজন হব সেই বিষয়ে কেন্দ্ৰীয় চৰকাৰক প্ৰতিনিধিত্ব কৰা অধিবক্তা গৰাকীয়ে কোনো কাৰন উল্লেখ কৰা নাই ।

উল্লেখযোগ্য যে ৩১ আগষ্টত প্ৰকাশ পোৱা ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ তালিকাৰ পৰা মুঠ ১৯ লাখ মানুহৰ নাম বাদ পৰিছিল । তাৰোপৰি বাদ পৰা লোক সকলক বিদেশী ন্যায়াধীকৰত আৱেদন জনাবলৈ ১২০ দিনৰ সময়সীমা বান্ধি দিয়া হৈছিল । তাৰ পূৰ্বে বাদ পৰাৰ কাৰনৰ এখন তালিকা উল্লেখ কৰা কথা আছিল য'ত লোক সকলৰ নাম ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ তালিকাৰ পৰা বাদ পৰা কাৰন সমূহ উল্লেখ থাকিব ।

তথ্য অনুসৰি ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ বাবে ৩,৩০,২৭,৬৬১ জন‌ মানুহে আৱেদন জনাইছিল । তাৰ ভিতৰত ৩,১১,২১,০০৪ জন মানুহৰ নাম ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীত অন্তৰ্ভুক্ত হোৱাৰ‌ লগতে ১৯,০৬,৬৫৭ জন লোকৰ নাম বাদ পৰিছিল ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ তালিকাৰ পৰা ।

তাৰোপৰি দেশৰ সৰ্বোচ্ছ ন্যায়লয়ে ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ ৰাজ্যিক সমন্বয় প্ৰতিক হাজেলাৰ বদলিৰ কোনো কাৰন উল্লেখ কৰা নাছিল । সম্ভৱত ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী সংক্ৰান্তীয় কাৰনৰ বাবে প্ৰতিক হাজেলাক মধ্য প্ৰদেশলৈ বদলি কৰা হৈছিল ।

লগতে দেশৰ সৰ্বোচ্চ ন্যায়ালয়ে ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ চূড়ান্ত তালিকা প্ৰকাশৰ তাৰিখ ২৬ নৱেম্বৰ বুলি উল্লেখ কৰিছে ।

অন্য খবৰৰ বাবে পঢ়ক: উপ নিৰ্বাচনৰ চাৰিটা সমষ্টিৰ তিনিটা সমষ্টিয়েই বিজেপি দখলত

ভিডিঅ প্ৰতক্ষ্য কৰক : Women organisations staged protest against alleged Drug Addiction in Kampur

Next Story
চাকৰি