উপ নিৰ্বাচনৰ চাৰিটা সমষ্টিৰ তিনিটা সমষ্টিয়েই বিজেপি দখলত

উপ নিৰ্বাচনৰ চাৰিটা সমষ্টিৰ তিনিটা সমষ্টিয়েই বিজেপি দখলত

উপ নিৰ্বাচনৰ চাৰিটা সমষ্টিৰ তিনিটা সমষ্টিয়েই বিজেপি দখলত । ৰাজ্যৰ চাৰিটা বিধান সভা সমষ্টিৰ উপ নিৰ্বাচনত তিনিটা সমষ্টিতেই ভাৰতীয় জনতা পাৰ্টীয়ে জয়লাভ কৰিছে । লগতে এ‌ আই ইউ ডি এফ ১ খন আসন লাভ কৰাৰ বিপৰীতে কংগ্ৰেছ দলে এখনো আসন লাভ নকৰে ২১ অক্টোবৰ তাৰিখে অনুষ্ঠিত হোৱা উপ - নিৰ্বাচনত ।

ৰাতাবাৰী : ইলেকচন কমিচন অফ ইণ্ডিয়াই ঘোষণা কৰা উপ নিৰ্বাচনৰ ফলাফল অনুসৰি ৰাতাবাৰী সমষ্টিৰ উপ নিৰ্বাচনত ২৪,০০১ টা ভোটত বিজয় সাব্যস্ত কৰে বিজেপি প্ৰাৰ্থী বিজয় মালাকৰে । এই উপ নিৰ্বাচনত বিজেপি প্ৰাৰ্থী জনে কংগ্ৰেছ প্ৰাৰ্থী কেশৱ প্ৰসাদ ৰাজক পৰাস্ত কৰে । ৰাতাবাৰী উপ নিৰ্বাচনত মুঠ ৪ জন প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দিতা আগবঢ়াইছিল । এই উপ- নিৰ্বাচনত বিজেপি‌ প্ৰাৰ্থী‌ বিজয় মালাকৰে ৬৮,৪৫৫ টা (৫৯%১৫) ভোট লাভ কৰাৰ লগতে কংগ্ৰেছ প্ৰাৰ্থী কেশৱ প্ৰসাদ ৰজতে ৪৪,৪৫৪ (৩৮.৪১%) টা ভোট লাভ কৰে ।

ৰঙাপাৰা : ৰঙাপাৰা‌ সমষ্টিৰ উপ নিৰ্বাচনত বিজেপি প্ৰাৰ্থী ৰাজেন বৰঠাকুৰে ৪৯,৫৯৯ টা ভোটৰ ব্যৱধানত জয় লাভ কৰিবলৈ সক্ষম হয় । লগতে ৰঙাপাৰা সমষ্টিৰ বিজয়ী প্ৰাৰ্থী ৰাজেন বৰঠাকুৰে কংগ্ৰেছ প্ৰাৰ্থী কাৰ্তিক কুমাৰিক পৰাস্ত কৰে । উল্লেখযোগ্য যে ৰঙাপাৰা সমষ্টিৰ উপ নিৰ্বাচনত বিজেপি প্ৰাৰ্থী ৰাজেন বৰঠাকুৰে ৭৮,৩০১ (৬৬.৩২%) টা ভোট লাভ কৰাৰ লগতে কংগ্ৰেছ প্ৰাৰ্থী কাৰ্তিক কুমাৰিয়ে ২৮,৭০২ ( ২৪.৩১%) টা ভোট লাভ কৰে ।

সোনাৰি : সোনাৰি বিধানসভা সমষ্টিৰ উপ নিৰ্বাচনৰ ফলাফল অনুসৰি বিজেপি প্ৰাৰ্থী নৱনিতা সন্দিকৈয়ে মুঠ ১৫,৪৩০ টা ভোটৰ ব্যৱধানত জয় লাভ কৰে । লগতে এই উপ নিৰ্বাচনত বিজেপি প্ৰাৰ্থী নৱনিতা সন্দিকৈয়ে কংগ্ৰেছ প্ৰাৰ্থী সুশীল কুমাৰ চূড়ীক পৰাস্ত কৰে । এই উপ নিৰ্বাচনত বিজেপি প্ৰাৰ্থী নৱনিতা সন্দিকৈয়ে মুঠ ৬৬,৬৯৪ ( ৫৪.৫৮%) টা ভোট লাভ কৰাৰ বিপৰীতে কংগ্ৰেছ প্ৰাৰ্থী সুশীল কুমাৰ চূড়ীয়ে ৫১,২৬৮ ( ৪১.৯৫%) টা ভোট লাভ কৰে ।

জনিয়া : জনিয়া সমষ্টিত এ আই ইউ ডি এফে বিজয় লাভ কৰাৰ লগতে দ্বিতীয় স্থানত থাকে কংগ্ৰেছ । জনিয়া সমষ্টিত এ আই ইউ ডি এফে ৩৫,১৪১ টা ভোটৰ ব্যৱধানত জয় লাভ কৰে ।

জনিয়া সমষ্টিত কমেও ৯ জন প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দিতা আগবঢ়াইছিল । এই উপ নিৰ্বাচনত এ‌ আই ইউ ডি এফৰ প্ৰাৰ্থী ৰফিকুল ইছলামে লাভ কৰে ৮১,৭৮০ (৫৪.৩৫%) টা ভোট, কংগ্ৰেছ প্ৰাৰ্থী ছামচুল হকে ৪৬,৬৯৩ ( ৩০.৯৯%) টা ভোট লাভ কৰে ।

ভিডিঅ প্ৰতক্ষ্য কৰক : Segun Wooden Logs worth Rs 70,000 seized in Lanka

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com