এন আৰ এল সম্পৰ্কত মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ বিচাৰিলে সাহিত্য সভাই

এন আৰ এল সম্পৰ্কত মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ বিচাৰিলে সাহিত্য সভাই

এন আৰ এল সম্পৰ্কত মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ বিচাৰিলে সাহিত্য সভাই ।কেন্দ্ৰীয় চৰকাৰে নুমলীগড় শোধনাগাৰটো ব্যক্তিগত খণ্ডৰ হাতত তুলি দিব বিচৰা প্ৰস্তাৱ বাতিল কৰিবলৈ মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ বিচাৰিলে অসম সাহিত্য সভাই । মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাললৈ যোৱা দেওবাৰে লিখা এখন পত্ৰত অসম সাহিত্য সভাই যি কোনো মূল্যৰ বিনিময়ত শোধনাগাৰটো ব্যক্তিগত খণ্ডলৈ যোৱাৰ পৰা ৰক্ষা কৰিবলৈ অনুৰোধ কৰে ।

সভাৰ সভাপতি পৰমানন্দ ৰাজবংশীয়ে মুখ্যমন্ত্ৰী সোণোৱাললৈ প্ৰেৰণ কৰা কৰা পত্ৰত উল্লেখ কৰে নুমলিগড় তেল শোধনাগাৰে এক ত্যাগৰ ইতিহাস বহন কৰি আছে। এই শোধনাগাৰটো অসম আন্দোলনৰ শ শ ডেকাৰ প্ৰাণৰ বিনিময়ত অসমবাসীয়ে লাভ কৰিছে। অসম সাহিত্য সভাৰ পত্ৰত মুখ্যমন্ত্ৰীক উনুকিয়াই দিয়ে যে নুমলিগড় তেল শোধনাগাৰ অসম চুক্তিৰ আধাৰত‌ ১৯৮৫ চনত স্থাপন হৈছিল । ছয় বছৰ ধৰি চলা অসম আন্দোলনত প্ৰায় ৮৫৫ জন ব্যক্তি ছহিদ হৈছিল । সেয়ে এই ত্যাগৰ বিনিময়ত স্থাপন হোৱা নুমলিগড় তেল শোধনাগাৰৰ ক্ষেত্ৰত অসমৰ মানুহৰ আৱেগ জড়িত হৈ আছে। তাৰোপৰি এই নুমলিগড় তেল শোধনাগাৰটোৱে অসমত ঔদ্যোগিক ক্ষেত্ৰত এক নতুন মাত্ৰা প্ৰদান কৰিছে ।

আনহাতে ভাৰত পেট্ৰলিয়াম কৰ্পৰেচন লিমিটেড অৰ্থাৎ বি পি চি এলে নুমলিগড় তেল শোধনাগাৰ ক্ষেত্ৰত বিনিয়োগ নকৰা আৰু বি পি চি এলৰ ৬১.৬৫ শতাংশ ব্যক্তিগত খণ্ডৰ হাতত গতাই দিয়া যি প্ৰক্ৰিয়া আৰম্ভ হৈছে তাক ততালিকে বন্ধ কৰাৰ দাবী জনায় সাহিত্য সভাই ।

ড° পৰমানন্দ ৰাজবংশীয়ে কয় যে নুমলিগড় তেল শোধনাগাৰ অসমৰ সামাজিক, সাংস্কৃতিক আৰু অসমৰ জীৱন ধাৰনৰ‌ সৈতে জড়িত হৈ আছে ।

অসম সাহিত্য সভা ৰাজ্যৰ সাহিত্য ক্ষেত্ৰৰ সৰ্ববৃহৎ অনুষ্ঠান । সভাপতি ৰাজবংশীয়ে কয় যে কেন্দ্ৰই নুমলিগড় তেল শোধনাগাৰ ব্যক্তিগত কৰন কৰাৰ বিৰুদ্ধে অসম সাহিত্য সভাই বৃহৎ প্ৰতিৰোধৰ গঢ়ি তুলিব।

ভিডিঅ প্ৰতক্ষ্য কৰক : Segun Wooden Logs worth Rs 70,000 seized in Lanka

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com