Begin typing your search above and press return to search.

গুৱাহাটী সত্ৰ‌ ন্যায়াধীশ আদালতৰ সন্মুখত দীঘলীয়া শাৰী ; কিহৰ বাবে ভৰি পৰিছে আদালত

গুৱাহাটী সত্ৰ‌ ন্যায়াধীশ আদালতৰ সন্মুখত দীঘলীয়া শাৰী ; কিহৰ বাবে ভৰি পৰিছে আদালত

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  19 Oct 2019 1:23 PM GMT

গুৱাহাটী সত্ৰ‌ ন্যায়াধীশ আদালতৰ সন্মুখত দীঘলীয়া শাৰী ; কিহৰ বাবে ভৰি পৰিছে আদালত ।দেশৰ লগতে ৰাজ্যতো পহিলা ছেপ্টেম্বৰৰ পৰা কাৰ্যকৰি কৰা হল নতুন যান-বাহন আইন ২০১৯। নতুন আইনখন কাৰ্যকৰী হোৱাৰ পাছতে আইন ভংগকাৰী লগতে বাহনৰ প্ৰয়োজনীয় নথি-পত্ৰ নথকাৰ বাহনৰ গৰাকী সকলে সন্মুখীন হৈছে বিভিন্ন সমস্যাৰ ।

নতুন যান বাহন আইন ২০১৯ ৰ ভিত্তিত ভৰিব লগা হৈছে মোটা অংকৰ জৰিমনা । অনুজ্ঞাপত্ৰৰ নথকা , বিভিন্ন জৰুৰীকালীন বাহনক ৰাস্তা এৰি নিদিয়া , হেলমেট পৰিধান নকৰা আদি বিভিন্ন নিয়মৰ ভিত্তিত প্ৰনয়ন কৰা হৈছে নতুন যান বাহন আইন । এই আইন ভংগ কৰাৰ ক্ষেত্ৰত সৰ্বাধিক ১০,০০০ টকা জৰিমনাৰ ব্যৱস্থা আছে । আনহাতে আকৌ বহুসংখ্যক বাহনৰ গৰাকীয়ে ৰাজপথত জৰিমনা ভৰিব নোৱাৰা অপৰাধত আইন অমান্য কৰা বাহনৰ গৰাকীৰ সকলক পোনপটীয়া ভাৱে আদলতলৈ প্ৰেৰণ কৰে।সেই অনুসৰি বাহনৰ গৰাকী সকলে আদালতত গৈ ভৰিব লাগে জৰিমনা।

শনিবাৰে গুৱাহাটীৰ সত্ৰ ন্যায়াধীশৰ আদালত যান বাহন আইন অমান্য কৰা গৰাকী সকলক জৰিমনা বিহাৰ বাবে পঠোৱা হয় লোক আদালত।উক্ত লোক আদালত দেখিবলৈ পোৱা যায় পূৰ্বতে নেদেখা এক পৰিৱেশ।কিয়নো জিলা সত্ৰ ন্যায়াধীশৰ আদালতৰ সন্মুখত গৰাকী সকলে আইন অনুসৰি জৰিমনা দিয়াৰ বাবে ধৰিব লগা হৈছে এক দীঘলীয়া শাৰী। পুৱাৰ পৰা আৰম্ভ হোৱা লোক আদলতলৈ আহি বহুজনে বিয়লিলৈকে দিব পৰা জৰিমনা।কিয়নো প্ৰায় এক হাজাৰো অধিক বাহনৰ গৰাকীয়ে দিব আহিছে জৰিমনা ।

উল্লেখ যে কোনোৱে যদি গাড়ী চলাওতে চিট বেল্ট নথকা বাবে জৰিমনা ভৰিছে, কোনোৱে আকৌ হেলমেট ,গাড়ী চলোৱা অনুজ্ঞাপত্ৰ নথকাৰ বাবে লোক আদালতত গৈ ভৰিব লগা হৈছে জৰিমনা।

ইফালে পুৱাৰ পৰা জৰিমনা দিয়াৰ বাবে দীঘলীয়া শাৰীত থিয় হৈ দুপৰীয়া লৈকে আদালতৰ প্ৰৱেশ কৰিব নোৱাৰি ক্ষোভ প্ৰকাশ কৰিছে । জৰিমনা ভৰিব অহা লোক সকলে কয় যে "নতুন আইনখন হৈছে ঠিকে কিন্তু জৰিমনা লোৱা ব্যৱস্থাতো কিছু সংশোধন কৰিব লাগে"। ইয়াৰ উপৰিও কোনোৱে কয় য যদিহে গাড়ী আৰু মটৰ চাইকেলৰ জৰিমনাতো বেলেগ বেলেগকৈ লোক আদলতত লোৱা ব্যৱস্থা কৰিলে জনসাধাৰন কষ্টতো কিছু লাঘৱ হলহেতেন ।

অন্য খবৰৰ বাবে পঢ়ক: গুৱাহাটী প্ৰেছ ক্লাবত ড° মৌচুমী বৰদলৈ হাজৰিকাৰ তিৱা জনজাতিৰ গ্ৰন্থ উন্মোচন

ভিডিঅ প্ৰতক্ষ্য কৰক : Watch | State Finance Minister Himanta Biswa Sarma dances on the beats of ‘Jhumur’ in Rangapara

Next Story
চাকৰি