গুৱাহাটী প্ৰেছ ক্লাবত ড° মৌচুমী বৰদলৈ হাজৰিকাৰ তিৱা জনজাতিৰ গ্ৰন্থ উন্মোচন

গুৱাহাটী প্ৰেছ ক্লাবত ড° মৌচুমী বৰদলৈ হাজৰিকাৰ তিৱা জনজাতিৰ গ্ৰন্থ উন্মোচন

গুৱাহাটী প্ৰেছ ক্লাবত ড° মৌচুমী বৰদলৈ হাজৰিকাৰ তিৱা জনজাতিৰ গ্ৰন্থ উন্মোচন ।শুকুৰবাৰে গুৱাহাটী প্ৰেছ ক্লাবত বিভিন্ন গ্ৰন্থ , আলোচনী , বাতৰি কাকত প্ৰকাশ পোৱা ১৭ টা গৱেষণা মূলক প্ৰৱন্ধৰে " চিন্তাৰ প্ৰয়াস : বেজবৰুৱাৰ পৰা হীৰুদালৈ " গ্ৰন্থ খন উন্মোচন কৰা হয় । এই গ্ৰন্থখন ৰচনা কৰে গুৱাহাটীৰ কৰ্মশ্ৰী হিতেশ্বৰ শইকীয়াই মহাবিদ্যালয়ৰ উপাধ্যক্ষ তথা বিভাগীয় মুৰব্বী ড° মৌচুমী বৰদলৈ হাজৰিকাই ।

" চিন্তাৰ প্ৰয়াস : বেজবৰুৱাৰ পৰা হীৰুদালৈ" গ্ৰন্থ খনৰ লগতে ড° মৌচুমী বৰদলৈ হাজৰিকাৰ তিৱা জনজাতিৰ পাহাৰীয়া সমাজৰ নীতি নিয়ম সমৃদ্ধ আন এখন গ্ৰন্থ " কাৰ্বি আংলং জিলাৰ পাহাৰীয়া তিৱাসকলৰ সমাজ আৰু সংস্কৃতি " ও উন্মোচন কৰা হয় । এই গ্ৰন্থখন বিশ্ববিদ্যালয় অনুদান আয়োগৰ অধীনত ড° মৌচুমী বৰদলৈ হাজৰিকাই গৱেষণা প্ৰকল্পৰ আধাৰ লৈ " কাৰ্বি আংলং জিলাৰ পাহাৰীয়া তিৱাসকলৰ সমাজ আৰু সংস্কৃতি " শীৰ্ষক গ্ৰন্থ খন লিখি উলিয়ায় । এই গ্ৰন্থখনত পশ্চিম কাৰ্বি আংলংৰ তিৱা সকলৰ সমাজ সংস্কৃতিৰ ওপৰত আধাৰিত ।

" চিন্তাৰ প্ৰয়াস : বেজবৰুৱাৰ পৰা হীৰুদালৈ " শীৰ্ষক গ্ৰন্থ খন উন্মোচন কৰে বিশিষ্ট সাংবাদিক তথা সাহিত্যক অনুৰাধা শৰ্মা পূজাৰীয়ে । লগতে আন এখন গ্ৰন্থ " কাৰ্বি আংলং জিলাৰ পাহাৰীয়া তিৱাসকলৰ সমাজ আৰু সংস্কৃতি " গ্ৰন্থ খন উন্মোচন কৰে পাহাৰীয়া তিৱা সংস্কৃতিৰ ভাষাবিদ মহেশ্বৰ পাতৰে ।

উক্ত উন্মোচনী সভাত বিশিষ্ট সাংবাদিক তথা সাহিত্যক অনুৰাধা শৰ্মা পূজাৰীয়ে দৰ্শকক সমাজত সৃষ্টি হোৱা বিভিন্ন সমস্যা যিয়ে মানৱ সমাজৰ মাজত বাধা প্ৰদান কৰে , সেই সমূহ সমস্যা ৰোধ কৰাৰ ক্ষেত্ৰত ভাষন প্ৰদান কৰে ।

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com