শীৰ্ষ বাতৰি

ছ'চিয়েল মিডিয়াত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰীক্ষা বাতিলৰ ভুৱা জাননী

অহা ২২ছেপ্টেম্বৰৰ পৰা ১৫ অক্টোবৰলৈ বি এ, বি এছ চি আৰু বি কমৰ চূড়ান্ত ষান্মাসিকৰ পৰীক্ষা অফলাইনত অনুষ্ঠিত কৰিব।

Sentinel Digital Desk

গুৱাহাটী বিশ্ববিদ্যালয়ে এই মাহতে অনুষ্ঠিত কৰিবলৈ লোৱা পৰীক্ষাসমূহ বাতিল কৰা বুলি উল্লেখ থকা ভুৱা জাননী ছ'চিয়েল মিডিয়াত ব্যাপক প্ৰচাৰ হৈছে ৷ এই ভুৱা জাননীত বিশ্ববিদ্যালয়খনৰ আগন্তুক বি এ আৰু বি এছ চি পৰীক্ষা বাতিল কৰা বুলি অসাধু চক্ৰই প্ৰচাৰ চলাইছে ৷ ইয়াৰ বিপৰীতে বিশ্ববিদ্যালয়ৰ সূত্ৰই জানিবলৈ দিছে বিশ্ববিদ্যালয়খনৰ কোনো পৰীক্ষা বাতিল কৰা নাই ৷

উল্লেখ্য যে ক'ৰ'নাৰ বিভীষিকাৰ মাজতো গুৱাহাটী বিশ্ববিদ্যালয়ে বিশ্ববিদ্যালয়খনৰ অধীনৰ কলেজসমূহৰ চূড়ান্ত ষান্মাসিকৰ ছাত্ৰ-ছাত্ৰীৰ বাবে অফলাইনত পৰীক্ষা অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৷ ইয়াক লৈ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। প্ৰাপ্ত তথ্য অনুসৰি গুৱাহাটী বিশ্ববিদ্যালয়ে অহা ২২ছেপ্টেম্বৰৰ পৰা ১৫ অক্টোবৰলৈ বি এ, বি এছ চি আৰু বি কমৰ চূড়ান্ত ষান্মাসিকৰ পৰীক্ষা অফলাইন তথা পৰম্পৰাগত পদ্ধতিৰে অনুষ্ঠিত কৰিবলৈ লৈছে ৷

শুকুৰবাৰে বিশ্ববিদ্যালয়ৰ উপাচাৰ্য পি জে সন্দিকৈৰ অধ্যক্ষতাত অনুষ্ঠিত এখন সভাত এই সিদ্ধান্ত গৃহীত হয়। এই কথা বিশ্ববিদ্যালয়ৰ এজন বিষয়ববীয়াই কয় যে ছাত্ৰ-ছাত্ৰীসকলে পূৰ্বৰ লেখীয়াকৈ অৰ্থাৎ কাগজ-কলমেৰে লিখা পৰীক্ষাত অৱতীৰ্ণ হ'ব লাগিব ৷