শীৰ্ষ বাতৰি

ভাৰতবৰ্ষৰ প্ৰথম গৰাকী দৃষ্টিহীন মহিলা আই এ এচ অফিচাৰ, ত্ৰিভানথাপুৰম উপ জিলা অধিকাৰী 

Sentinel Digital Desk

সোমবাৰে দেশৰ প্ৰথম গৰাকী দৃষ্টি হীন (আই এছ এছ) মহিলা প্ৰাঞ্জল পাটিলে ভাৰতীয় প্ৰশাসনিক সেৱাত নিৰ্বাচিত হৈ কেৰেলাৰ ত্ৰিভানথাপুৰম উপ জিলা অধিকাৰী হিচাপে কাৰ্য্যভাৰ গ্ৰহণ কৰে ।

মহাৰাষ্ট্ৰৰ উলহাস নগৰৰ বাসিন্দা প্ৰাঞ্জল পাটিলৰ দৃষ্টি জন্মৰ পৰাই দুৰ্বল আছিল। কিন্তু ছয় বছৰ বয়সত দৃষ্টি হেৰুৱাইছিল প্ৰাঞ্জল পাটিলে । তথাপিও কিন্তু আত্মবিশ্বাস হেৰুওৱা নাছিল প্ৰাঞ্জল পাটিলে । প্ৰাঞ্জল পাটিলে তেওঁৰ প্ৰথম প্ৰয়াসতে ২০১৬ চনত UPSC পৰীক্ষাত ৭৩৩ ৰেংক প্ৰাপ্ত কৰিছিল । তাৰপিছত ২০১৭ চনত UPSC পৰীক্ষাত ১২৪ ৰেংক লাভ কৰে ।‌ কাৰ্যভাৰ গ্ৰহণ কৰি প্ৰাঞ্জল পাটিলে কয় যে , " আমি কেতিয়াও হাৰ মানিব নালাগে আৰু কেতিয়াও পৰিত্যাগ কৰিব নালাগে । আমাৰ প্ৰয়াসৰ ফলত আমি সকলোৱে আমাৰ বিছৰাখিনি লাভ কৰিম " । প্ৰাঞ্জল পাটিলে তেওঁৰ সফলতাৰ শ্ৰেয় নিজৰ মাক দেউতাকক দিয়ে ।

তাৰোপৰি প্ৰাঞ্জল পাটিলে কয় যে , " কাৰ্যভাৰ গ্ৰহণ কৰাৰ ক্ষেত্ৰত মই অত্যন্ত সুখী আৰু গৌৰৱ অনুভৱ কৰিছো "। লগতে কয় যে জিলা খনৰ উপ শাখা সমূহৰ ক্ষেত্ৰত আৰু বেছি যোজনা প্ৰয়োগ কৰাৰ লগতে বিভিন্ন পৰিকল্পনা ও কৰিব বুলি কয় প্ৰাঞ্জল পাটিলে ।

প্ৰাঞ্জল পাটিলে মুম্বাইৰ দাদৰত অৱস্থিত কমলা মেহতা স্কুলত পঢ়িছিল । তাৰোপৰি এই বিদ্যালয় খন বিশেষ ভাৱে সক্ষম ব্যক্তি সকলৰ অধ্যয়নৰ বাবে । তাৰপিছত ছন্দাবাই কলেজৰ পৰা প্ৰাঞ্জল পাটিলে দ্বাদশ শ্ৰেণীলৈকে কলা শাখাত অধ্যয়ন কৰে ।

প্ৰাঞ্জল পাটিলে তেওঁৰ স্নাতক ৰাজনীতি বিজ্ঞান বিভাগত এচ টি চাভিৰচ মহাবিদ্যালয় ( ST Xavier's college ) ৰ পৰা লাভ কৰাৰ লগতে জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয় ( jawaharlal nehru University ) ৰ পৰা আন্তৰ্জাতিক সম্পৰ্কত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে।

তাৰোপৰি জানিব পৰা গৈছে যে প্ৰাঞ্জল পাটিলে ২০১৬ চনত লাভ কৰা ৰেলৱে মন্ত্ৰালয়লৰ চাকৰি নাকচ কৰিছিল । প্ৰাঞ্জল পাটিলে কাৰ্যভাৰ গ্ৰহণ কৰাৰ সময়ত অভিনন্দন জনাবলৈ উপস্থিত আছিল প্ৰাক্তন জিলা অধিকাৰী বিজু প্ৰভাকৰ , সামাজিক ন্যায় বিভাগৰ কৰ্মকৰ্তা সকল ।

ভিডিঅ প্ৰতক্ষ্য কৰক: Self Reliant Farmers from Titatbor