ভাৰতীয় অভিজিত বেনাৰ্জী সহ ডাফলো আৰু মাইকেল ক্ৰেমাৰলৈ অৰ্থনীতিৰ ন'বেল

এজন ভাৰতীয় মূলৰ অৰ্থনীতিবিদ তথা মেচাছুছেটচ ইনষ্টিটিউট অব টেকন'লজী ( Massachusetts institute of technology , M I T ৰ অধ্যাপক অভিজিত বেনাৰ্জী , তেওঁৰ পত্নী তথা পি এইচ ডি ৰ ছাত্ৰী এস্থাৰ ডুফেলা আৰু হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ৰ অধ্যাপক মাইকেল ক্ৰেমাৰক এই বছৰৰ অৰ্থনীতিৰ নৱেল বঁটা প্ৰদান কৰা হব। এই কথা ঘোষণা কৰিছে চুইডিছ ৰয়েল ছ'চিটিয়ে । তেওঁলোকৰ তত্ত্বই যিয়ে দৰিদ্ৰতাৰ বিৰুদ্ধে যুঁজিবলৈ আমাৰ যোগ্যতা উন্নত কৰিছে তাৰ ভিত্তিতেই সোমবাৰে ঘোষণা কৰে এই তিনিজন ব্যক্তিৰ নাম ।
ৰ'য়েল চুইডিছ একাডেমী অফ চাইন্স ( the royal swedish academy of sciences কালি এই কথা আনুষ্ঠানিক ভাৱে ঘোষণা কৰিছে । এই বঁটাক অৰ্থনীতিৰ চেভেৰিজেচ ৰিকচবেংক বটা বুলি জনা যায় । আকাডেমীয়ে এক প্ৰেছ টোকাত কয় যে এওঁলোকৰ নতুন ত্বতই বিশ্বক দৰিদ্ৰতাৰ বিৰুদ্ধে যুঁজিবলৈ এক নতুন মাত্ৰ দিছে ।
নোবেল সমিটিয়ে আৰু কয় যে , এই তত্বই এক জটিল সমস্যা সমাধান কৰাত সহায় কৰিব ।
লগতে একাডেমীয়ে কয় যে , তেওঁলোকৰ গৱেষণাৰ পৰা প্ৰায় ৫ মিলিয়ন ভাৰতৰ কন কন দৰিদ্ৰ শিক্ষাৰ্থী লাভৱান হৈছিল । ভাৰতৰ বিদ্যালয় সমূহত আছুতীয়া আৰু প্ৰতিকাৰ মূলক পাঠদান কাৰ্যসূচীৰ ব্যৱস্থা কৰা হৈছিল ।
আন এক উদাহৰণ স্বৰূপে এই গৱেষণাৰ ফল স্বৰূপে বিভিন্ন ৰাষ্ট্ৰত প্ৰতিৰোধ মূলক স্বাস্থ্য সেৱা আচনি সমূহত দিয়া হৈছিল বৃহৎ সাহাৰ্য্য ।
অভিজিত বেনাৰ্জী ১৯৬১ চনত মুম্বাইত জন্ম লাভ কৰিছিল । বেনাৰ্জীয়ে জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ পৰা শিক্ষা গ্ৰহণ কৰাৰ পাছত হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ৰ পৰা পি এইচ ডি ডিগ্ৰী লয়। বৰ্তমান বেনাৰ্জী আমেৰিকাৰ মেচাছুছেইটছ ইনষ্টিটিউট অফ টেকনলজিৰ অৰ্থনীতি বিভাগৰ অধ্যাপক হিচাপে কৰ্মৰত অৱস্থাত আছে ।
১৯৭২ চনত জন্মগ্ৰহণ কৰা এষ্টাৰ ডুফলো অৰ্থনীতিৰ ন'বেল বঁটা লাভ কৰা আটাইতকৈ কমবয়সীয়া আৰু দ্বিতীয় গৰাকী মহিলা অৰ্থনীতি বিদ ।
অৰ্থনীতিৰ ন'বেল বঁটা বিজয়ী তথা আমেৰিকাৰ মেচাছুছেইটছ ইনষ্টিটিউট অফ টেকনলজিৰ অৰ্থনীতিৰ অধ্যাপক এস্থাৰ ডুফেলাই অতি বিনম্ৰ ভাৱে কয় যে , তেওঁ আশা কৰে অৰ্থনীতিৰ ন'বেল বঁটা জয়ে আন বহুতো মহিলাকে অনুপ্ৰাণিত কৰিব । লগতে কয় যে তেওঁ আশা কৰে এই জয়ে আন মহিলা সকলক মহিলা সকলো যে সফলতাৰ সম্ভৱ সেয়া দেখাব আৰু তেওঁলোকৰ সফলতাৰ বাবে কাম কৰিবলৈ অনুপ্ৰাণিত কৰিব ।
Also Read: পানী সংৰক্ষণ : বান্দৰৰ ভাইৰেল ভিডিঅ’ই আচৰিত কৰি তুলিছে সকলোকে
Also Watch: 6 year old boy seriously injured after falling from running train in Digboi