শীৰ্ষ বাতৰি

অ' এন জি চি এল তেল চুৰি কাৰ্যত জড়িত পাচ জন লোকক আটক

Sentinel Digital Desk

অ' এন জি চি এল তেল চুৰি কাৰ্যত জড়িত পাচ জন লোকক আটক ।ৰবিবাৰে যোৰহাট জিলাৰ তিতাবৰ মহকুমাৰ অন্তৰ্গত দাঙধোৰা ক্ষেত্ৰৰ অ' এন জি চি এল কেঁচা তেল চুৰি কাৰ্যত জড়িতৰ সন্দেহত ৫ জন লোকক আটক কৰে । আৰক্ষী সূত্ৰই জনোৱা অনুসৰি বৰহুল্লা আৰু শিৱসাগৰৰ মাজৰ অ' এন জি চি এল পাইপ লাইনৰ ড্ৰিলিঙৰ পিছত কেঁচা তেলৰ সৰবৰাহত জড়িত আছিল ।

তদুপৰি তেল চুৰি কৰা দলটোয়ে অ' এন জি চি এল ৰ অধিকাৰী আৰু আৰক্ষী আৰু সংবাদ মাধ্যমকো পৰিচালিত কৰিছিল। যিয়ে বৰহুল্লাৰ পৰা শিৱসাগৰৰ এন পি টি গেলেকীলৈ যোৱা কেঁচা তেল চুৰি কাৰ্যত সহায় কৰিছিল। অ' এন চি জি এল কেঁচা তেল চুৰিৰ ঘটনা প্ৰায় ১০ বছৰৰ পিছত পোহৰলৈ আহিছে । যি ৰাজ্যত তৃতীয় বাৰৰ বাবে আছিল। ২৫ অসম পুলিচ বেটেলিয়ানে কেঁচা তেল চুৰি কাৰ্য ৰেকেট বিচাৰি উলিওৱাত সক্ষম হয় ।

প্ৰথম পৰ্যায়ৰ অনুসন্ধান অ' এন জি চি এল অসম আৰু অসম অৰাকান বেচিন হেডকোৱাৰ্টাৰে তিতাবৰ আৰক্ষী থানাত দিয়া গোচৰৰ ভিত্তিত কৰা হৈছিল । আৰক্ষী সূত্ৰই জনোৱা অনুসৰি ৭ জন লোকক আটক কৰা হৈছিল আৰু তিতাবৰ কোৰ্টত হাজিৰ কৰোৱা হৈছিল। তাৰ পিছতেই চাৰি দিনৰ বাবে আৰক্ষীৰ অধীনত ৰাখিছিল ।

আৰক্ষীয়ে জনোৱা অনুসৰি আটক হোৱা লোক কেইজন ২৫ ৰ পৰা ৪০ বছৰৰ ভিতৰত।

আটক হোৱা লোক কেইজন নকুল গগৈ , বিকাশ বৰা , বসন্ত ওৰাং , ধনী শইকীয়া, আৰু বিপুল বৰদলৈ ।‌ আটাইকেইজন লোকক দঙধৰা আৰু চেকুৰিয়া গাঁওৰ তেওঁলোকৰ ঘৰৰ পৰা আটক কৰে ।

ভিডিঅ প্ৰতক্ষ্য কৰক: ATASU staged candle light march in Jorhat against Citizenship Amendment Bill, 2016