Begin typing your search above and press return to search.

ভাৰত জাপান বাৰ্ষিক সন্মিলনৰ বাবে গুৱাহাটীত উপস্থিত হ'ব মোদী আৰু চিঞ্জো আৱে

ভাৰত জাপান বাৰ্ষিক সন্মিলনৰ বাবে গুৱাহাটীত উপস্থিত হব মোদী আৰু চিঞ্জো আৱে

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  25 Nov 2019 9:46 AM GMT

ভাৰত জাপান বাৰ্ষিক সন্মিলনৰ বাবে গুৱাহাটীত উপস্থিত হ'ব মোদী আৰু চিঞ্জো আৱে । উত্তৰ পূৰ্বাঞ্চলৰ গুৱাহাটী মহানগৰত ডিচেম্বৰ মাহত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব লগীয়া ভাৰত জাপান বাৰ্ষিক সন্মিলন‌ । অৱশ্যে এই সন্মিলনৰ কোনটো দিনত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু জাপানৰ প্ৰধান মন্ত্ৰী চিঞ্জো আৱে উপস্থিত থাকিব সেয়া এতিয়াও নিশ্চিত হোৱা নাই।

মনিপুৰৰ ৰাজধানী ইম্ফলত অৱস্থিত নিউ পিচ মিউজিয়াম‌ আৰু বৃহৎ নদী ব্ৰহ্মপুত্ৰৰ মাজত ভ্ৰমন এই দুদিনীয়া সন্মিলনৰ মূল আকৰ্ষণ। ইম্ফল স্থিত পিচ মিউজিয়ামত ১৯৪৪ চনৰ দ্বিতীয় বিশ্বযুদ্ধত ছহীদ হোৱা বিভিন্ন জন যোদ্ধাৰ স্মাৰক সমূহ আছে য'ত বহু জাপানিজ সেনাইও নিজৰ জীৱন ত্যাগ দিছিল ।

ভাৰত আৰু জাপান দুয়োখন দেশে সিদ্ধান্ত লয় যে দুয়োখন দেশৰ দ্বাৰা মুকলি কৰা এক্ট ইষ্ট ফৰ্মৰ অধীনত উত্তৰ পূৰ্বাঞ্চলৰ কেন্দ্ৰ বিন্দু স্বৰূপ গুৱাহাটীত এই সন্মিলন অনুষ্ঠিত কৰিব পাৰি ।‌

ভাৰত বিদেশ মন্ত্ৰালয় বিজয় গোখলে আৰু সুৰক্ষা এজেঞ্চীৰ অধিকাৰীৰ লগত সন্মিলন অনুষ্ঠিত হোৱা ঠাই সমূহৰ ভ্ৰমন কৰে ।‌গুৱাহাটীৰ বিলাসী হোটেল বিবান্টা আৰু ৰেডিছন ব্লুত সন্মিলনৰ বাবে উপস্থিত হোৱা বিভিন্ন নেতা প্ৰতিনিধিক স্বাগত কৰিব ।

উত্তৰ পূৰ্বাঞ্চলৰ এনেকুৱা এখন ক্ষেত্ৰ য'ত জাপানে সৰ্বাধিক বিনিয়োগ কৰি আছে । ইয়াৰ পূৰ্বে জাপানৰ প্ৰতিনিধি আৰু DONER ৰ অধিকাৰী সকল লৈ অনুষ্ঠিত হোৱা সন্মিলনৰ পিছত জাপানে উত্তৰ পূৰ্বাঞ্চলত বিনিয়োগ কৰিছিল ১৩,০০০ কোটি টকা ।

তদুপৰি ইয়াৰ পূৰ্বে যোৱা বৰ্ষত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু জাপানৰ প্ৰধান মন্ত্ৰীৰ মাজত জাপানত এক বৈঠক অনুষ্ঠিত হৈছিল ।

অন্য খবৰৰ বাবে পঢ়ক: এতিয়াৰে পৰা ড্ৰ’ন আৰু আন মানৱবিহীন বাহন উৰুৱাবলৈ অনুমতি অনিবাৰ্য

ভিডিঅ প্ৰতক্ষ্য কৰক: Eviction Drive at Railway Gandhi colony in Lumding by Railway Department

Next Story
চাকৰি