Begin typing your search above and press return to search.

এতিয়াৰে পৰা ড্ৰ'ন আৰু আন মানৱবিহীন বাহন উৰুৱাবলৈ অনুমতি অনিবাৰ্য

এতিয়াৰে পৰা ড্ৰন আৰু আন মানৱবিহীন বাহন উৰুৱাবলৈ অনুমতি অনিবাৰ্য

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  25 Nov 2019 7:25 AM GMT

এতিয়াৰে পৰা ড্ৰ'ন আৰু আন মানৱবিহীন বাহন উৰুৱাবলৈ অনুমতি অনিবাৰ্য । সাধাৰণতে কোনো লোকে ড্ৰ'ন কিনে আৰু তাৰ পিছতেই বেপাৰী চাৰ্জ কৰি ড্ৰ'ন উৰুৱাই । কিন্তু এতিয়াৰে পৰা আমি ড্ৰণ আৰু আন বাহন উৰুৱাবলৈ বিভিন্ন নীতি নিয়ম সম্পৰ্কে জ্ঞাত হ'ব লাগিব যি বোৰ কেন্দ্ৰই প্ৰনয়ন কৰিছে ।

এতিয়াৰে পৰা উপায়ুক্ত অধিকাৰীৰ পূৰ্ব অনুমতি অবিহনে যি কোনো কামৰ বাবে ড্ৰ'ন ব্যৱহাৰ কৰিব নোৱাৰে । যদি কোনো লোকে অনুমতি অবিহনে অৰ্থাৎ নিজৰ ইচ্ছা অনুসৰি ড্ৰ'ন উৰুৱাই তেন্তে তেওঁৰ ওপৰত আৰক্ষীয়ে ভাৰতীয় দণ্ড বিধিৰ আধাৰত তদন্ত প্ৰক্ৰিয়া চলাব পাৰে ।

কামৰূপ (এম ) জিলাক বাদ দি কোনো লোকে নিজৰ সম্বন্ধিত জিলা উপায়ুক্তৰ কাৰ্যালয়ত আবেদন পত্ৰ জমা কৰি ড্ৰ'ণ উৰুৱাবলৈ অনুমতি ল'ব লাগিব। আৱেদন পত্ৰ খনত ড্ৰ'ণ উৰুৱাৰ বিস্তৃত বিৱৰণৰ লগতে ড্ৰ'ণ উৰুৱা স্থান আৰু কাৰণ সম্পৰ্কে বিস্তৃত বিৱৰণ থাকিব লাগিব। লগতে আবেদন পত্ৰ খনত ড্ৰ'ণ খনৰ সংশ্লিষ্ট বিৱৰণ থাকিব লাগিব। তাৰ পিছত জিলা উপায়ুক্তই স্থানৰ অৱস্থা আৰু সুৰক্ষা সম্বন্ধে আংকলন কৰিবলৈ সম্বন্ধীয় আৰক্ষী থানাক আৱেদন প্ৰেৰণ কৰিব ।

আৰক্ষীয়ে সেই ঠাই খিনি পৰীক্ষা কৰিব জন আবেদক গৰাকীয়ে ড্ৰ'ণ উৰুৱাব বিচাৰিছে । তাৰ পিছত আৰক্ষীয়ে তেওঁলোকৰ ৰিপোৰ্ট জিলা উপায়ুক্তলৈ প্ৰেৰণ কৰিব আৰু জিলা উপায়ুক্তই সেই ৰিপোৰ্টৰ আধাৰত অনুমতি প্ৰদান কৰিব ।‌

তদুপৰি কামৰূপ (এম) জিলাত কোনো ব্যক্তিয়ে নিজৰ কোনো উদ্দেশ্যৰ বাবে জিলা উপায়ুক্তৰ সলনি আৰক্ষী আয়ুক্তক আবেদন পত্ৰ প্ৰেৰণ কৰিব লাগিব। ড্ৰ'ণ উৰুৱাবলৈ অনুমতি প্ৰদান বা অস্বীকাৰ কৰাৰ ক্ষেত্ৰত অন্য জিলাৰ নিয়ম কানুন প্ৰক্ৰিয়াৰ সৈতে একেই ।

Also Read: উত্তৰ পূৱ ভ্ৰমনৰ বাবে দেশবাসীক আহ্বান প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ

Also Watch: AGP leadership has not been vocal against the CAB: Prafulla Kumar Mahanta

Next Story
চাকৰি