উত্তৰ পূৱ ভ্ৰমনৰ বাবে দেশবাসীক আহ্বান প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ

উত্তৰ পূৱ ভ্ৰমনৰ বাবে দেশবাসীক আহ্বান প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ। প্ৰতি মাহে ৰেডিঅ'ত সম্প্ৰচাৰ হোৱা মন কি বাত অনুষ্ঠানত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে যদিহে কোনোবাই প্ৰকৃতি , গভীৰ অৰণ্য ভাল পায় অথবা সুন্দৰ জলপ্ৰপাতৰ সৌন্দৰ্য্য উপভোগ কৰি ভাল পায় তেন্তে তেওঁ উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্য সমুহ ভ্ৰমন কৰিব লাগে । লগতে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উত্তৰ পূৱৰ পৰ্যটন ক্ষেত্ৰ সমূহ প্ৰসাৰিত কৰাৰ কথা কয় যাৰ ফলত উত্তৰ পূবৰ লোক সকল অৰ্থনৈতিক ক্ষেত্ৰত লাভান্বিত হ'ব আৰু যিয়ে এক ভাৰত শ্ৰেষ্ঠ ভাৰতৰ সপোন বাস্তৱত ৰূপায়িত কৰিব ।
তদুপৰি এই অনুষ্ঠানত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে গুৱাহাটীত অনুষ্ঠিত হৈ যোৱা ব্ৰহ্মপুত্ৰ পুষ্কৰ মেলাৰ বিষয়েও উল্লেখ কৰে আৰু কয় যে নগাঁৱৰ ৰমেশ শৰ্মা নামৰ এগৰাকী লোকে তেওঁ লিখা এক লেখাত এই মহোৎসৱৰ বিষয়ে উল্লেখ কৰিছে লগতে লিখিছে যে এই পুষ্কৰ মেলা ৪ নৱেম্বৰ তাৰিখৰ পৰা ১৬ নৱেম্বৰ তাৰিখলৈ অনুষ্ঠিত হৈছিল আৰু দেশৰ বিভিন্ন প্ৰান্তৰ বহু লোকে এই মেলাত অংশ গ্ৰহণ কৰিছিল। মন কি বাত অনুষ্ঠানৰ জৰিয়তে ৰমেশ শৰ্মাক প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ধন্যবাদ জ্ঞাপন কৰে আৰু কয় যে সমগ্ৰ দেশৰ বিভিন্ন ঠাইত থকা ১২ টা নদীত এই মেলা প্ৰতি বছৰে আয়োজন কৰা আৰু এই মেলা ১২ দিন ধৰি চলি থাকে । কুম্ভ মেলাৰ দৰে এই মহোৎসৱেও ৰাষ্ট্ৰীয় একতাক শক্তিশালী ৰূপত উপস্থাপন কৰাত সহায় কৰে আৰু এক ভাৰত শ্ৰেষ্ঠ ভাৰত দৰ্শনক প্ৰতিনিধিত্ব কৰে।
মোদীয়ে কয় যে এই মহোৎসৱৰ জৰিয়তে নদীৰ মহানতা , ঐতিহ্য আৰু আমাৰ জীৱনত নদীৰ গুৰুত্ব সম্পৰ্কে অৱগত কৰায় । লগতে তেওঁ কয় যে আমাৰ পূৰ্বপুৰুষ সকলে নদীৰ মহত্ব বুজি পাইছিল আৰু সমাজত নদীৰ প্ৰতি সকৰাত্মক দৃষ্টি ভংগী তুলি ধৰাৰ প্ৰয়াস কৰিছিল। তেওঁলোকে সাংস্কৃতিক ধাৰা , পৰম্পৰা আৰু ঐতিহ্যৰে সামাজিক ভাৱে নদী আৰু সমাজ খনক সংযোজন কৰাৰ এক প্ৰয়াস ।
লগতে আকৰ্ষণীয় বিষয় এয়ে যে ইয়ে কেৱল সমাজক নদীৰ কাষ চপায় নিয়াৰ উপৰিও সমগ্ৰ জনসাধৰণক কাষ চপাই আনে । মোদীয়ে অসমৰ লোক সকলে ভক্তগনক প্ৰদান কৰা আতিথ্যৰ শলাগ লয় । লগতে তেওঁ আয়োজক সকলে স্বচ্চতাৰ ক্ষেত্ৰত গুৰুত্ব দি বিভিন্ন স্থানত বায়'টয়লেট , প্লাষ্টিক মুক্তৰ বাবে কৰা প্ৰয়াসৰ প্ৰশংসা কৰে। প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আশা কৰে যে এই প্ৰাচীন উৎসৱে দেশ বাসীৰ মনত নদীৰ প্ৰতি এক সকৰাত্মক মানসিকতা স্থাপন কৰাত সহায় কৰিব যি আগন্তুক প্ৰজন্মৰ বাবেও সহায়ক হব । তদুপৰি এই সকলোবোৰ কেৱল পৰ্যটনৰে অংশ হ'ব নালাগে , ই আমাৰ জীৱনৰ অংগ হোৱা উচিত বুলি কয় প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।
Also Read: ২০২০ চনত গুৱাহাটীত অনুষ্ঠিত হ’ব ফিল্ম ফেয়াৰ বঁটা প্ৰদান অনুষ্ঠান
Also Watch: AGP leadership has not been vocal against the CAB: Prafulla Kumar Mahanta