শীৰ্ষ বাতৰি

ক’ৰ’না মহামাৰীঃ ২৫ এপ্ৰিলত গুৱাহাটীত কৰ্মৰত সাংবাদিকৰ বাবে জি এম চি এইচত স্বাস্থ্য পৰীক্ষা

Sentinel Digital Desk

ক’ৰ’না মহামাৰীৰ ভয়াবহ প্ৰাদুৰ্ভাবৰ মাজত নিজৰ জীৱনলৈ ভ্ৰুক্ষেপ নকৰি সেৱা আগবঢ়াই থকা গুৱাহাটীত কৰ্মৰত সাংবাদিকসকলৰ বাবে এক বিনামূলীয়া ক’ৰ’না পৰীক্ষাৰ ব্যৱস্থা কৰিছে ৰাজ্যৰ স্বাস্থ্য বিভাগে। অহা ২৫ এপ্ৰিলত গুৱাহাটীত কৰ্মৰত সাংবাদিকসকলে গুৱাহাটী মেডিকেল কলেজ হাস্পতালত বিনামূলীয়াকৈ এই পৰীক্ষা কৰাব পাৰিব। আজি এখন সংবাদমেলত এই কথা সদৰী কৰি স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয়, “ গুৱাহাটীত কৰ্মৰত কেইবাগৰাকী সাংবাদিকে মোক এনে এক ব্যৱস্থা কৰিবলৈ অনুৰোধ জনাই আহিছে। এই অনুৰোধক সন্মান জনাই আমি ২৫ এপ্ৰিলত গুৱাহাটীত কৰ্মৰত সাংবাদিকসকলৰ বাবে গুৱাহাটী মেডিকেল কলেজ হাস্পতালত বিনামূলীয়াকৈ ক’ৰ’না পৰীক্ষাৰ ব্যৱস্থা কৰিছো”।