শীৰ্ষ বাতৰি

তলাবন্ধত অনলাইনত ৰোগীক বিনামূলীয়া পৰামৰ্শ দিব ২১ বিশেষজ্ঞ চিকিৎসকে

Sentinel Digital Desk

তলাবন্ধত অনলাইনত ৰোগীক বিনামূলীয়া পৰামৰ্শ দিব ২১ বিশেষজ্ঞ চিকিৎসকে

ক’ৱিড-১৯মহামাৰী প্ৰতিৰোধৰ উদ্দেশ্য আৰোপ কৰা তলাবন্ধৰ সময়চোৱাত অনলাইনত বিভিন্ন ৰোগৰ চিকিৎসা তথা আনুসংগিক দিহা-পৰামৰ্শ অনলাইনৰ মাধ্যমেৰে প্ৰদান কৰিবলৈ আগবাঢ়ি আহিছে কিছুসংখ্যক বিশেষজ্ঞ চিকিৎসক। এই উদ্দেশ্য eSanjeevaniOPD সেৱা শীৰ্ষক এক অনলাইন ব্যৱস্থা মুকলি কৰা হৈছে। এই অনলাইন অ পি ডি সেৱাৰ জড়িয়তে প্ৰতিদিনে পুৱা ১০ বজাৰ পৰা দিনৰ দুই বজালৈ ইচ্ছু্ক ব্যক্তিয়ে বিশেষজ্ঞ চিকিৎসকৰ পৰা পৰামৰ্শ গ্ৰহণ কৰিব পাৰিব। এই অনলাইন অ পি ডি সেৱা সোমবাৰৰ পৰা শনিবাৰলৈ মুকলি। ৰোগীক দিহা-পৰামৰ্শ আগবঢ়াব ৰাজ্যৰ ২১ গৰাকী চিকিৎসকে। এই চিকিৎসকসকলৰ মাজৰ ১২ গৰাকী যোৰহাট চিকিৎসা মহাবিদ্যালয় হাস্পতাল(জে এম চি এইচ)ৰ। এই ১২ গৰাকী বিশেষজ্ঞ চিকিৎসক হৈছে ডাঃ নীলোৎপল ভট্টাচাৰ্য( শৈল্য), ডাঃ কৃষ্ণা তালুকদাৰ( চৰ্মৰোগ), ডাঃ উষাৰাণী পেগু(মেডিচিন), ডাঃ পল্লৱ ভট্টাচাৰ্য( মনোৰোগ), ডাঃ ৰূপক ভূঞা( ৰেডিঅলজী), ডাঃ জিঅৰ্জি শইকীয়া(মেডিচিন), ডাঃ পংকজ প্ৰদীপ পংয়াং(শিশুৰোগ), ডাঃ প্ৰণামিকা কন্যাক(স্ত্ৰীৰোগ), ডাঃ হিতেশ্বৰ শইকীয়া (ফাৰ্মাকলজী), ডাঃ সুনম কুৰ্মী(চকু ৰোগ), ডাঃ ফ্লৰেন্স ৰত্না বৰা( ই এন টি) আৰু ডাঃ অংকিতা বিহানী(শিশুৰোগ)। এই সন্দৰ্ভত যোৰহাট জিলা প্ৰশাসনে জনায় যে eSanjeevaniOPD সেৱা গ্ৰহণৰ বাবে ৰোগীক এটা লেপটপ বা ডেস্কটপ কম্পিউটাৰৰ প্ৰয়োজন হব। তদুপৰি কেমেৰা, মাইক্ৰফোন আৰু ইণ্টাৰনেট ৰোগীৰ থাকিব লাগিব। এই বিনামূলীয়া সেৱা লাভৰ বাবে এজন ব্যক্তিয়ে

er at esanjeevaniopd.inত পঞ্জীয়ন কৰাব লাগিব। চিকিৎসক তথা চিকিৎসালয়লৈ নোযোৱাকৈ ৰোগীক সেৱা যোগানেই হৈছে এই অনলাইন অ পি ডি সেৱা মুকলিৰ মূল উদ্দেশ্য। এই সেৱা কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ নেচনেল টেলি কনছাল্টেচন ছাৰ্ভিচৰ এক অংশৰূপে মুকলি কৰা হৈছে।