শীৰ্ষ বাতৰি

গংগা নদীত মূৰ্তি বিসৰ্জন কৰিলে ভৰিব লাগিব ৫০,০০০ টকাৰ জৰিমণা ; কেন্দ্ৰই প্ৰয়োগ কৰিলে বাধা

Sentinel Digital Desk

গংগা নদীত মূৰ্তি বিসৰ্জন কৰিলে ভৰিব লাগিব ৫০,০০০ টকাৰ জৰিমণা ; কেন্দ্ৰই প্ৰয়োগ কৰিলে বাধা । দুৰ্গাপূজাৰ সময়ত গংগা নদীত কৰিব নোৱাৰিব মুৰ্তি বিসৰ্জন । কেন্দ্ৰই ৰাজ্য চৰকাৰক দিয়া নিৰ্দেশ অনুসৰি গংগা নদীৰ লগতে আন উপনদী সমূহত মূৰ্তি বিসৰ্জনৰ ক্ষেত্ৰত প্ৰতিবন্ধকতা আৰোপ কৰিছে ।কেন্দ্ৰই নদীৰ ঘাট সমূহত মূৰ্তি বিসৰ্জনৰ ক্ষেত্ৰত প্ৰয়োগ কৰিছে ৫০,০০০ টকা জৰিমনা ।এই নিৰ্দেশনা জাৰি কৰে নেচনেল মিচন ফৰ ক্লিন‌ গংগা আঁচনিৰ অধীনত ।

তথ্য অনুসৰি সবাতোকৈ বেছি মূৰ্তি বিসৰ্জন হয় দুৰ্গাপূজা , বিশ্বকৰ্মা পূজা , চট পূজা , গনেশ চতুৰ্দশী সময়ত । যাৰ ফলত ভয়ানক ভাৱে প্ৰদূষণ হয় । ২০১৪ চনৰ জুন মাহত কেন্দ্ৰীয় চৰকাৰে নমামী গংগা আঁচনি ২০০০০ কোটি টকাত আৰম্ভ কৰিছিল । এই আচঁনি ৰাষ্ট্ৰীয় নদীক প্ৰদূষণ মুক্ত কৰা , নতুন ভাৱে গঢ়ি তোলা আৰু সংৰক্ষন কৰাৰ বাবে গ্ৰহণ কৰা হৈছিল।

ভিডিঅ প্ৰতক্ষ্য কৰক:Durga Puja 2019: Two storeyed Durga Temple inaugurated at Kharupetia in Darrang