Begin typing your search above and press return to search.

কলাইগাঁও বাসীৰ সপোন বাস্তৱায়িত, জাতিৰ পিতাৰ প্ৰতিমূৰ্ত্তি উন্মোচন ।

কলাইগাঁও বাসীৰ সপোন বাস্তৱায়িত, জাতিৰ পিতাৰ প্ৰতিমূৰ্ত্তি উন্মোচন ।

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  3 Oct 2019 11:24 AM GMT

ওদালগুৰি জিলাৰ কলাইগাঁও বাসীৰ বহুদিনৰ সপোন অৱশেষত বাস্তৱত ৰূপায়িত হল । ১৫০ তম গান্ধী জয়ন্তী উপলক্ষে ২ অক্টোবৰত ওদালগুৰি জিলাৰ কলাইগাওত মহাত্মা গান্ধীৰ এক প্ৰতিমূৰ্তি উন্মোচন কৰা হয় ।উক্ত দিনা পি ডব্লিউ ডি ৰ পৰিদৰ্শন বঙালাত অনুষ্ঠিত হোৱা এক বিশাল জনসভাত গান্ধীজীৰ প্ৰতিমূৰ্তি উন্মোচনী কৰা হয়। জাতিৰ পিতা মহাত্মা গান্ধীৰ প্ৰতিমূৰ্ত্তি উন্মোচন কৰে স্বাধীনতা আন্দোলনৰ ছহিদ বীৰাংগনা কনকলতা বৰুৱাৰ ভাতৃ বৰাংগাবাৰী গহপুৰৰ কালিচৰন বৰুৱাই ।

মহাত্মা গান্ধীৰ জন্ম জয়ন্তী উপলক্ষে অনুষ্ঠিত হোৱা এই ৰাজহুৱা সভাত সভাপতিত্ব কৰে কলাইগাৱঁৰ বিধায়ক মহেশ্বৰ বড়োৱে । উক্ত সভাত ভাষণ প্ৰাদান কৰি কালীচৰন বৰুৱাই কয় যে ৰাষ্ট্ৰৰ লগতে সকলো ছহিদ বীৰ বীৰাংগনা যিয়ে নিজৰ জীৱন দেশৰ হকে ত্যাগ কৰিছে সেই সকলক সন্মান প্ৰদৰ্শন কৰা উচিত।

এই সভাত আমন্ত্ৰিত অতিথি হিচাপে অংশগ্ৰহন কৰে বড়ো সাহিত্য সভাৰ সভাপতি তৰেন বড়োয়ে। তদুপৰি এই সভাত নিৰ্মাণ কমিটিয়ে প্ৰকাশ কৰা " মহাত্মা" নামৰ স্মৃতি গ্ৰন্থ খন উন্মোচন কৰে বড়ো সাহিত্য সভাৰ সভাপতি তৰেন বড়োয়ে । সভাত তেওঁ নিজ বক্তৃতাত কয় যে সন্ত্ৰাসবাদ চৰমবাদতকৈ ভয়ানক আৰু ভ্ৰষ্টাচাৰ দুৰ্নীতি সন্ত্ৰাসবাদতকৈও মাৰাত্মক ।

জাতিৰ পিতা মহাত্মা গান্ধীয়ে সদায় চৰমপন্থা , সন্ত্ৰাসবাদ আৰু দুৰ্নীতিৰ বিৰোধিতা কৰিছিল । মহাত্মা গান্ধীয়ে ৰাম ৰাজ্যৰ সপোন দেখিছিল, যত সকলো ধৰণৰ দুৰ্নীতি ভ্ৰষ্টাচাৰৰ পৰা মুক্ত হ'ব । কিন্তু মহাত্মা গান্ধীৰ বিচাৰধাৰাৰ বিপৰীতে আজিৰ দিনৰ প্ৰতিটো সময়তে ভাৰতৰ সাধৰন জীৱন ধাৰণ কৰা লোক সকলক দুৰ্নীতি ভ্ৰষ্টাচাৰে পংগু কৰি পেলাইছে । লগতে বড়ো সাহিত্য সভাৰ সভাপতি গৰাকীয়ে কয় যে এয়াই এক সময় য'ত আমি সকলোৱে একগোট হৈ দুৰ্নীতি ভ্ৰষ্টাচাৰৰ বিৰুদ্ধে থিয় হব লাগিব ।

উক্ত সভাতে প্ৰাক্তন ছাত্ৰ নেতা হীৰেন কুমাৰ চহৰীয়াৰ অসম আন্দোলনৰ পটভূমিত ৰচিত " শিলবেপাৰীৰ আত্মকথা , অসম আন্দোলন , কাৰাৰুদ্ধ জীৱন আৰু ইটো সিটো " শীৰ্ষক গ্ৰন্থ খন উন্মোচন কৰে অসম সাহিত্য সভাৰ সভাপতি পৰমানন্দ ৰাজবংশীয়ে । অশোক পাব্লিকেচন গুৱাহাটীয়ে এই গ্ৰন্থখন প্ৰকাশ কৰে ।

অন্য খবৰৰ বাবে পঢ়ক: দুৰ্গা পূজা ৰ কাৰণে বিদ্যুত বিভাগৰ দিশ নিৰ্দেশ

ভিডিঅ প্ৰতক্ষ্য কৰক:Durga Puja 2019: Chandrayan-II based theme at Guwahati’s Noonmati Sector 2

Next Story
চাকৰি