দুৰ্গা পূজা ৰ কাৰণে বিদ্যুত বিভাগৰ দিশ নিৰ্দেশ

দুৰ্গা পূজা ৰ কাৰণে বিদ্যুত বিভাগৰ দিশ নিৰ্দেশ

সমাগত দুৰ্গাপুজা ৷দুৰ্গা পূজাৰ সময়ত যাতে সকলো পৰিস্থিতি সুকলমে থাকে লগতে ভক্তসকলৰ সুৰক্ষা যাতে সুনিশ্চিত হয় তাৰ কাৰণে কামৰূপ মহানগৰৰ বিদ্যুত বিভাগে গুৱাহাটীৰ সকলো দুৰ্গা পূজা কমিটীক অস্থায়ী বিদ্যুত লাভ কৰাৰ কাৰণে সকলো নীতি নিৰ্দেশনা মানি চলিবলৈ নিৰ্দেশ দিয়ে। দুৰ্গা পূজা আয়োজন কমিটীক বিদ্যুৎ আইন ২০০৩ ৰ ধাৰা ৫৪ ৰ অনুসৰি লিখিত ভাৱে পূজাৰ সকলো বিষয় দিব লাগিব ৷

ইফালে এমচিবি,এমচিচিবিৰ মুল চুইটটো ১.৫ মিটাৰতকৈ অধিক ওপৰত থাকিব নালাগে। সকলো বিদ্যুত যোগান ধৰা সংযোগ সঠিক ধৰণে পৰীক্ষা কৰিহে লগাব লাগিব। বিদ্যুতৰ জ্ঞান থকা যিকোনো সক্ষম ব্যক্তি যিকোনো সময়ত বিদ্যুতৰ সংযোগ নিৰীক্ষণ কৰি থাকিব লাগিব ৷যাতে যি কোনো সময়ত যিকোনো ঘটনা সংঘটিত নহয় ।

আনহাতে পূজা কমিটীসমূহে অস্থায়ী বিদ্যুতৰ কাৰণে সাত দিনৰ আগতে লিখিত ভাৱে বিভাগক জনাব লাগিব ।লগতে বিদ্যুত বিভাগৰ নিৰ্দেশ অনুসৰি যিকোনো পূজা পেণ্ডেল উচ্চ ক্ষমতা সম্পন্ন বিদ্যুত সংযোগৰ খুঁটাৰ ওচৰত হ’ব নালাগিব ।আৰু বিদ্যুতৰ সকলো যাৱতীয় কাম কৰা লোকজনৰ লাইচেন্স থকাটো অত্যন্ত প্ৰযোজনীয়।

দুৰ্গা পূৰ্জাৰ সময়ত সকলো প্ৰকাৰৰ পৰিস্থিতি শান্তি পূৰ্ণ ভাৱে বৰ্তি থাকে তাৰ কাৰণে কামৰূপ জিলা প্ৰশাসনে গুৱাহাটীৰ সকলে পূজা কমিটীক সজাগ কৰি কিছুমান নীতি নিৰ্দেশনা পালন কৰিবলৈ নিৰ্দেশ দিয়ে ৷প্ৰশাসনে গুৱাহাটী পৌৰ নিগম,প্ৰদূষণ নিয়ন্ত্ৰণ বৰ্ড,অসমৰ বিদুৎ বিভাগ,দুৰ্যোগ প্ৰশমন বিভাগে দুৰ্গা পূজাৰ কমিটীসমূহৰ লগত বৈঠক অনুষ্ঠিত কৰে ৷

লগতে যিকোনো লোকৰ স্বাস্থ্যৰ ক্ষতি হ’লে যাতে তৎকালীন ভাৱে চিকিৎসা কৰিব পাৰে তাৰ কাৰণে চিকিৎসক দলৰ সহিতে মেডিকেল টীমৰ ব্যৱস্থা কৰিব লাগে ৷কামৰূপ মহানগৰ জিলাৰ উপায়ুক্ত বিশ্বজিৎ পেগুৰ সভাপতিত্বত অনুষ্ঠিত হোৱা এই সভাত দুৰ্গাপূজা উদযাপন সমিতিসমূহৰ দুৰ্গোৎসৱ উদযাপনৰ ক্ষেত্ৰত মানি চলিব লগীয়া নীতি নিয়মসমূহৰ বিষয়ে বিস্তৃত ভাৱে আলোচনা কৰে । এই সভা খনত উপায়ুক্ত বিশ্ব জিৎ পেগুৱে দুৰ্গোৎসৱ যাতে অনুকুল পৰিৱেশত অনুষ্ঠিত হয় তাৰ কাৰণে পূজা কমিটীসমূহক অনুৰোধ জনায়। লগতে প্ৰদূষণৰ বাবে ক্ষতিকাৰক প্লাষ্টিক আৰু থাৰ্মকল আৰু পৰিস্কাৰ পৰিচ্ছনতাৰ প্ৰতিও যাতে সকলো পূজা কমিটীয়ে দৃষ্টি ৰাখে তাৰ তাৰ প্ৰতি লক্ষ্য ৰাখিবলৈ কয় উপায়ুক্ত পেগুৱে।

ভিডিঅ প্ৰতক্ষ্য কৰক:Peace Rally to prevent frequent Road Accident in Tinsukia

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com