Begin typing your search above and press return to search.

নতুন যান বাহন আইনে দুৰ্ঘটনাৰ সংখ্যা সীমিত কৰিবনে?

নতুন যান বাহন আইনে দুৰ্ঘটনাৰ সংখ্যা সীমিত কৰিবনে?

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  30 Sep 2019 5:07 AM GMT

অসমত নতুনকৈ আৰম্ভ হোৱা যান বাহন আইন ২০১৯ য়ে দু্ৰ্ঘটনাৰ সংখ্যা সীমিত কৰিব নে?অসমত হোৱা অধিকাংশ দুৰ্ঘটনাৰ মূল কাৰন হৈছে সুৰা পান কৰি বাহন চলোৱা,তীব্ৰ গতিত গাড়ী চলোৱা,যান বাহন নিয়ম মানি নচলা,অভাৰলোড,পথৰ দুৰৱস্থা আদি ৷কিন্তু সম্প্ৰতি আৰম্ভ হোৱা নতুন যান বাহন আইনে যান বাহন আইন উলংঘাকাৰী সকলক এক বৃহৎ পৰিমাণৰ জৰিমনা পৰিশোধ কৰিবলৈ বাধ্য কৰিছে ৷

আনহাতে অসমত সততে যিকোনো ধৰণে অৰ্থা নীতি নিয়ম মানি নচলোৱাকৈ বাহন চলোৱাৰ কাৰণে দুৰ্ঘটনা সংঘটিত হয়। অসম আৰক্ষীয়ে দিয়া তথ্য অনুসৰি ২০১৭ চনত ৰাজ্যত ৭,১৭০ টা দুৰ্ঘটনা হৈছে ।ইয়াৰ ভিতৰত মৃত্যু হৈছে ২,৭৮৩ জন লোকৰ আৰু আহত হৈছে ৬,১৬৩ জন লোক ৷ ২০১৮ চনত হোৱা দুৰ্ঘটনাৰ সংখ্যা হৈছে ৮,২৪৮ টা,মৃত্যু হয় ২,৯৬৬ জন লোক আৰু আহত হয় ৭,৩২৪ জন লোক। চলিত বৰ্ষত জুন মাহলৈকে ৰাজ্যত ৪৪২৯ টা দুৰ্ঘটনা হৈছে,মৃত্যু হৈছে ১৭২০ জন লোক আৰু আহত হৈছে ৩,৯৪৪ জন লোক৷

আনহাতে ৰাজ্যত নতুনকৈ আৰম্ভ হোৱা মটৰ পৰিবহন আইনে চালক,চৰকাৰী আৰু ব্যক্তিগত চিকিৎসক সকলেও বিভিন্ন জৰিমনা পৰিশোধ কৰিব লগা হৈছে ।

লগতে আশা কৰা হৈছে যে নতুন যান বাহন আইনে ৰাজ্যত পথ দুৰ্ঘটনাৰ সংখ্যা হ্ৰাস কৰিব । গুৱাহাটী মেডিকেল কলেজ আৰু চিকিৎসালয়ৰ এজন জেষ্ঠ্য চিকিৎসকে কয় যে প্ৰত্যেক দিনে প্ৰায় ১০ টা পথ দূৰ্ঘটনা কেছ আমি লাভ কৰোঁ। লগতে পূজা,বিহু,ফাকুঁৱাৰ দৰে উৎসৱত দুৰ্ঘটনাৰ সংখ্যা বৃদ্ধি পায়।

ইফালে চালকসকলে সুচাৰূপে বাহন নচলোৱাৰ কাৰণেই দূৰ্ঘটনাৰ সংখ্যা বৃদ্ধি পায় ।ইফালে হেলমেট পৰিধান নকৰাৰ কাৰণেও অধিকাংশ যুৱক দুৰ্ঘটনাৰ সন্মুখীন হয় ৷ গতিকে চালক সকলে হেলমেট পৰিধান কৰাটো অত্যন্ত প্ৰয়োজনীয়। চিকিৎসক সকলে লগতে কয় যে পূজা,বিহু আৰু হোলীত সুৰা পান কৰাৰ ফলতো দুৰ্ঘটনা সংঘটিত হয়।

গতিকে নতুন যান বাহন আইনে আহত আৰু নিহতসকলৰ সংখ্যা হ্ৰাস কৰিব বুলি আশা কৰা হৈছে ৷ অসম আৰক্ষীয়ে পথ দুৰ্ঘটনাৰ সন্দৰ্ভত হোৱা তথ্য সন্দৰ্ভত কয় যে ২০১৮ বৰ্ষত পথ দুৰ্ঘটনাৰ সংখ্যাৰ ক্ষেত্ৰত দেশে ১৬ তম স্থান লাভ কৰিছে ৷ এই তথ্যত উল্লেখ আছে যে ৰাজ্যত ১০০ টা দুৰ্ঘটনাত প্ৰায় ৩০ জন লোকৰ মৃত্যু হৈছে আৰু ৮৯ জন আহত লৈছে ৷

অন্য খবৰৰ বাবে পঢ়ক: এগৰাকী মহিলা আৰু এখন স্কুটীয়ে খলকনি তুলিছে ছ’চিয়েল মিডিয়াতঃ জানিবলৈ ভিডিঅ’ চাওক

ভিডিঅ প্ৰতক্ষ্য কৰক :Watch Video | Jatin Bora visits home town Nagaon for the promotions of ‘Ratnakar’

Next Story
চাকৰি