এগৰাকী মহিলা আৰু এখন স্কুটীয়ে খলকনি তুলিছে ছ’চিয়েল মিডিয়াতঃ জানিবলৈ ভিডিঅ’ চাওক

এগৰাকী মহিলা আৰু এখন স্কুটীয়ে খলকনি তুলিছে ছ’চিয়েল মিডিয়াতঃ জানিবলৈ ভিডিঅ’ চাওক

আপুনি যদি শুদ্ধ পথত থাকে তেন্তে পৰিস্থিতি যেনেকুৱাই হওঁক কিয় আপুনি জয়ী হ’বই ৷ তেনে এক ঘটনা সংঘটিত হৈছে কেৰেলাত ৷ এগৰাকী মহিলা আৰু মহিলাগৰাকীৰ স্কুটীখনে সম্প্ৰতি বাতৰিৰ শিৰোনামা দখল কৰিছে ৷ ভিডিঅ’টিত মহিলাগৰাকীয়ে নিজৰ সোঁ ফালে ৰৈ এজন বাছ চালকক সঠিক পথেৰে যাবলৈ বাধ্য কৰায়।

কাৰণ বিপৰীত দিশৰ পৰা আহি থকা বাছখন সঠিক দিশত আহি থকা নাছিল ৷যাৰ কাৰণে অসুবিধাৰ সন্মুখীন হৈছিল পথচাৰী সকল।আৰু বাছখনৰ বিপৰীত দিশৰ পৰা এগৰাকী মহিলাই স্কুটীৰ সহিতে আগভেটি ধৰে বাছ খনক। আৰু বাছখনক নিজৰ সঠিক পথত যাবলৈ বাধ্য কৰাই মহিলা গৰাকীয়ে ৷ ইফালে বৃহৎ আকাৰৰ বাছখনৰ সন্মুখত বহু সৰু হৈ পৰিছিল মহিলা গৰাকীৰ স্কুটিখন ৷কিন্তু মহিলা গৰাকীৰ স্কুটীখনে যেন বাছ চালকজনৰ মাজত এক ভয়ৰ সঞ্চাৰ কৰিছিল ৷ আৰু বাছখনে নিজৰ সঠিক পথ ল’বলৈ বাধ্য হৈ পৰিছিল।

এই ভিডিঅ’টি শ্বেয়াৰ কৰিছিল দ্য ঘোষ্ট ৰাইডাৰ৩১ নামৰ টুইটাৰ একাউন্টত। আৰু টুইটাৰ যোগে ভিডিঅ’টিত প্ৰকাশ কৰিছে যে When you are RIGHT it gives you a very different kind of MIGHT. See Joe a lady rider down South doesn't budge an inch to give in to an erring Bus Driver. Kudos to her. #GirlPower #BikerLife #BikerGirl.

Video Credits: The Ghost Rider

https://twitter.com/TheGhostRider31/status/1176976119028862976

গতিকে এই ভিডিঅ’টিয়ে প্ৰতিপন্ন কৰে যে যেতিয়া আপুনি সঠিক পথত থাকে তেতিয়া আপুনি যিকোনো পৰিস্থিতিত থাকিলেও ভয় কৰিব নালাগে। সম্প্ৰতি ভিডিঅ’টি ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱাৰ পিছত সমালোচনাকাৰী সকলেও মহিলাগৰাকীৰ ভূয়সী প্ৰশংসা কৰিছে।

ভিডিঅ প্ৰতক্ষ্য কৰক:Fire breaks out in a shopping complex in Golaghat's Sarupathar

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com