দাবাং আৰু জেমছ বণ্ড নহয় , এই বাৰ চলন্ত অ’টো ৰিস্কাৰ টায়াৰ সলনি কৰিলে অ’টো চালকে

দাবাং আৰু জেমছ বণ্ড নহয় , এই বাৰ চলন্ত অ’টো ৰিস্কাৰ টায়াৰ সলনি কৰিলে অ’টো চালকে

দাবাং আৰু জেমছ বণ্ড নহয় , এই বাৰ চলন্ত অ’টো ৰিস্কাৰ টায়াৰ সলনি কৰিলে অ’টো চালকে। হয়তো ছলমান খান দাবাং হ'ব পাৰে‌ , কিন্তু এইবাৰ দাবাংগী ষ্টাইলত চলন্ত অ’টোৰ টায়াৰ সলনি কৰিলে অ’টো চালকে ।

জেমছ বণ্ডেও বিভিন্ন গাড়ী , সা সৰঞ্জাম আদি ব্যৱহাৰ কৰে । কিন্তু এই অ’টো চালক জনে চলন্ত অ’টোতে মাত্ৰ কেইটামান সৰঞ্জমাৰ সহায়ত টায়াৰ খুলি নতুন টায়াৰ লগাবলৈ সক্ষম হয় । যাৰ ফলত এই ভিডিঅ' ভাইৰেল হৈ পৰে । আৰ পি জি এন্টাৰপ্ৰাইজৰ ( RP Enterprise ) অধ্যক্ষ হৰ্ছ গোয়েংকাই অ’টো চালক জনৰ এই ভিডিঅ'টো প্ৰচাৰ কৰে ।

video credit: Harsh Goenka

[embed]https://twitter.com/i/status/1175715219449860096[/embed]

এই ভিডিঅ'টোত চলন্ত অ’টোত পিছৰ টায়াৰ সলনি কৰে অ’টো চালক জনে ।সেই সময়তে আন এখন অ’টো ৰিস্কা পৰা এজন মানুহ আহি মানুহজনৰ হাতত টায়াৰ এটা দিয়ে ৷ আৰু সেই অ’টো চালক জনে কাৰো সহায় নোলোৱাকৈয়ে টায়াৰ সলনি কৰে ।

ভিডিঅ'টোৰ শীৰ্ষত লিখিছে যে , " I have been seen a lot of Tyres being changed... Bt this one is James bond style"

এই ভিডিঅ'টো ৬০,০০০ তকৈ বেছি মানুহে চোৱাৰ লগতে অতি কম সময়তে ভাইৰেল হয় । যি নহওক এনেকুৱা ষ্টান্ট প্ৰায় দেখিব পোৱা নাযায় ।

লগতে এয়াও ক’ব লাগিব যে এনেদৰে চলন্ত অ’টোত টায়াৰ সলনি কৰাটো অতি ভয়ানকৰ লগতে যথেষ্ট প্ৰত্যাহ্বানপূৰ্ণ ।

ভিডিঅ প্ৰতক্ষ্য কৰক:Watch Video | Jatin Bora & Team 'Ratnakar' visits Tinsukia for Promotions

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com