দৈনিক ১.৫ লিটাৰ কফি সেৱন কৰা এটি বিশেষ শিশু:কি মন্তব্য চিকিৎসকৰ?

দৈনিক ১.৫ লিটাৰ কফি সেৱন কৰা এটি বিশেষ শিশু:কি মন্তব্য চিকিৎসকৰ?

সচৰাচৰ সকলোৱে আমাক উপদেশ দিয়ে যে অত্যাধিক পৰিমাণে চাহ কফি খোৱাটো স্বাস্থ্যৰ পক্ষে ক্ষতিকাৰক । কিন্তু সকলোকে আছৰিত কৰি ইণ্ডোনেছিয়াৰ এজনী কণমাণিয়ে এদিনত প্ৰায় ১.৫ লিটাৰ কফি সেৱন কৰে। মন কৰিব লগীয়া যে কণমাণি জনীৰ বয়স মাত্ৰ ১৪ মাহ ৷কণমাণি জনীয়ে প্ৰত্যেক দিনে কফি সেৱন কৰি আহিছে যদিও সম্প্ৰতি সম্পূৰ্ণ সুস্থ । গতিকে কণমাণি জনীৰ এই কথাত সম্প্ৰতি সকলোৱে আশ্চৰ্য্য প্ৰকাশ কৰিছে।

ইফালে পশ্চিম চুলাৱেচীৰ টনৰু লিমা গাঁৱৰ কণমাণি জনীৰ নাম হাদিজা ৷ প্ৰকৃততে ১৪ মহীয়া হাদিজাৰ অভিভাৱক অৰ্থনৈতিক ভাৱে বহু দুৰ্বল। গতিকে এনে পৰিস্থিতিৰ হাদিজাৰ কাৰণে প্ৰত্যেক দিনে গাখীৰ ক্ৰয় কৰাটো সম্ভৱ নহয়। সেইকাৰণে পৰিয়ালটোৱে কফি ক্ৰয় কৰি হাদিজাক খুৱাই ৷ যেতিয়া শিশুটিৰ এই খবৰ ছ’চিয়েল মিডিয়াত প্ৰচাৰ হয় ৷ তেতিয়া স্থানীয় আৰক্ষী থানাই কণমানি হাদিজাৰ ঘৰত উপস্থিত হয়।

অভিভাৱকসকলক এই ঘটনাৰ বিষয়ে প্ৰশ্ন কৰে স্থানীয় আৰক্ষীয়ে। আৰু শিশুটিৰ কাৰণে গাখীৰ আৰু বিস্কুতৰ যোগান ধৰে ৷ লগতে শিশুটিৰ স্বাস্থ্যৰ কাৰণে কফী কিমান অপকাৰী সেই বিষয়েও অৱগত কৰাই অভিভাৱকক। আনহাতে শিশুটিৰ মাতৃ অনিতাই তেওঁলোকৰ পৰিয়ালৰ অৰ্থনৈতিক অৱস্থা সন্দৰ্ভত কয় যে তেওঁৰ স্বামী আৰু হাদিজাৰ পিতৃয়ে নাৰিকল গুচুৱাৰ কাম কৰে ৷ ইয়াৰ কাৰণে শিশুটিৰ পিতৃয়ে প্ৰত্যেক দিনে লাভ কৰে ১০০ টকা।

গতিকে এই সীমিত পৰিমাণৰ টকাৰে ঘৰ চলোৱাৰ লগতে শিশুটিৰ কাৰণে গাখীৰ ক্ৰয় কৰাত অসুবিধা হয় ৷গতিকে কফিৰ মূল্য সীমিত হোৱাৰ কাৰণে শিশুটিক কফী সেৱন কৰোৱাই ।সম্প্ৰতি হাদিজাৰ কফীৰ প্ৰতি আসক্তি বৃদ্ধি হৈছে ৷ যদি এদিনো হাদিজাই কফি সেৱন নকৰে তেন্তে কান্দিবলৈ ধৰে । উল্লেখ্য যে এই সন্দৰ্ভত চিকিৎসকে কয় যে কফী শিশুসকলৰ কাৰণে ক্ষতিকাৰক ৷ গতিকে যি কোনো পৰিস্থিতিত কফি সেৱন কৰিব নালাগে ৷ কিন্তু আৰ্থিক সংকটে কোঙা কৰা পৰিয়ালটোৰ শিশুটিক কফী সেৱন কৰাৰ বাহিৰে অন্য কোনো উপায় বিচাৰি পোৱা নাই ৷

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com