পঞ্জাৱৰ ৮৩ বছৰীয়া বৃদ্ধ ই লাভ কৰিলে স্নাতকোত্তৰ

পঞ্জাৱৰ ৮৩ বছৰীয়া বৃদ্ধ ই লাভ কৰিলে স্নাতকোত্তৰ

পঞ্জাৱৰ ৮৩ বছৰীয়া বৃদ্ধ ই লাভ কৰিলে স্নাতকোত্তৰ । বয়স কেতিয়াও প্ৰতিবন্ধ হ'ব নোৱাৰে আৰু শিকাৰ বাবেও কোনো সময় নাথাকে , এই কথা আকৌ এবাৰ প্ৰমান কৰিলে ৮৩ বছৰীয়া সোহন সিং গিল নামৰ মানুহজনে ২০১৯ চনৰ ১৮ তাৰিখে‌ স্নাতকোত্তৰ ডিগ্ৰী আহৰন কৰি । পঞ্জাৱৰ জলন্ধৰৰ লাভলি প্ৰফেচনেল ইউনিভাৰচিটিৰ পৰা সম্ভাষন আৰু সকলোৰে শুভকামনাৰ যোগেদি লাভ কৰে স্নাতকোত্তৰ ডিগ্ৰী । গিলে বাস কৰে হোচিয়াৰপুৰ গাঁৱত । কালছা কলেজ মহিপালপুৰ পৰা গিলে গ্ৰেজুৱেশ্বন সমাপ্ত কৰে । তাৰ পিছত তেওঁ শিক্ষা প্ৰশিক্ষন লয় ।‌

২ বছৰ আগত যেতিয়া গিলৰ বয়স ৮১ বছৰ তেতিয়া তেওঁ দুৰ শিক্ষা ব্যৱস্থাত যোগদান কৰাৰ কথা ভাৱে যাৰ ফল স্বৰূপে তেওঁ ইংৰাজী বিষয়ত স্নাতকোত্তৰ লাভ কৰে ।

সোহান গিলে কয় যে , " অৱশেষত মই মোৰ ইচ্ছা শক্তি আৰু ভগৱানৰ কৃপাৰ ফলত যি বিছাৰিছিলো সেই খিনি লাভ কৰিলো । মোৰ লৰালি কালৰে পৰা ইংৰাজী ভাষা মোৰ প্ৰিয় আছিল আৰু কেনিয়াত বাস কৰা সময়ত মই এই বিষয়ত আধিপত্য লাভ কৰিছিলো ।সেই বিষয়তেই মই আজি স্নাতকোত্তৰ লাভ কৰিলো " ।

লগতে গিলে কয় যে ,," মই জানিছিলো যে মই এই স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিব পাৰিম । IFLTS ৰ ছাত্ৰ ছাত্ৰীক প্ৰশিক্ষণ দিয়াৰ লগতে ভাল নম্বৰো আহৰন কৰিছিল " ।

সোহান সিঙৰ জন্ম হৈছিল ১৯৩৭ চনৰ ১৫ আগষ্ট তাৰিখে । লগতে তেওঁ গাওৰে স্কুলত শিক্ষা গ্ৰহণ কৰিছিল । ইংৰাজী ৰ লগতে বিভিন্ন ধৰণৰ খেল বিশেষকৈ হকীৰ ক্ষেত্ৰত তেওঁ বেছি আগ্ৰহী।

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com