Begin typing your search above and press return to search.

প্ৰাক্তন আবছুৰ সম্পাদক ৰিনজয় বৰাৰ বিজেপিত যোগদান

প্ৰাক্তন আবছুৰ সম্পাদক ৰিনজয় বৰাৰ বিজেপিত যোগদান

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  23 Sep 2019 1:39 PM GMT

প্ৰাক্তন আবছুৰ (ABSU ) সম্পাদক ৰিনজয় বৰাৰ বিজেপিত যোগদান । ওদালগুৰি ৰ বিষ্ণু ৰাভা কৃষ্টি সংঘত অনুষ্ঠিত হোৱা এক সভাত প্ৰাক্তন আবছুৰ সম্পাদক ৰীনজয় বৰা , ওদালগুৰি জিলা কমিটীৰ বড়োলেণ্ড ছাত্ৰ সন্থাৰ মনোজ বড়োৰ লগতে আন বহুতো লোকে আনুষ্ঠানিক ভাৱে বিজেপি ত যোগদান কৰে।

এই সভাত মঙলদৈ জিলা সমষ্টিৰ সাংসদ দিলীপ কুমাৰ শইকীয়া ও উপস্হিত থাকে । লগতে উপস্হিত থাকে ওদালগুৰি জিলাৰ বিজেপি কমিটীৰ সভাপতি কাৰ্টিক চন্দ্ৰ বড়ো আৰু বিজেপিৰ আন কৰ্মকৰ্তা সকল । কাৰ্তিক বড়ো ই কয় যে , কেৱল বিজেপি ৰ দ্বাৰা হে এখন ভাল চৰকাৰ আৰু ৰাজ্য খনৰ বিকাশ সুনিশ্চিত বুলি কব পাৰি ।

সাংসদ দিলীপ কুমাৰ শইকীয়াই কয় যে , বিজেপিয়ে এনে এক ৰাষ্ট্ৰীয় দল যিয়ে বহু বছৰলৈকে শাসন কাৰ্য চলাব পাৰিব । সাসংদ গৰাকীয়ে সকলো নতুন সদস্যকে বিজেপি দললৈ আমন্ত্ৰণ জনায় । বিজেপি দলত যোগদান কৰাৰ পিছতেই প্ৰাক্তন আবছুৰ সম্পাদক ৰিনজয় বৰাই তেওঁৰ অনুভৱ ব্যক্ত কৰে ।

অধিক খবৰৰ বাবে পঢ়ক: সত্ৰাধিকাৰ যুগদানন্দ চন্দ্ৰ গোস্বামী দেৱক প্ৰদান কৰা হ’ব মাধৱদেৱ বঁটা

ভিডিঅ প্ৰতক্ষ্য কৰক:District Transport Office introduces 'Time Card' for city buses | The Sentinel News | Assam News

Next Story
চাকৰি