শীৰ্ষ বাতৰি

ক'ৰ'নাঃ গাৰ্গল কৰা পানীও লোৱা হ'ব পাৰে নমুনা পৰীক্ষাৰ বাবে

Sentinel Digital Desk

মুখেৰে কুলকুলি কৰা বা গাৰ্গল কৰা পানীও ক'ৰ'নাৰ নমুনা পৰীক্ষাৰ বাবে লোৱা হ'ব পাৰে। ভাৰতীয় চিকিত্সা গৱেষণা পৰিষদ(আই চি এম আৰ)-ৰ শেহতীয়া এক প্ৰতিবেদনত এনে এক ইংগিত পোৱা গৈছে। আই চি এম আৰৰ ইণ্ডিয়ান জাৰ্ণেল অৱ মেডিকেল ৰিচাৰ্ছত প্ৰকাশ পোৱা এক প্ৰতিবেদন অনুসৰি মহামাৰী সৃষ্টিকাৰী ক'ৰ'না ভাইৰাছৰ উপস্থিতি বা অনুপস্থিতি ধৰা পেলোৱাৰ বাবে স্বাবৰ বিকল্প হব পাৰে গাৰ্গল কৰা পানী।

যদিহে ইয়াক বাস্তৱত ৰূপায়িত কৰিব পৰা যায়, তেন্তে ক'ৰ'নাৰ নমুনা পৰীক্ষাৰ বাবে স্বাবৰ পৰিৱৰ্তে গাৰ্গল কৰা পানী লোৱা হব পাৰে। উক্ত প্ৰতিবেদনত কোৱা হৈছে যে স্বাব সংগ্ৰহৰ ক্ষেত্ৰত অনেক ত্ৰুটি-বিচ্যুটি থাকিব পাৰে। এই ক্ষেত্ৰত স্বাস্থ্যকৰ্মীও সমস্যাৰ সন্মুখীন হব পাৰে। গাৰ্গল কৰা পানী পৰীক্ষাৰ জৰিয়তে ক'ৰ'নাৰ নমুনা পৰীক্ষাৰ এক পৰীক্ষণ নতুন দিল্পীৰ এইমছত সম্পন্ন কৰা হৈছে বুলি শেহতীয়া এক প্ৰতিবেদনত প্ৰকাশ পাইছে।