শীৰ্ষ বাতৰি

ক'ৰ'না মহামাৰীঃ এইবাৰ উমৈহতীয়া বাছনি পৰীক্ষা নাপাতে গুঃ বিশ্ববিদ্যালয়ে

Sentinel Digital Desk

ক্ৰমে ভয়াবহ ৰূপ ধাৰণ কৰা ক'ৰ'না মহামাৰীৰ পৰিপ্ৰেক্ষিতত এইবাৰ উমৈহতীয়া বাছনি পৰীক্ষা অনুষ্ঠিত নকৰাৰ সিদ্ধান্ত লৈছে গুৱাহাটী বিশ্ববিদ্যালয়ে। বিশ্ববিদ্যালয়খনৰ কৰ্তৃপক্ষই প্ৰকাশ কৰা অনুসৰি স্নাতকোত্তৰ মহলাত নামভৰ্তিৰ ক্ষেত্ৰত এইবাৰ বিশ্ববিদ্যালয়ে কোনো ধৰণৰ পৰীক্ষা আয়োজন নকৰে। এই উমৈহতীয়া বাছনি অহা মাহত অনুষ্ঠিত কৰাৰ কথা আছিল। কিন্তু ক'ৰ'না মহামাৰীয়ে ভয়াবহ ৰূপ ধাৰণ কৰাৰ পৰিপ্ৰেক্ষিতত বিশ্ববিদ্যালয় প্ৰশাসনে পৰীক্ষা অনুষ্ঠিত নকৰে বুলি ঘোষণা কৰিছে। এক বিবৃতিত এই কথা সদৰী কৰি বিশ্ববিদ্যালয় কৰ্তৃপক্ষই কয়, "২০২০-২১ শিক্ষাবৰ্ষত আমাৰ বিশ্ববিদ্য়ালয় স্নাতকোত্তৰ মহলাত নামভৰ্তিৰ বাবে কোনোধৰণৰ প্ৰৱেশ পৰীক্ষাৰ আয়োজন নকৰে। একেদৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ অনুমোদিত কোনো মহাবিদ্যালয়েও নামভৰ্তিৰ ক্ষেত্ৰত কোনোধৰণৰ প্ৰৱেশ পৰীক্ষা অনুষ্ঠিত নকৰে"।

উল্লেখ্য যে যোৱা বছৰ গুৱাহাটী বিস্ববিদ্যালয়ৰ বিভিন্ন বিভাগত নামভৰ্তিৰ বাবে প্ৰায় ২০ হেজাৰ ছাত্ৰ-ছাত্ৰী অৱতীৰ্ণ হৈছিল। এইবাৰ বিশ্ববিদ্যালয়ে অৰ্থনৈতিকভাবে পিছপৰা পৰিয়ালৰ ছাত্ৰ-ছাত্ৰীৰ বাবে ১০ শতাংশ আসন সংৰক্ষণ কৰি ৰাখিব। ইতিমধ্যে অসম চৰকাৰে এইবাৰ ৰাজ্যৰ ৰাজহুৱা শিক্ষাখণ্ডৰ বিশ্ববিদ্যালয় আৰু মহাবিদ্যালয়সমূহত ছাত্ৰ-ছাত্ৰীৰ নামভৰ্তি বিনামূলীয়া কৰিছে।