শীৰ্ষ বাতৰি

নতুন তিনিখন কৃষি আইন প্ৰত্যাহাৰ কৰিব কেন্দ্ৰইঃ প্ৰধানমন্ত্ৰীৰ ঘোষণা

Sentinel Digital Desk

নতুন তিনিখন কৃষি আইন প্ৰত্যাহাৰৰ সিদ্ধান্ত লৈছে কেন্দ্ৰীয় চৰকাৰে ৷ শুকুৰবাৰে এই কথা ঘোষণা কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৷ প্ৰধানমন্ত্ৰীয়ে কয় যে চৰকাৰে সৰ্বোত্তম চেষ্টা চলোৱা সত্বেও একাংশ কৃষকক কৃষি আইন তিনিখনে সাধন কৰিব পৰা উপকাৰ সন্দৰ্ভত পতিয়ন নিয়াবলৈ সক্ষম নহ'ল ৷ "এই কৃষি আইনকেইখন কৃষকৰ স্বাৰ্থত অনা হৈছিল ৷ কিন্তু কৃষি আইনকেইখনে সাধন কৰিব পৰা উপকাৰ সন্দৰ্ভত আমি একাংশ কৃষকক পতিয়ন নিয়াবলৈ সক্ষম নহ'লো," প্ৰধানমন্ত্ৰীয়ে এইদৰে কয়।

উল্লেখ্য যে দেশৰ সংসদে ২০২০ত গৃহীত কৰা এই তিনিখন কৃষি আইনৰ বিৰুদ্ধে পঞ্জাৱ, হাৰিয়ানা, উত্তৰ প্ৰদেশ আদি ৰাজ্যৰ বহুসংখ্যক কৃষকে সংগঠনে প্ৰতিবাদ কৰি আহিছে ৷ এইবছৰৰ গণৰাজ্য দিৱসৰ দিনা এই কৃষক প্ৰতিবাদক কেন্দ্ৰ কৰি দিল্লীত হিংসাত্মক ঘটনাও সংঘটিত হয় ৷

আনহাতে, কৃষকসকলৰ প্ৰতিবাদত সেও মানে মোদী চৰকাৰে কৃষি আইন তিনিখন প্ৰত্যাহাৰৰ সিদ্ধান্ত লোৱা বুলি একাংশ লোকে মন্তব্য কৰিছে ৷ মোদী চৰকাৰে পূৰ্বে ঘোষণা কৰা অনুসৰি কৃষকসকলক উত্পাদিত সামগ্ৰীৰ এখন ডাঙৰ বজাৰ দিয়াৰ উদ্দেশ্য এই নতুন তিনিখন কৃষি আইন অনা হৈছিল। ইয়াৰ বিপৰীতে একাংশ কৃষক সংগঠনে আইন তিনিখনৰ বিৰুদ্ধে প্ৰতিবাদ প্ৰবল কৰি তোলে।