শীৰ্ষ বাতৰি

ডোনী প’ল’ চাহ বাগিচাৰ গোল্ডেন নিডল চাহৰ বিশেষ সাফল্য

Sentinel Digital Desk

ডোনী প’ল’ চাহ বাগিচাৰ গোল্ডেন নিডল চাহৰ বিশেষ সাফল্য। গুৱাহাটী চাহ নিলাম কেন্দ্ৰই বুধবাৰে অৰুণাচল প্ৰদেশত ড’নী প’ল চাহ বাগিচাৰ গোল্ডেন নিডল চাহ প্ৰতি কিলোগ্ৰামাত ৭৫০০০ টকাকৈ বিক্ৰী কৰি ইতিহাস ৰচনা কৰে। এই সন্দৰ্ভত গুৱাহাটী চাহ নিলাম কেন্দ্ৰৰ সচিব দিনেশ বিহানীয়ে কয় যে এই চাহে বিগত বৰ্ষত ৩৯০০০ দৰত বিক্ৰী হৈছিল ।

এই চাহ চট্টৰ সিং নৰেন্দ্ৰ কুমাৰ নামৰ এজন লোকে ক্ৰয় কৰিছিল ৷ এই চাহ অনলাইনৰ জৰিয়তে বিক্ৰি কৰা হ’ব। জয়ন্ত জালান নামৰ এগৰাকী লোকে কোৱা অনুসৰি এই চাহে বিগত বৰ্ষত লোকসকলৰ মাজত যথেষ্ট প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছিল ৷গতিকে এই বছৰতো আমি লোকসকলৰ পৰা ইতিবাচক সহাঁৰি পাম বুলি আশা কৰিছো ৷

অসম কোম্পানী ইণ্ডিয়া লিমিটেডৰ মাইজান চাহ বাগিছাৰ গ’ল্ড টি এক কিলোগ্ৰামত ৭০৫০১ টকাত বিক্ৰী হয়। গুৱাহাটীৰ মুনধ্ৰা চাহ কোম্পানীয়ে মাইজান চাহ বাগিছা ৰ চাহপাত ক্ৰয় কৰে ৭০,৫০১ টকাত । গুৱাহাটী মুনধ্ৰা চাহ কোম্পানীৰ লগতে বেলজিয়ামৰ এটা কোম্পানী ষ্টিভেন প্লাজিয়েৰ আৰু অনলাইন টি ষ্টোৰ এটাৰো অংশ আছে।

ডিব্ৰুগড়ৰ মনোহাৰী চাহ বাগিচাই গঢ়িলে অভিলেখ। মঙলবাৰে নিলাম বজাৰত বাগিচাখনৰ প্ৰতি কিলোগ্ৰাম চাহৰ দৰ উঠিল ৫০ হাজাৰ টকালৈ। মঙলবাৰে পুৱা গুৱাহাটীৰ চাহ নিলাম কেন্দ্ৰত সৌৰভ টী ট্ৰেডাৰ্ছে ৫০ হাজাৰ টকাত কিনিলে ১ কিলোগ্ৰাম চাহ।

গুৱাহাটীৰ সৌৰভ টি ট্ৰেডাৰচ প্ৰাইভেট লিমিটেডে গ’ল্ড টি ২ কিলোগ্ৰাম ক্ৰয় কৰে। বিশ্বৰ ভিতৰতে নিলাম কেন্দ্ৰ বিক্ৰী হোৱাৰ ভিতৰত ৫০,০০০ সৰ্বাধিক ।

৪০ হাজাৰ টকাত নিলাম হৈছিল অৰুণাচলৰ ডনী পল বাগিচাৰ ১ কিলোগ্ৰাম চাহপাত। ইয়াৰ পূৰ্বে বিগত বৰ্ষত বাগানখনৰ চাহৰ দৰ উঠিছিল সৰ্বোচ্চ ৩৯,০০১ টকা পূৰ্বে পৰ্যন্ত।

এই সন্দৰ্ভত মনোহাৰী চাহ বাগিছাৰ মালিক ৰঞ্জন লোহিয়ায়ে প্ৰকাশ কৰে যে, গ’ল্ড টি উৎপাদনৰ বাবে বতৰ এইবাৰ প্ৰতিকুল আছিল আৰু এই বছৰ মাত্ৰ ৫ কিলোগ্ৰামহে উৎপাদনৰ কৰিব পৰা হৈছে । ” লগতে তেওঁ প্ৰকাশ কৰে যে, ” বতৰৰ বাবে উৎপাদন ভাল হোৱা নাছিল বুলি প্ৰকাশ কৰে ।

অসমৰ চাহ উদ্যোগৰ বাবে নিশ্চিত ভাৱে সু-খবৰ । অসমৰ চাহ ব্যৱসায়ী সকলক ইয়ে যথেষ্ট উৎসাহিত কৰিব। পূৰ্বে ৪০ হাজাৰ টকাত নিলাম হৈছিল অৰুণাচলৰ ডনী পল বাগিচাৰ ১ কিলোগ্ৰাম চাহপাত।ইয়াৰ পূৰ্বে বিগত বৰ্ষত বাগানখনৰ চাহৰ দৰ উঠিছিল সৰ্বোচ্চ ৩৯,০০১ টকা পৰ্যন্ত। এক কিলোগ্ৰাম মনোহাৰী গ’ল্ড টি ৫০,০০০ টকাত বিক্ৰী । ডিব্ৰুগড়ৰ মনোহাৰী চাহ বাগিচাই গঢ়িলে অভিলেখ।

পূৰ্বে চাহ নিলামত অসমৰ ডিব্ৰুগড় জিলাৰ ৰাজন লোহিয়া মালিকাধীন মনোহাৰী চাহ বাগিচাৰ মনোহাৰী গোল্ড চাহে কেজিত ৩৯,০০১ টকা সংগ্ৰহেৰে বিশ্ব অভিলেখ গঢ়িবলৈ সক্ষম হয়।২ কিলো মনোহাৰী চাহ ক্ৰয় কৰে সৌৰভ চাহ ট্ৰেডাৰচে।

ভিডিঅ প্ৰতক্ষ্য কৰক:Illegal timber trade in West Karbi Anglong | The Sentinel News | Assam News