শীৰ্ষ বাতৰি

ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ ক্ষেত্ৰত চৰকাৰ অসফল : প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ

Sentinel Digital Desk

ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ ক্ষেত্ৰত চৰকাৰ অসফল : প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ। প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে কয় যে যদিহে নাগৰিকত্ব সংশোধনী বিধেয়ক সংসদত গৃহীত হয় তেন্তে ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী নিৰৰ্থক হৈ পৰিব , আৰু যদিহে ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ ভিত্তি বৰ্ষ ১৯৫১ চন হয় তেন্তে অসম চুক্তি খনো অৰ্থহীন হৈ পৰিব ।

শুকুৰবাৰে অনুষ্ঠিত হোৱা এক সংবাদ মেলত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে এই কথা ব্যক্ত কৰে । কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে লোকসভাত অসমৰ ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী খনকলৈ কৰা মন্তব্যৰ ওপৰত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে। গৃহ মন্ত্ৰী অমিত শ্বাহে লোকসভাত ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী খন নাকচ কৰাৰ ইংগিত দিয়া বুলি কয় গগৈয়ে । লগতে কয় যে ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰ খনে এনেকুৱা ধৰণৰ কিছুমান সমস্যাৰ সৃষ্টি কৰে য'ত দলটোৱে নিৰ্বাচনৰ আগত কৰা প্ৰতিশ্ৰুতি সমূহ পূৰণ কৰাত অসফল হোৱাৰ পৰা মানুহৰ দৃষ্টি বিভ্ৰান্ত কৰিব পাৰে । অথচ এয়া সেই খনে এন আৰ চি যি প্ৰকাশৰ সময়ত কেন্দ্ৰীয় মন্ত্ৰী অমিত শ্বাহে গৌৰৱ অনুভৱ কৰিছিল । লগতে অমিত শ্বাহে ঘোষনা কৰিছিল যে এন আৰ চি খচৰাত বাদ পৰা ৪০ লাখ লোকক বহিষ্কাৰ কৰা হ'ব ।

এন আৰ চি নতুনকৈ গঠন কৰাৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰৰ ভূমিকাৰ ক্ষেত্ৰত তৰুণ গগৈয়ে প্ৰশ্ন উত্থাপন কৰে যে এন আৰ চিখনৰ জৰিয়তে প্ৰকৃত নাগৰিককো অবৈধ বাংলাদেশী সজালে আৰু ইয়াৰ ক্ষেত্ৰত দায়ী কোন ? লগতে কয় যে এন আৰ চি শুদ্ধ ভাৱে প্ৰকাশ কৰাৰ বাবে ৰাজ্য চৰকাৰেও নিজৰ ভূমিকা পালন কৰিব লাগিব। তদুপৰি দিছপুৰেও নিজৰ কৰ্তব্য পালন কৰাৰ ক্ষেত্ৰত অসফল হৈছে।

প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে অগপৰ ওপৰত কয় যে অগপ ই কেৱল নিজৰ ক্ষমতাৰ বাবেহে কেবল ক্ষেত্ৰত দুখলপীয়া স্থিতি পালন কৰি আহিছে । অগপ প্ৰতিষ্ঠাপক সভাপতি প্ৰফুল্ল কুমাৰ মহন্তই ইতিমধ্যে কেবৰ বিৰোধিতা কৰি আহিছে আৰু এই ক্ষেত্ৰত তেওঁক সমৰ্থন কৰে বুলি কয় তৰুণ গগৈয়ে।