নেতৃত্বই নকৰিলেও অসম গন পৰিষদে কেবৰ বিৰোধিতা কৰিব: প্ৰফুল্ল মহন্ত

নেতৃত্বই নকৰিলেও অসম গন পৰিষদে কেবৰ বিৰোধিতা কৰিব: প্ৰফুল্ল মহন্ত

নেতৃত্বই নকৰিলেও অসম গন পৰিষদে কেবৰ বিৰোধিতা কৰিব: প্ৰফুল্ল মহন্ত। প্ৰাক্তন মুখ্যমন্ত্ৰী তথা অগপৰ প্ৰতিষ্ঠাপক সভাপতি প্ৰফুল্ল কুমাৰ মহন্তই আৰোপ লগায় যে অগপ নেতৃত্বই কেৱল নিজৰ হিতৰ বাবে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা কৰা নাই আৰু সেয়া উচিত নহয়। লগতে তেওঁ কয় যে নেতৃত্বই নকৰিলেও অগপ ই দলীয় ভাৱে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা কৰিব ।

প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তই কেবৰ সম্পূৰ্ণ ৰূপে বিৰোধিতা কৰি কয় যে দলৰ শীৰ্ষ নেতা সমূহে কেৱল ক্ষমতা যায় বুলি শংকিত হৈ নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা কৰা নাই ।

শুকুৰবাৰে অনুষ্ঠিত এক সংবাদ মেলত প্ৰফুল্ল কুমাৰ মহন্তই কয় যে অগপ ই প্ৰথমৰ পৰাই নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা কৰি আহিছে।‌এই বিধেয়ক খন অসম আন্দোলন আৰু অসমৰ থলুৱা জনসাধাৰণ বিৰুদ্ধে জাতিধ্বংসী বিধেয়ক।‌ তদুপৰি কয় যে সংসদত বিজেপিৰ স্থিতি শক্তিশালী হোৱা হেতুকে বিধেয়ক খন গৃহীত হ'ব ও পাৰে । কিন্তু বিধেয়ক খন গৃহীত হোৱাৰ ফলত ৰাজ্যখনৰ থলুৱা জনসাধাৰণ , ভাষা , সাহিত্য আৰু সংস্কৃতিৰ ওপৰত প্ৰভাৱ পেলাব । অগপৰ নেতৃত্বই নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা নকৰিলেও অগপ ই দলীয় ভাৱে বিধেয়ক খনৰ বিৰোধিতা জাৰি ৰাখিব আৰু এয়া দলৰ সমূহীয়া সিদ্ধান্ত। অগপৰ নেতৃত্বই কেবৰ বিৰোধিতা কৰাৰ পৰা বিৰত আছে । কিন্তু তেওঁলোক মন্ত্ৰীসভাৰ সদস্য হিচাপে বিধেয়ক খনৰ বিৰোধিতা কৰা উচিত বুলি কয় প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তই।

নৱ গঠিত দল অসম ছাত্ৰ পৰিষদ গঠনৰ ওপৰত কৰা প্ৰশ্নত মহন্তই কয় যে য'ত ছাত্ৰ সকলৰ দল গঠন কৰা হৈছিল সেই সভাত মহন্তক আমন্ত্ৰণ জনোৱা নাছিল । লগতে তেওঁ কয় যে যদি সেই সভা খনলৈ আমন্ত্ৰণ জনালেও হয় তেতিয়াও তেওঁ নৱ‌ গঠিত দলটোৰ সভাত উপস্থিত নাথাকিল হেতেন । কাৰণ অসমত ইতিমধ্যে এক ৰাষ্ট্ৰীয় সংগঠন সদৌ অসম ছাত্ৰ সন্থা আছে । তদুপৰি অগপৰ নিৰ্ণয় কেৱল এক যুৱ সংগঠন অসম যুৱ পৰিষদ‌ গঠন কৰাৰহে, ছাত্ৰ সংগঠন প্ৰতিষ্ঠা কৰাৰ নহয় ।

প্ৰফুল্ল কুমাৰ মহন্তই উত্তৰ পূৰ্বাঞ্চলৰ সকলো দল সংগঠনকে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা কৰিবলৈ আহ্বান জনায়।

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com