Begin typing your search above and press return to search.

চৰকাৰক অপৰাধ অনুসন্ধানৰ বাবে ৪৩৫ জন আৰক্ষী বিষয়া নিয়োজনৰ নিৰ্দেশ ন্যায়ালয়ৰ

চৰকাৰক অপৰাধ অনুসন্ধানৰ বাবে ৪৩৫ জন আৰক্ষী বিষয়া নিয়োজনৰ নিৰ্দেশ  ন্যায়ালয়ৰ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  22 Nov 2019 10:46 AM GMT

চৰকাৰক অপৰাধ অনুসন্ধানৰ বাবে ৪৩৫ জন আৰক্ষী বিষয়া নিয়োজনৰ নিৰ্দেশ ন্যায়ালয়ৰ । গুৱাহাটী উচ্চ ন্যায়ালয়ে গুৱাহাটী ক্ৰাইম ব্ৰাঞ্চকে সামৰি ৰাজ্যৰ বিভিন্ন আৰক্ষী থানত ৰুজু হোৱা বিভিন্ন অপৰাধ মূলক গোচৰৰ তদন্ত কৰাৰ বাবে দক্ষ আৰু অভিজ্ঞ হিচাপে চিহ্নিত কৰা ৪৩৫ জন অসম আৰক্ষী বিষয়া নিয়োজিত কৰাৰ নিৰ্দেশ দিয়ে ।

উচ্চ ন্যায়ালয়ে স্পষ্ট ৰূপত কৈছে যে এই বিভাগৰ বাবে নিয়োজিত হোৱা আৰক্ষী বিষয়া সমূহ আইন শৃংখলা নিয়ন্ত্ৰণ , ভি আই পিৰ নিৰাপত্তাকে ধৰি অন্যান্য কোনো দায়িত্বতে নিয়োজিত কৰিব নোৱাৰে । তদুপৰি অপৰাধ তদন্তৰ বাবে নিয়োজিত হোৱা ৪৩৫ গৰাকী আৰক্ষী বিষয়া কেৱল নিৰ্দিষ্ট কোনো জৰুৰীকালীন পৰিস্থিতিত নিৰ্দিষ্ট সময়ৰ বাবে সঠিক প্ৰশাসনিক নিৰ্দেশৰ জৰিয়তেহে নিয়োজিত কৰিব পাৰিব । ইয়াৰ নিৰ্দেশ দিয়ে ডিভিজন বেঞ্চৰ ন্যায়াধীশ অশিন্ত মল্ল বুজৰ বৰুৱা আৰু ন্যায়াধীশ মিৰ আলফজ আলিয়ে ।

তদুপৰি তদন্তৰ বাবে নিয়োজিত হোৱা ৪৩৫ জন আৰক্ষী বিষয়াক সংশ্লিষ্ট আৰক্ষী থানাত ৰুজু হোৱা অপৰাধৰ গোচৰৰ পৰিসংখ্যাৰ ভিত্তিত মকৰল কৰা উচিত বুলি কয় ন্যায়লয়ে।

লগতে ন্যায়ালয়ে কয় যে অপৰাধ তদন্তৰ বাবে নিয়োজিত হোৱা ৪৩৫ জন আৰক্ষী বিষয়া কেৱল তদন্তকাৰী গোটতে থাকিব ।এখন থানাৰ পৰা আন এখন থানালৈ বদলি হ'লেও কেৱল তদন্তৰ দায়িত্বতে থাকিব লাগে বুলি নিৰ্দেশ দিয়ে প্ৰশাসনে । তদুপৰি এই গোটত ৪৩৫ জনতকৈ কম আৰক্ষী বিষয়া হ'ব নোৱাৰে বুলিও কয় ।

আনহাতে উচ্চ ন্যায়ালয়ে গুৱাহাটী ক্ৰাইম ব্ৰাঞ্চ আৰক্ষী থানাক অতিশীঘ্ৰেই ৪৩৫ জনীয়া গোটতো কাৰ্যক্ষম কৰি তুলিবলৈ নিৰ্দেশ দিয়ে।

অন্য খবৰৰ বাবে পঢ়ক: গুৱাহাটীৰ যান জঁট সমস্যা সমাধানৰ বাবে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশনা

ভিডিঅ প্ৰতক্ষ্য কৰক: Govt all set to push for the contentious Citizenship Bill in the winter session of Parliament

Next Story
চাকৰি