গুৱাহাটীৰ যান জঁট সমস্যা সমাধানৰ বাবে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশনা

গুৱাহাটীৰ যান জঁট সমস্যা সমাধানৰ বাবে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশনা

গুৱাহাটীৰ যান জঁট সমস্যা সমাধানৰ বাবে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশনা। গুৱাহাটীৰ যান জঁটৰ সমস্যা লাঘৱ কৰাৰ বাবে গুৱাহাটী উচ্চ ন্যায়ালয়ে কেইবাটাও নিৰ্দেশনা জাৰি কৰিছে।মালিগাঁও চাৰিআলিৰ ৰীতা দাস মজুমদাৰ নামৰ মহিলাগৰাকীয়ে উচ্চতম ন্যায়ালয়ত তৰা এক পি আই এল শুনানিত অনুসৰি এই ৰায় দিছে ন্যায়ালয়ে।পি আই এল ত গুৱাহাটীৰ যান জঁট য়ে মহানগৰখনৰ জীৱনযাত্ৰা কেনে অশান্তিকৰ কৰি তুলিছে সেইয়া উল্লেখ কৰিছে ৰীতা দাস মজুমদাৰে।

উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ অজয় লাম্বা আৰু ন্যায়ধীশ অচিন্ত মল্ল বুজৰ বৰুৱা ই প্ৰশ্ন কৰাৰ লগতে শেহতীয়া ভাবে দিয়া নিদের্শনা এক নিদিষ্ট সময় সীমাৰ ভিতৰত উন্নীত কৰণৰ বাবে নিৰ্দেশ দিছে কামৰূপ মহানগৰ প্ৰশাসন,আৰক্ষী আৰু আন বিভাগসমূহক।উচ্চ ন্যায়ালয়ৰ নিৰ্দেশনা অনুসৰি যান জঁট ৰ মূল সমস্যা দেখা দিয়া মূল পথ সমূহত এক বৈজ্ঞানিক পদ্ধতিৰে অধ্যয়ণ কৰা আৰু মহানগৰীত সততে দেখা দিয়া যান জঁট সমূহৰ মূল কাৰণ আৰু সমাধানসূত্ৰ বিচাৰি ওলোৱা।

মহানগৰীৰ যান বাহন আৰক্ষীক দিয়া নিৰ্দেশনা অনুসৰি,মূল পথৰ কাষত বা অন্য কোনো স্থান নিৰ্বাচন কৰি তাত পাৰ্কিংৰ ব্যৱস্থা কৰা যাতে সেই স্থানত বহু সংখ্যক বাহন ৰাখিব পৰা যায়।মূল পথত বাহনৰ পাৰ্কিং য়ে যাতে মূল পথৰ অন্য বাহনৰ যাতায়তত অসুবিধাৰ সৃষ্টি নকৰে তাৰ প্ৰতি ও গুৰুত্ব দিবৰ বাবে নিৰ্দেশনা দিয়া হৈছে।

আনহাতে নো পাৰ্কিং জনত বাহন পার্ক কৰিলে তৎকালীন ভাবে সেই বাহন আঁতৰাবৰ বাবে নিৰ্দিষ্ট সংখ্যক ক্রেন ৰখা আৰু বাহনৰ গৰাকীৰ বিৰুদ্ধে আইনী ব্যৱস্থা লোৱাৰ বাবেও মহানগৰীৰ যান বাহন আৰক্ষীক নিৰ্দেশ দিছে ন্যায়ালয়ে।

আৰক্ষীক ন্যায়ালয়ে দিয়া আন এক নিৰ্দেশনা অনুসৰি দুটাকৈ ফেচবুক একাউণ্ট খুলি যান বাহন আইন উলংঘন কৰা সকলৰ দুুচকীয়া অথবা চাৰিচকীয়া বাহনৰ ছবি আপলোড কৰাৰ বাবে নিৰ্দেশণা দিছে।

ৰাইজৰ অভিযোগ লাভ কৰিব পৰাকৈ দুটা ৱাত্স এপ নাম্বাৰ উপলবদ্ধ কৰাৰ আৰু এই নাম্বাৰৰ প্ৰচাৰ কৰাৰ বাবে নিৰ্দেশনা দিয়া হয়।

ৰাজপথত কোনো সমস্যা বা কোনোৱে আইন উলংঘন কৰিলে তাৰ তথ্য ,আলোকচিত্ৰ অথবা ভিডিঅ যান বাহন আৰক্ষীৰ ফেচবুক একাউণ্ট অথবা ৱাতস এপ নম্বৰত দিয়াৰ বাবে উৎসাহিত কৰা আৰু আৰক্ষীকো এই ক্ষেত্ৰত বিহিত আইনী ব্যৱস্থা লোৱাৰ বাবে নিৰ্দেশণা দিছে ন্যায়ালয়ে।চিচিটিভি কেমেৰাৰ স্পষ্ট ছবি, চিটি বাছ সমুহৰ যাতায়তৰ পথ আৰু নিৰ্দিষ্ট বাছ আস্থানতহে বাছ ৰখাৰ ক্ষেত্ৰত বিভাগীয় কৰ্তৃপক্ষক ব্যৱস্থা লোৱাৰ বাবে উচ্চ ন্যায়ালয়ে নিৰ্দেশণা দিছে।জনপ্ৰিয় এফ এম ৰ যোগেদি মহানগৰীৰ যান জঁট সম্পৰ্কত বাতৰি সম্প্ৰচাৰ কৰাৰো নিৰ্দেশণা দিয়া হৈছে।

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com