এন আৰ চি নাকচ কৰিবৰ বাবে বিত্ত মন্ত্ৰীৰ কি অধিকাৰ আছে?

এন আৰ চি নাকচ কৰিবৰ বাবে বিত্ত মন্ত্ৰীৰ কি অধিকাৰ আছে?এন আৰ চি নাকচ কৰিবৰ বাবে ৰাজ্যৰ বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কত অধিকাৰ পালে ?এই প্ৰসংগত সিদ্ধান্ত কোনে লব? এই ক্ষেত্ৰত সিদ্ধান্ত কেন্দ্ৰীয় কেবিনেটে লব নে ৰাজ্যৰ কেবিনেটে লব নে এইয়া ৰাজ্য বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিজা ব্যক্তিগত সিদ্ধান্ত?কিহৰ অধিকাৰত হিমন্ত বিশ্ব শৰ্মাই এন আৰ চি নাকচ কৰাৰ মন্তব্য কৰিছে?বুধবাৰে আছুৰ সাধাৰণ সম্পাদক লুৰীনজ্যোতি গগৈ যে এই মন্তব্য আগবঢ়াই।ছাত্ৰ নেতা জনে দা চেণ্টিনেলক জনাই যে অসম চুক্তিৰ নাগৰিকত্ব আইন অনুসৰি কেৱলমাত্ৰ অসমত এন আৰ চিৰ উন্নীতকৰণৰ কাম চলিছে আৰু সেইয়া হৈছে দেশৰ মহামান্য ন্যায়ালয়ৰ কঠোৰ নীতি নিৰ্দেশণাৰ মাজত।
এন আৰ চিৰ উন্নীতকৰণ সম্পৰ্কত মন্তব্য কৰাৰ অধিকাৰ ৰাজ্য চৰকাৰৰ ওচৰত আছে।কিন্তু তেনে মন্তব্য চৰকাৰে উচ্চতম ন্যায়ালয়ৰ ওচৰত কৰক। আছুৱে এন আৰ চিক কেতিয়াও নাকচ কৰা নাই কিন্তু আমি বিচাৰো এন আৰ চিত যি সকল লোকৰ নাম অন্তৰ্ভুক্ত হৈছে তাৰ শুদ্ধ তথ্যৰ বাবে এন আৰ চিৰ পুনঃ ৰীখন হওক।
সমগ্ৰ দেশতে এন আৰ চিৰ কামৰ প্ৰক্ৰিয়া চলিব বুলি কৰা কেন্দ্ৰীয় চৰকাৰৰ মন্তব্য সম্পৰ্কত কয় যে অসমত এন আৰ চিৰ কাম ১৯৫১ চনৰ এন আৰ চি আৰু ১৯৭১ চনৰ ভোটাৰ তালিকা অনুসৰি হৈছে।অসমত এন আৰ চিৰ প্ৰক্ৰিয়া সম্পূৰ্ণ ভিন্ন যত কি দেশৰ অন্য কোনো ৰাজ্যতে এন আৰ চিৰ প্ৰক্ৰিয়া কাৰ্যকৰী হোৱা নাই ।
অন্য খবৰৰ বাবে পঢ়ক: আমাৰ চৰকাৰে ইতিমধ্যে নাকচ কৰিছে এন আৰ চি: হিমন্ত বিশ্ব শৰ্মা
ভিডিঅ প্ৰতক্ষ্য কৰক: Govt all set to push for the contentious Citizenship Bill in the winter session of Parliament