Begin typing your search above and press return to search.

আমাৰ চৰকাৰে ইতিমধ্যে নাকচ কৰিছে এন আৰ চি: হিমন্ত বিশ্ব শৰ্মা

আমাৰ চৰকাৰে ইতিমধ্যে নাকচ কৰিছে এন আৰ চি: হিমন্ত বিশ্ব শৰ্মা

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  21 Nov 2019 6:29 AM GMT

আমাৰ চৰকাৰে ইতিমধ্যে নাকচ কৰিছে এন আৰ চি: হিমন্ত বিশ্ব শৰ্মা।"অসমৰ ৰাজ্য চৰকাৰে ৰাজ্যত কেতিয়াও এন আৰ চি মানি নলয়।আমি ৰাজ্য চৰকাৰৰ হৈ ইতিমধ্যে কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহ ক প্ৰস্তাৱ আগবঢ়াইছে। সমগ্ৰ প্ৰক্ৰিয়াটো নাকচ কৰাৰ বাবে।কাৰণ এন আৰ চিৰ প্ৰকাশিত চূড়ান্ত তালিকাত বিভিন্ন বিসংগতি ধৰা পৰিছে।বহু সন্দেহজনক লোকৰ নাম এন আৰ চিত অন্তৰ্ভুক্ত হোৱাৰ বিপৰীতে তালিকাৰ পৰা নাম বাদ পৰিছে বহু প্ৰকৃত নাগৰিকৰ নাম।"বুধবাৰে সংবাদ মাধ্যমৰ আগত এনেদৰে মন্তব্য আগবঢ়াই ৰাজ্যৰ বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

আনহাতে হিমন্ত বিশ্ব শৰ্মাই এই প্ৰসংগত আন এক মন্তব্য আগবঢ়াই কয় যে "আমাৰ চৰকাৰে ইতিমধ্যে এইটো স্পষ্ট কৰিছে যে এন আৰ চি ৰাষ্ট্ৰীয় পৰ্যায়ত হব লাগে,ৰাজ্য ভিত্তিত এন আৰ চি প্ৰক্ৰিয়াৰ কাম হোৱাটোৰ কোনো অৰ্থ নাই।"

এন আৰ চিৰ ভিত্তি বৰ্ষ সম্পৰ্কত মন্ত্ৰী গৰাকীয়ে কয় যে,ভিত্তি বৰ্ষ চূড়ান্ত কৰাৰ মূল লক্ষ্য হল যাতে বিদেশী লোক সকলক চিনাক্ত কৰি বহিস্কাৰ কৰিব পাৰি।এন আৰ চিৰ ভিত্তি বৰ্ষ সমগ্ৰ দেশৰ বাবে একে হব লাগে আৰু ভিত্তি বৰ্ষ টো লাগিলে ১৯৫১ বা ১৯৭১ ৰে হওক সমগ্ৰ দেশৰ বাবে এটা হব লাগে।

আনহাতে হিমন্ত বিশ্ব শৰ্মাই নাগৰিকত্ব সংশোধনী বিল সন্দৱত মন্তব্য আগবঢ়াই কয় যে আমাৰ বিশ্বাস যে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু অমিত শ্বাহে অসমৰ স্বাৰ্থত আঘাত কৰিব পৰা কোনো কাম নকৰে।

নাগৰিকত্ব বিল ৰ বিৰুদ্ধে হোৱা প্ৰতিবাদ সন্দবত হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য এই সন্দৰ্ভত প্ৰতিবাদ কৰা দেখা গৈছে একাংশ সংবাদমাধ্যম আৰু কিছুমান ব্যক্তি বিশেষৰ নাগৰিকত্ব বিলৰ বিৰোধিতা কৰা দেখা গৈছে।ৰাইজে এই ক্ষেত্ৰত কি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে সেইয়া ইতিমধ্যে লোক সভা,উপ নিৰ্বাচন আৰু পঞ্চায়ত নিৰ্বাচনত দেখা গৈছে।চৰকাৰৰ সিদ্ধান্ত বেয়া পোৱা হলে নিৰ্বাচনৰ ফলাফলো বেয়া হলহেঁতেন।নিৰ্বাচনৰ ফলাফলে প্ৰমাণ কৰিছে কোন শুদ্ধ ।

অন্য খবৰৰ বাবে পঢ়ক: নৱ বিবাহিতা মহিলাসকলৰ বাবে অৰুন্ধতী আঁচনিৰ ঘোষণা বিত্ত মন্ত্ৰীৰ

ভিডিঅ প্ৰতক্ষ্য কৰক: Govt all set to push for the contentious Citizenship Bill in the winter session of Parliament

Next Story
চাকৰি