নৱ বিবাহিতা মহিলাসকলৰ বাবে অৰুন্ধতী আঁচনিৰ ঘোষণা বিত্ত মন্ত্ৰীৰ

নৱ বিবাহিতা মহিলাসকলৰ বাবে অৰুন্ধতী আঁচনিৰ ঘোষণা বিত্ত মন্ত্ৰীৰ

নৱ বিবাহিতা মহিলাসকলৰ বাবে অৰুন্ধতী আঁচনিৰ ঘোষণা বিত্ত মন্ত্ৰীৰ । অসম চৰকাৰে ২০২০ চনৰ পহিলা জানুৱাৰীৰ পৰা কাৰ্যকৰী কৰিব অৰুন্ধতী আঁচনি । বিত্ত আৰু স্বাস্থ্য দপ্তৰৰ মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই এই আচঁনিৰ কথা সাদৰি কৰে বুধবাৰে দিছপুৰত অনুষ্ঠিত হোৱা এক সংবাদ মেলৰ জৰিয়তে। এই আচঁনিৰ বাজেটৰ বাবে ৩০০ কোটি নিৰ্ধাৰিত কৰা হৈছে। তদুপৰি আগন্তুক বিত্তীয় বৰ্ষৰ পৰা এই আচঁনিৰ বাবে ৮০০ কোটি ধাৰ্য কৰা হৈছে বুলি কয় বিত্ত মন্ত্ৰী গৰাকীয়ে। লগতে তেওঁ জনায় যে এই আচঁনি তিনি সম্পৰ্ক যুক্ত পদ্ধতি । মহিলা সবলীকৰণ আৰু বাল্য বিবাহ ৰোধ কৰায়ে এই আচঁনিৰ মূল উদ্দেশ্য বুলি মন্তব্য কৰে বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

তদুপৰি এই আঁচনিৰ বাবে ল'ৰা ছোৱালীয়ে অনলাইন যোগে আবেদন কৰিব লাগিব । লগতে ১০ দিনৰ ভিতৰতে তেওঁলোকৰ একাউণ্টত ৩০,০০০ টকা জমা হ'ব । কিন্তু তাৰ বাবে তেওঁলোকে সোণ ক্ৰয় কৰা ৰচিদ খন স্থানীয় পঞ্জীয়কৰ কাৰ্যালয়ত জমা দিব লাগিব ।

মন্ত্ৰী গৰাকীয়ে এই আচঁনিৰ বিৱৰণ দি কয় যে এই আচঁনিৰ অধীনত বিবাহৰ বাবে কইনাক এক তোলা সোণৰ মূল্য অৰ্থাৎ ৩০,০০০ টকা দিব । কিন্তু এই আঁচনিৰ সুবিধা লাভ কৰাৰ বাবে কিছুমান চৰ্ত বান্ধি দিছে অসম চৰকাৰে । দৰা কইনাই নিম্ন লিখিত ৫ টা চৰ্ত পূৰণ কৰিলেহে এই আঁচনিৰ সুবিধা লাভ কৰিব। চৰ্ত সমূহ -

১) বিবাহ " বিশেষ বিবাহ আইন ১৯৫৪ " ৰ অধীনত হ'ব লাগিব ।

২) দৰা কইনা মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হব লাগিব। অৱশ্যে চাহ বাগিচা আৰু আদিবাসী লোক সকল মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হোৱা বাধ্যতামূলক নহয়।

৩) এই আঁচনিৰ সুবিধা লাভৰ বাবে ল'ৰাৰ নুন্যতম বয়স ২১ আৰু ছোৱালীৰ নুন্যতম বয়স ১৮ হ'ব লাগিব ।

৪) লৰা ছোৱালীৰ বয়সৰ সত্যাসত্য নিৰূপণ কৰিবলৈ তেওঁলোকৰ চেবা অথবা চি বি এছ ই ৰ দ্বাৰা জাৰি কৰা এডমিট কাৰ্টত উল্লেখ থকা বয়সহে স্বীকাৰ কৰা হ'ব ।

৫) কইনা বা তেওঁৰ পিতৃৰ বছৰি আয় ৫ লাখ টকাৰ তলত হ'ব লাগিব ।

লগতে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে অসমত বছৰি প্ৰায় ৩ লাখ বিয়া হয় আৰু তাৰ ভিতৰত মাত্ৰ ৫০,০০০ বা ৬০,০০০ বিয়াহে পঞ্জীয়ন কৰা হয়। ইয়াৰ প্ৰতিকূল প্ৰভাৱ বিবাহিত মহিলা সকলৰ ওপৰত পৰে , বিশেষকৈ যি সকলৰ বিবাহ বিচ্ছেদ হয় । যদি বিবাহ পঞ্জীয়ন নহয় তেন্তে মহিলা গৰাকীয়ে আইনী প্ৰক্ৰিয়াৰে ন্যায় পোৱাত বিফল হয়। লগতে তেওঁ কয় যে এতিয়াৰ পৰা বিবাহ পঞ্জীয়ন কেৱল উপ পঞ্জীয়ন কাৰ্যালয়তে নহয় চক্ৰ বিষয়া কাৰ্যালয় আৰু মণ্ডল কাৰ্যালয়তো বিবাহ পঞ্জীয়ন কৰিব পাৰিব।

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com