Begin typing your search above and press return to search.

এপিএছচি-ৰ তদন্ত প্ৰক্ৰিয়া আৰম্ভ :অভিযুক্ত সকলে লাভ কৰিব আত্ম সুৰক্ষাৰ সুবিধা

এপিএছচি-ৰ তদন্ত প্ৰক্ৰিয়া আৰম্ভ :অভিযুক্ত সকলে  লাভ কৰিব আত্ম সুৰক্ষাৰ সুবিধা

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  20 Nov 2019 11:52 AM GMT

গুৱাহাটী: অসমৰ গুৱাহাটীস্থিত বিশেষ ন্যায়ালযত পুনৰ আৰম্ভ হব 'ধনৰ বিনিময়ত চাকৰি 'এ পি এছ চি (অসম লোক সেৱা আয়োগৰ )ৰ বিচাৰ প্ৰক্ৰিয়া।এই ক্ষেত্ৰত শেহতীয়াকৈ ন্যায়ালয়ে দিয়া নিৰ্দেশনা অনুসৰি কালেংকাৰীত জড়িত

বিভিন্ন নথি পত্ৰ সমূহ অনাৰ বাবে নিৰ্দেশ দিয়াৰ লগতে তদন্তৰ অভিযুক্ত সকলক বিচাৰ প্ৰক্ৰিয়াত আত্মৰখাৰ সুবিধা দিয়া হব।অভিযুক্ত সকলক এক মাহৰ ভিতৰত তেওঁলোকৰ নথি পত্ৰ সমূহ জমা দিয়াৰ নিৰ্দেশ দিয়া হৈছে।এই প্ৰক্ৰিয়াৰ পিছত অভিযুক্তৰ বিৰুদ্ধে অভিযোগ সমূহ উত্থাপন কৰা হব।

আনহাতে বৰ্তমান সময়ত তদন্তকাৰী বিষয়া গৰাকীয়ে ন্যায়ালয়ক সমগ্ৰ নথি পত্ৰ যোগান ধৰিছে যত প্ৰতিখন নথি পত্ৰই ১০০০পৃষ্ঠাৰ অধিক হৈছে।

আনফালে তদন্তকাৰী আৰক্ষীয়ে ৭০ গৰাকী এ চি এছ আৰু এ পি এছ ,কেলেংকাৰীত জড়িত বিষয়া কৰ্মচাৰীসকল ,নিলম্বিত এ পি এছ চি ৰ অধ্যক্ষ ৰাকেশ কুমাৰ পাল তদন্তৰ আওতাত আছে।তেওঁলোক ৭০গৰাকী অভিযুক্তক ন্যায়ালয়ৰ ফালৰ পৰা নথি দিয়া হৈছে।

আনহাতে ৰাকেশ পাল বিগত তিনি বছৰ ধৰি গুৱাহাটীৰ কাৰাগাৰত ন্যায়িক জিম্মাত আছে।ডিব্ৰুগড় আৰক্ষীয়ে ৰাকেশ পালক২০১৬ ৰ নৱেম্বৰ মাহত গ্ৰেপ্তাৰ কৰিছিল।

অন্য খবৰৰ বাবে পঢ়ক: অসমৰ কেবিনেটে অনুমোদন কৰিলে ২০২০ বৰ্ষৰ বন্ধৰ তালিকা

ভিডিঅ প্ৰতক্ষ্য কৰক: Govt all set to push for the contentious Citizenship Bill in the winter session of Parliament

Next Story
চাকৰি